ETV Bharat / bharat

শীঘ্ৰে উভতাই অনা হ'ব চীনা সৈন্যৰ হাতত বন্দী ভাৰতীয় যুৱকক: ভাৰতীয় সেনা

author img

By

Published : Sep 9, 2020, 1:39 PM IST

অৰুণাচল প্ৰদেশৰ উজনি সোৱনশিৰিৰ নাচু সীমান্তৰ পৰা চীনৰ সৈন্যই বন্দী কৰি নিয়া ৫জন ভাৰতীয় যুৱকৰ সম্ভেদ পোৱা গৈছে । এই কথা প্ৰকাশ কৰিছে তেজপুৰৰ ভাৰতীয় সেনা বাহিনীৰ জনসম্পৰ্কৰক্ষী বিষয়া লেফটেনেণ্ট জেনেৰেল হৰ্ষবৰ্ধন পাণ্ডেয়ে ।

শীঘ্ৰে উভতাই অনা হ'ব চীনা সৈন্যৰ হাতত বন্দী ভাৰতীয় যুৱকক: ভাৰতীয় সেনা
শীঘ্ৰে উভতাই অনা হ'ব চীনা সৈন্যৰ হাতত বন্দী ভাৰতীয় যুৱকক: ভাৰতীয় সেনা

নেশ্যনেল ডেস্ক, ৯ছেপ্টেম্বৰ: অৱশেষত সম্ভেদ ওলাল অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তৰ পৰা নিৰুদ্দেশ হোৱা ভাৰতীয় যুৱকৰ । যোৱা ২ ছেপ্টেম্বৰত উজনি সোৱনশিৰিৰ নাচু সীমান্তত ভুলবশত: সীমা পাৰ হোৱাত চীনৰ সৈন্যই বন্দী কৰি নিছিল ৫জন ভাৰতীয় যুৱকক । প্ৰথম অৱস্থাত চীনে এই কথা অস্বীকাৰ কৰিছিল যদিও শেহতীয়াকৈ চীনে ভাৰতীয় যুৱক কেইজন চীনতে আছে বুলি নিশ্চিত কৰিছে । এই কথা প্ৰকাশ কৰে তেজপুৰৰ ভাৰতীয় সেনা বাহিনীৰ জনসম্পৰ্কৰক্ষী বিষয়া লেফটেনেণ্ট জেনেৰেল হৰ্ষবৰ্ধন পাণ্ডেয়ে ।

এই লৈ যোৱা ৮ ছেপ্টেম্বৰত চীনৰ সেনাই ব্যক্ত কৰিছিল প্ৰতিক্ৰিয়া । ইফালে যুৱক কেইজনক ভাৰতলৈ স্থানান্তকৰণৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰা হৈছে বুলি মত প্ৰকাশ কৰে ভাৰতীয় সেনা বাহিনীৰ জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে । আনহাতে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱেও ভাৰতীয় যুৱককেইজনক উভতালৈ অনা সন্দৰ্ভত চীনৰ সৈতে যোগাযোগ কৰা হৈছে বুলি টুইট যোগে প্ৰকাশ কৰিছে । যুৱককেইজন নিৰুদ্দেশ হোৱাৰ পিছতে পৰিয়ালৰ লোকে চীনৰ সৈন্যই অপহৰণ কৰা বুলি অভিযোগ উত্থাপন কৰিছিল ।

যুৱককেইজন হৈছে ট'ছ চিংগকম, প্ৰশান্ত ৰিংলিং, ডৌংগেটু এবিয়া, তনু বাকেৰ, আৰু গাৰু ডিৰী । চিকাৰ কৰিবলৈ এটা দলৰ সৈতে জংঘললৈ গৈছিল এই যুৱককেইজন । দলটোৰ ২জন সদস্য উভতি আহে যদিও আন ৫জন নিৰুদ্দেশ হয় । ইয়াৰ পিছতে পৰিয়ালৰ লোকে চীনৰ সৈন্যই অপহৰণ কৰাৰ অভিযোগ উত্থাপন কৰে । সম্প্ৰতি যুৱক কেইজনক ভাৰতলৈ অনাৰ যোঁজা চলাইছে ভাৰতীয় সেনাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.