নিউজ ডেস্ক, 21 মে': প্ৰায় 300 নাৰ্ছে নিজৰ চাকৰিৰ পৰা পদত্যাগ কৰি কলকাতা এৰে । এই কথা অৱগত কৰে কলকাতা মণিপুৰ ভৱনৰ উপ আৱাস আয়ুক্ত জে এচ জৰিতাই ।
বিষয়া গৰাকীয়ে লগতে কয়- "কাইলৈৰ ভিতৰত আৰু 60 গৰাকী নাৰ্ছে কলকাতা এৰিব । মণিপুৰ যাবলৈ বিছৰা বহু লোকৰ ফোন কল আমি পাইছো ।"
পূৰ্বতে কলকাতাৰ হাস্পতালৰ পৰা 185 গৰাকী নাৰ্ছে চাকৰি ত্যাগ কৰি ইম্ফললৈ গৈছিল ।
ক্ৰিষ্টিলা নামৰ এগৰাকী নাৰ্ছে প্ৰকাশ কৰা অনুসৰি তেওঁলোক চাকৰি ত্যাগ কৰি মুঠেও সুখী নহয় । কিন্তু তেওঁলোকে তাত সামাজিক বৈষম্যৰ বলি হৈছে , আনকি কেতিয়াবা কোনো লোকে তেওঁলোকৰ গাত থুৱাই দিয়ে বুলিও জনাইছে । ইফালে PPE কীট নথকা বাবেও সকলোতে তেওঁলোকক প্ৰশ্ন কৰে ।
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ ৱেবছাইটত উপলব্ধ শেহতীয়া তথ্য অনুসৰি পশ্চিমবংগত 2961 টা COVID-19 কেছ পঞ্জীকৃত হৈছে, আৰু 250 গৰাকীৰ মৃত্যু হৈছে ।