ETV Bharat / bharat

মধ্যপ্ৰদেশত নতুনকৈ COVID-১৯ত আক্ৰান্ত ৪৯ জন

মধ্যপ্ৰদেশত অব্যাহত আছে কৰ'ণা ভাইৰাছৰ বিভীষিকা । দিনক-দিনে বৃদ্ধি পাইছে আক্ৰান্ত-মৃতকৰ সংখ্যা । শনিবাৰৰ নিশালৈ নতুনকৈ ৫ গৰাকী লোকৰ মৃত্যু হয় । মৃতকৰ সংখ্যা ১৫৬ জনলৈ বৃদ্ধি ।

author img

By

Published : May 4, 2020, 9:46 AM IST

49 new COVID-19 patients take MP's tally to 2,837; deaths 156

মধ্যপ্ৰদেশ, ৪ মে': মধ্যপ্ৰদেশত কৰ'ণা ভাইৰাছৰ তাণ্ডৱ । ৰাজ্য়খনত নতুনকৈ পোহৰলৈ আহিছে ৪৯ টাকৈ COVID-১৯ৰ আক্ৰান্তৰ ঘটনা । ইয়াৰে উজ্জেইনৰ পৰাই ধৰা পৰিছে ৯ টাকৈ ঘটনা । ৰাজ্যখনত বৰ্তমানলৈকে ২৮৪৬ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুমুখত পৰিছে ১৫৬ গৰাকী লোক । দেওবাৰে নতুনকৈ পাঁচজন লোকৰ মৃত্যু হয় । ইয়াৰে তিনিগৰাকী উজ্জেইনৰ নিৱাসীৰ বিপৰীতে দুগৰাকী আছিল ইন্দোৰৰ ।

দেশৰ ভিতৰতেই ইন্দোৰ হৈছে COVID-১৯ৰ হটছপটৰ ভিতৰত অন্যতম । বৰ্তমানলৈ ইন্দোৰত মৃত্যু হৈছে ৭৬ গৰাকী লোকৰ । ইয়াৰ পূৰ্বে শুকুৰবাৰে নিশালৈ ইন্দোৰত নতুনকৈ ২৩ টা আক্ৰান্তৰ ঘটনা পোহৰলৈ আছিল । চহৰখনত আক্ৰান্তৰ সংখ্যা বৰ্তমানে বৃদ্ধি পাইছে ১৫৬৮ জনলৈ ।

শনিবাৰে নিশালৈ উজ্জেইনত ৯ গৰাকী, ভূপালত ৬ গৰাকী, ধাৰত ৪ গৰাকী, জৱলপুৰত ৩ গৰাকী আৰু হচানগাবাদ, পান্না, নিৱাৰী, মান্দচাওৰত ১ জনকৈ লোকৰ দেহত ধৰা পৰিছিল COVID-১৯ৰ বীজাণু । পান্না আৰু নিৱাৰী জিলা দুখনৰ বাদে দেওবাৰে প্ৰত্যেকটো স্থানত পুনৰ এজনকৈ লোকৰ দেহত ধৰা পৰে COVID-১৯ৰ অৱস্থিতি ।

বৰ্তমান মধ্যপ্ৰদেশৰ ৩৪ খন জিলা আক্ৰান্ত হৈছে COVID-১৯ ত । ৰাজ্যখনত ৭৯৮ গৰাকী ৰোগী আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে যদিও বৰ্তমানো ৰাজ্যখনত সক্ৰিয় হৈ আছে ১৮৮৩ টা ঘটনা । ইয়াৰে ৬১ গৰাকী লোকৰ অৱস্থা সংকটজনক । অৱশ্য়ে দেওবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে পূৰ্বতকৈ ৰাজ্যখনৰ পৰিস্থিতি যথেষ্ট উন্নত হৈছে বুলি উল্লেখ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.