নিউজ ডেস্ক, 2 এপ্ৰিলঃ কাশ্মীৰৰ শ্ৰীনগৰত কোৱাৰেন্টাইনত থকা 130 জনক বুধবাৰে নিজ নিজ বাসগৃহলৈ যাবলৈ অনুমতি দিয়ে স্বাস্থ্য বিভাগে ৷ COVID-19 ৰ কোনোধৰণৰ লক্ষণ নপোৱাৰ বাবেই ঘৰলৈ যাবলৈ দিয়ে ব্য়ক্তিসকলক ।
কোৱাৰেণটাইন হৈ থকা ১৩০ ৰ আটাইকেইজন এমবিবিএছ ৰ ছাত্ৰ । বাংলাদেশৰ পৰা অহাৰ পাচতে ছাত্ৰকেইজনক কোৱাৰেণ্টাইন কৰি ৰখা হৈছিল ।
উল্লেখ্য যে, ছাত্ৰকেইজনক শ্ৰীনগৰৰ বাঘৰ অঞ্চলৰ এখন হোটেলত কোৱাৰেণ্টাইন কৰি ৰখা হৈছিল ।
আনহাতে, ছাত্ৰ কেইজনে কোৱাৰেণ্টাইনত পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ বাবে আৰক্ষী বিষয়াসকলে ছাত্ৰকেইজনক কৃতজ্ঞতা জ্ঞাপন কৰে ।
উল্লেখ্য যে, জন্মু কাশ্মীৰত বৰ্তমান পৰ্যন্ত ৬২ জন ব্যক্তি COVID-19 ত আক্ৰান্ত । ইয়াৰে দুজন ব্যক্তি আৰোগ্য হোৱাৰ লগতে মৃত্যু হৈছে ২ জনৰ ।