নেশ্যনেল ডেস্ক, 28 এপ্ৰিল : মঙলবাৰে হাৰিয়ানাৰ আম্বালা চহৰৰ ওচৰৰ এখন গাঁৱত স্বাস্থ্য কৰ্মীক আক্ৰমণ কৰাৰ বাবে 30 জন লোকক গ্ৰেপ্তাৰ কৰা হয় ৷ ঘটনাৰ বিৱৰণী অনুসৰি, সোমবাৰে চান্দুপুৰা জিলাত COVID-19 ত আক্ৰান্ত হৈ এগৰাকী মহিলাৰ মৃত্যু হৈছিল ৷ মহিলাগৰাকীৰ অন্তোষ্টিক্ৰিয়াৰ সময়ত কিছুসংখ্যক লোকে আৰক্ষী আৰু স্বাস্থ্য কৰ্মীক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল ৷
মহিলাগৰাকীক সেই স্থানত অন্তোষ্টিক্ৰিয়া কৰিলে ভাইৰাছৰ সংক্ৰমণ হ'ব বুলি আতংকিত হৈ এনেদৰে আক্ৰমণ কৰে লোকসকলে ৷ তেওঁলোকে আৰক্ষী আৰু স্বাস্থ্য কৰ্মীলৈ শিল আৰু ইটা নিক্ষেপ কৰিছিল ৷ এই আক্ৰমণৰ ফলত বহু কেইজন আৰক্ষী জোৱান আৰু উপ আৰক্ষী অধীক্ষক আঘাতপ্ৰাপ্ত হৈছিল ৷
উল্লেখ্য যে, আম্বালাৰ চিভিল হাস্পতালত COVID-19 ত আক্ৰান্ত হৈ মহিলাগৰাকীৰ মৃত্যু হৈছিল ৷ আক্ৰমণকাৰী কেইজনৰ বিৰুদ্ধে মহামাৰী ৰোগ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ৷