নিউজ ডেস্ক, 8 এপ্ৰিলঃ কেন্দ্ৰীয় শাসিত জম্মু-কাশ্মীৰ আৰু লাডাখৰ যুটীয়া উচ্চ ন্যায়ালয়ত শপতগ্ৰহণ কৰে তিনিগৰাকীকৈ ন্যায়াধীশে ৷ ন্যায়াধীশ বিনোড চেটাৰ্জী কৌল, ন্যায়াধীশ সঞ্জয় ঢাৰ আৰু ন্যায়াধীশ পুনিত গুপ্তাই মঙলবাৰে এইদৰে শপতগ্ৰহণ কৰে ৷ জম্মুত অনুষ্ঠিত হোৱা শপতগ্ৰহণ অনুষ্ঠানত ৰাজ্যপালৰ উপস্থিতিত শপতবাক্য পাঠ কৰে তিনিওগৰাকী স্থায়ী ন্যায়াধীশে ৷
উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ ন্যায়াধীশসকলে এই শপতগ্ৰহণ অনুষ্ঠানত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে অংশগ্ৰহণ কৰে ৷ কোভিড-19ৰ বাবে সমগ্ৰ দেশত চলি থকা লকডাউন আৰু সামাজিক দুৰত্ব বৰ্তাই ৰাখিবলৈ এইদৰে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ন্যায়াধীশসকলে শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ তিনিওগৰাকী ন্যায়াধীশৰে নিযুক্তিপত্ৰসমূহ উচ্চ ন্যায়ালয়ৰ মহা পঞ্জীয়ক জাৱাদ আহমেদে পাঠ কৰি দিয়াৰ পিচতেই শপতগ্ৰহণ অনুষ্ঠান আৰম্ভ হয় ৷
জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ত সৰ্বমুঠ 17 গৰাকী ন্যায়াধীশ আছে ৷ ইয়াৰে ভিতৰত 13গৰাকী স্থায়ী আৰু চাৰিগৰাকী অতিৰিক্ত ন্য়ায়াধীশ আছে ৷
জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ পূৰ্ণকালীন ন্যায়াধীশ হিচাপ নিযুক্তি পোৱাৰ পূৰ্বে ন্যায়াধীশ কৌলে বিক্ৰী কৰ ন্যায়াধীকৰণৰ অধ্যক্ষ হিচাপে কৰ্মৰত আছিল ৷ আনহাতে ন্যায়াধীশ ঢাৰ উচ্চ ন্যায়ালয়খনৰ মহা-পঞ্জীয়ক আৰু ন্যায়াধীশ গুপ্তাই বিশেষ ন্যায়াধীকৰণৰ সদস্য হিচাপে কৰ্মৰত আছিল ৷