নেশ্যনেল ডেস্ক, ২২ মে': উত্তৰ প্ৰদেশত লক্ষ্নৌৰ ১৫৭ গৰাকী লোকৰ সৈতে ৬০০ৰো অধিক কোৱাৰেণ্টাইনৰ সময়সীমা সম্পূৰ্ণ কৰা তবলীগি জামাতীক, স্ক্ৰীনিঙৰ পিচত শুকুৰবাৰে অব্যাহতি দিয়া হয় । এই বিষয়ে অৱগত কৰে উত্তৰ প্ৰদেশৰ এগৰাকী স্বাস্থ্য বিষয়াই ।
অতিৰিক্ত মুখ্য গৃহ সচিব অৱনীশ আৱাস্থীয়ে কয় যে, বাকী থকা জামাতীকলকো নিজ নিজ কেৱাৰেণ্টাইনৰ সময়সীমা সম্পূৰ্ণ কৰাৰ পিচত অব্যাহতি দিয়া হ'ব । আনহাতে যিসকল জামাতীয়ে ভ্ৰমণৰ নিয়ম ভংগ কৰি বৰ্তমান আৰক্ষীৰ জিম্মাত থাকিবলগীয়া হৈছে, সেইসকলক জামিন পোৱাৰ পিচতহে মুকলি কৰি দিয়া হ'ব ।
ইয়াৰোপৰি বৃহস্পতিবাৰে মীৰাটত ২৯৬ গৰাকী জামাতীক বিভিন্ন কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা অব্যাহতি দিয়া হৈছে তেওঁলোকৰ ৫০ দিনীয়া কোৱাৰেণ্টাইনৰ নিৰ্ধাৰিত সময়সীমা অতিক্ৰম কৰাৰ পিচত ।
সমাদবাদী পাৰ্টীৰ বিধায়ক ৰফিক আনচাৰীয়ে জামাতীসকলক অধিৰ সময়ৰ বাবে কোৱাৰেণ্টাইন কৰি ৰখাৰ অভিযোগ উত্থাপন কৰিছে ।
মুখ্য স্বাস্থ্য বিষয়া ৰাজকুমাৰে এই ক্ষেত্ৰত এক বিশ্লেষণ আগবঢ়ায় যে, 28 দিনীয়া কোৱাৰেণ্টাইনৰ সলনি তেওঁলোকক অধিক সময় কোনাৰেণ্টাইনত ৰখাৰ কাৰণ হৈছে, তেওঁলোকৰ অব্যাহতি সম্পৰ্কীয় নিৰ্দেশনাৰ বাবে জিলা প্ৰশাসনে অপেক্ষা কৰিবলগীয়া হৈছল আৰু কণ্ট্ৰেক ট্ৰেচিঙৰ বাবেও অধিক সময়ৰ প্ৰয়োজন হৈছিল ।