ETV Bharat / bharat

টিকটকসহ ভাৰতত নিষিদ্ধ ঘোষণা 59টা চীনা এপ

অৱশেষত ভাৰত চৰকাৰে নিষিদ্ধ ঘোষণা কৰিলে টিকটককে ধৰি বহুকেইটা চাইনীজ এপ ৷

টিকটকসহ ভাৰতত নিষিদ্ধ ঘোষণা 59টা চীনা এপ
টিকটকসহ ভাৰতত নিষিদ্ধ ঘোষণা 59টা চীনা এপ
author img

By

Published : Jun 29, 2020, 9:18 PM IST

নিউজ ডেস্ক, 29 জুন : চীনৰ সৈতে হোৱা শেহতীয়া সংঘৰ্ষৰ পিচতে ভাৰত চৰকাৰে বন্ধ কৰিলে দেশখনৰ বহুকেইটা এপ ৷

ভাৰতত নিষিদ্ধ ঘোষণা কৰা চীনৰ এপকেইটা
ভাৰতত নিষিদ্ধ ঘোষণা কৰা চীনৰ এপকেইটা

ভাৰত চৰকাৰে সোমবাৰে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে ৷ চীন দেশৰ সৰ্বমুঠ 59টা মোবাইল এপ্লিকেশ্বন ভাৰতত নিষিদ্ধ ঘোষণা কৰে কেন্দ্ৰীয় চৰকাৰে ৷ অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য প্ৰকাশ কৰা নাই যদিও টিকটককে আদি কৰি ইউচি ব্ৰাউজাৰ, হেলো, ইউচি নিউজ আদি এপসমূহ ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছে ৷

ভাৰত চৰকাৰে দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা, ভাৰত ৰাষ্ট্ৰৰ প্ৰতিৰক্ষা, দেশৰ নিৰাপত্তা আৰু নাগৰিক ব্যৱস্থাৰ প্ৰতি অনা ভাবুকিৰ বাবেই এইসমূহ এপ বন্ধ কৰিলে মোডী চৰকাৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.