ETV Bharat / bharat

মহাৰাষ্ট্ৰত ২৪ ঘণ্টাত ৩১ গৰাকী কয়দীৰ কোভিড-১৯ পজিটিভ

author img

By

Published : Jul 5, 2020, 3:12 PM IST

মহাৰাষ্ট্ৰত ২ লাখ অতিক্ৰম কৰিছে কোভিড-১৯ ৰোগীৰ সংখ্যাই । সম্প্ৰতি ৮৩,২৯৫ গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত থকাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে ১,০৮,০৮২ গৰাকী লোকে।

কোভিড-১৯ পজিটিভ
34 new COVID-19 cases reported from Maharashtra jails in last 24 hours

নিউজ ডেস্ক, ৫ জুলাইঃ বিগত ২৪ ঘণ্টাত মহাৰাষ্ট্ৰত কোভিড-১৯ত আক্ৰান্ত হৈছে ৩৪ গৰাকী কয়দী তথা কাৰাগাৰত কৰ্মৰত লোক। ইয়াৰে ৩১ গৰাকী কয়দী আৰু ৩ গৰাকী কাৰাগাৰত কৰ্মৰত লোক বুলি জানিব পৰা গৈছে ।

বৰ্তমানলৈ ৰাজ্যখনত মুঠ ৪১৫ গৰাকী কয়দী আৰু ১৬২ গৰাকী কাৰাগাৰত কৰ্মৰত লোকৰ দেহত কোভিড-১৯ৰ উপস্থিতি লাভ কৰা গৈছে । বিভাগীয় কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি ইয়াৰে ২৮১ গৰাকী কয়দী আৰু ৯০ গৰাকী কৰ্মচাৰী সুস্থ হৈ উঠিছে । আনহাতে, এই মহামাৰীৰ ফলত ৪ গৰাকী কয়দী মৃত্যুমুখত পৰিছে।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰণালয়ৰ তথ্য অনুসৰি মহাৰাষ্ট্ৰত ২ লাখ অতিক্ৰম কৰিছে কোভিড-১৯ ৰোগীৰ সংখ্যাই । সম্প্ৰতি ৮৩,২৯৫ গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত থকাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে ১,০৮,০৮২ গৰাকী লোকে । লগতে, কোভিড-১৯ ৰ ফলত ৮,৬৭১ গৰাকী ৰোগীৰ মৃত্য হৈছে । উল্লেখ্য যে, দেশৰ ভিতৰত মহাৰাষ্ট্ৰতেই সৰ্বাধিক লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.