ETV Bharat / bharat

তেলেংগানাত বিয়াৰ ঘৰৰ পৰাই চোৰে নিলে 350 গ্ৰাম সোণৰ অলংকাৰ

author img

By

Published : Dec 24, 2020, 9:37 AM IST

কইনালৈ বনোৱা বিয়াৰ গহণা কইনাক দিয়াৰ পূৰ্বেই পৰিল চোৰৰ হাতত ৷ বিয়াৰ দিনাই চোৰে নিলে কইনাৰ বাবে প্ৰস্তুত কৰা 350 গ্ৰাম সোণৰ আ-অলংকাৰ ৷ বিয়া ঘৰত হাহাকাৰ পৰিস্থিতি ৷

তেলেংগানাত বিয়াৰ ঘৰৰ পৰাই চোৰে নিলে 350 গ্ৰাম সোণৰ অলংকাৰ
তেলেংগানাত বিয়াৰ ঘৰৰ পৰাই চোৰে নিলে 350 গ্ৰাম সোণৰ অলংকাৰ

তেলেংগানা,24 ডিচেম্বৰঃ তেলেংগানাত সংঘটিত হৈছে এক দুখজনক ঘটনা ৷ জানিব পৰামতে তেলেংগানাৰ নিজামবাদ জিলাৰ ডিৰপল্লী অঞ্চলৰ এখন বিয়াৰ পৰা চোৰে লুটি নিলে মুঠ 350 গ্ৰাম ওজনৰ সোণৰ আ অলংকাৰ ৷ বুধবাৰে সংঘটিত হয় এই ঘটনা ৷ দৰা তেলেংগানাৰ আছিল আৰু কইনাৰ ঘৰ মহাৰাষ্ট্ৰৰ ৷

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে

উল্লেখ্য যে, কইনাৰ বাবে প্ৰদান কৰা গহণা খিনি এটা বেগত থোৱা আছিল ৷ বিয়াৰ অনুষ্ঠান চলি থকাৰ মাজতে দুজন যুৱক বিয়াৰ মঞ্চত প্ৰৱেশ কৰিছিল ৷ সেই যুৱক দুজনেই বিয়াৰ গহণা সমূহ থকা বেগটো চুৰি কৰি লৈ যায় ৷ পিচত পৰিয়ালৰ লোকে গহণাৰ বেগটো বিচাৰি নাপায় স্থানীয় আৰক্ষীক খবৰ দিয়ে ৷ গহণাৰ বেগ হেৰুৱাৰ পিচতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় বিয়াঘৰত ৷ আনহাতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চিচি টিভিৰ ফুটেজ সংগ্ৰহ কৰি তদন্ত অব্যাহত ৰাখিছে ৷

লগতে চাওকঃ পুনৰ 'কা' বিৰোধী প্ৰতিবাদত উত্তাল মুখ্যমন্ত্ৰীৰ গৃহ চহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.