ETV Bharat / bharat

আট্টাৰি-বাঘা সীমান্তৰে ভাৰতত উপস্থিত ২৫০ জনীয়া দলৰ

ভাৰতত চলা লক ডাউনৰ পূৰ্বেই পাকিস্তানত আৱদ্ধ হৈ পৰা জম্মু-কাশ্মীৰৰ ২৫০ জনীয়া এটি দলে বৃহস্পতিবাৰে আট্টাৰি-বাঘা সীমান্ত হৈ ভাৰতত উপস্থিত হয় । সীমান্তত উপস্থিত হোৱা এই দলটোক জম্মুলৈ পুনৰ ঘূৰাই আনিবলৈ জম্মু প্ৰশাসনে বৃহস্পতিবাৰে প্ৰেৰণ কৰে এটি বিশেষ দল ।

author img

By

Published : Jun 26, 2020, 11:29 AM IST

আট্টাৰি-বাঘা সীমান্ত
আট্টাৰি-বাঘা সীমান্তৰে ভাৰতত উপস্থিত ২৫০ জনীয়া দলৰ

নিউজ ডেস্ক, ২৬ জুনঃ জম্মু-কাশ্মীৰৰ ২৫০ জনীয়া এটি দলে বৃহস্পতিবাৰে অমৃতসৰৰ আট্টাৰি-বাঘা সীমান্ত হৈ ভাৰতত উপস্থিত হয় । অমৃতসৰৰ এছডিএছ-২ৰ বিষয়া শিৱৰাজ সিঙে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰা অনুসৰি ৭৪৮ গৰাকী ভাৰতীয়ই পাকিস্তানৰ পৰা নিজ দেশলৈ ঘূৰি আহিবলৈ ইতিমধ্যে পঞ্জীয়ন কৰে । যাৰ ভিতৰত ২৫০ গৰাকী লোকে বৃহস্পতিবাৰে উভতি আহে বুলি সদৰি কৰে ।

লগতে তেখেতে কয় যে, বৃহস্পতিবাৰে ২৫০ গৰাকী লোক উভতি আহে আৰু ২৪৮ গৰাকী লোকৰ এটি দল শুকুৰবাৰে সন্ধিয়ালৈ আহি উপস্থিত হ'ব ।

উল্লেখ্য যে, বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা মহামাৰী কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবেই সমগ্ৰ ভাৰতত চলা লক ডাউনৰ ফলতেই ভাৰতৰ সীমান্তৱৰ্তী ৰাষ্ট্ৰ পাকিস্তানকে ধৰি অন্য ৰাষ্ট্ৰসমূহৰ সীমান্ত ছীল কৰি দিয়ে ভাৰত চৰকাৰে । যাৰ ফলত লক ডাউনৰ পূৰ্বে পাকিস্তানৈ যোৱা ৭৪৮ গৰাকী ভাৰতীয় পাকিস্তানত আৱদ্ধ হৈ পৰে । এই আৱদ্ধ হৈ থকা লোকসকলে বিগত তিনিদিন ধৰি দল বান্ধি আট্টাৰি-বাঘা সীমান্তৰে ভাৰতত উপস্থিত হয় বুলি জানিবলৈ দিয়ে ।

আনহাতে, বৃহস্পতিবাৰে পাকিস্তানৰ পৰা ভাৰতলৈ ঘূৰি অহা ২৫০ জনীয়া দলটোক আনিবলৈ জম্মু-কাশ্মীৰৰ প্ৰশাসনৰ তৰফৰ পৰা এটি বিশেষ দল প্ৰেৰণ কৰে । এই দলটো জম্মুত উপস্থিত হোৱাৰ পাচতে কোৱাৰেণ্টাইন কেন্দ্ৰত ৰখা হ'ব বুলিও উল্লেখ কৰে ।

লগতে পঢ়ক : দিল্লীত ঘৰতে হ'ব ক'ৰণাৰ চিকিৎসা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.