ETV Bharat / bharat

পাকিস্তানত আৱদ্ধ ২০৮ ব্যক্তি উপস্থিত আট্টাৰি-ৱাঘা সীমান্তত

লক ডাউনৰ পূৰ্বে পাকিস্তানলৈ গৈ আৱদ্ধ হৈ থকা ২০৮ গৰাকী ব্যক্তি শনিবাৰে অমৃতসৰৰ আট্টাৰি-ৱাঘা সীমান্ত হৈ ভাৰতত উপস্থিত হয় বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে । পাকিস্তানত আৱদ্ধ হৈ পৰা ৭৪৮ গৰাকী ভাৰতীয়ই পাকিস্তানৰ পৰা নিজ দেশলৈ ঘূৰি আহিবলৈ পঞ্জীয়ন কৰে বুলিও সদৰি কৰে ।

author img

By

Published : Jun 28, 2020, 12:10 PM IST

কৰ'ণা ভাইৰাছ
পাকিস্তানত আৱদ্ধ ২০৮ গৰাকী ব্যক্তি উপস্থিত আট্টাৰি-বাঘা সীমান্তত

নিউজ ডেস্ক, ২৮ জুনঃ শনিবাৰে পঞ্জাৱৰ অমৃতসৰৰ আট্টাৰি-ৱাঘা সীমান্ত হৈ ভাৰতত উপস্থিত হয় ২০৮ গৰাকী ব্যক্তি । মহামাৰী কৰ'ণাৰ বাবেই সমগ্ৰ দেশজুৰি চলা লক ডাউনৰ পূৰ্বে পাকিস্তানলৈ গৈ আৱদ্ধ হৈ পৰিছিল ব্যক্তিকেইগৰাকী ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও জম্মু-কাশ্মীৰৰ ২৫০ জনীয়া এটি দল ২৫ জুনত অমৃতসৰৰ আট্টাৰি-ৱাঘা সীমান্ত হৈ ভাৰতত উপস্থিত হয় । অমৃতসৰৰ এছডিএছ-২ৰ বিষয়া শিৱৰাজ সিঙে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰা অনুসৰি ৭৪৮ গৰাকী ভাৰতীয়ই পাকিস্তানৰ পৰা নিজ দেশলৈ ঘূৰি আহিবলৈ ইতিমধ্যে পঞ্জীয়ন কৰে । যাৰ ভিতৰত ২৫০ গৰাকী লোকে ২৫ জুনত উভতি আহে বুলি সদৰি কৰে ।

তাৰোপৰি ২৫ জুনত আট্টাৰি-ৱাঘা সীমান্তৰে ২৫০ গৰাকী লোক উভতি অহাৰ উপৰিও ২৬ জুনতো পুনৰ ২৪৮ গৰাকী লোকৰ এটি দল আহি আট্টাৰি-ৱাঘা সীমান্তত উপস্থিত হয় ।

উল্লেখ্য যে, বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা মহামাৰী কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবেই সমগ্ৰ ভাৰতত চলা লক ডাউনৰ ফলতেই ভাৰতৰ সীমান্তৱৰ্তী ৰাষ্ট্ৰ পাকিস্তানকে ধৰি অন্য ৰাষ্ট্ৰসমূহৰ সীমান্ত ছীল কৰি দিয়ে ভাৰত চৰকাৰে । যাৰ ফলত লক ডাউনৰ পূৰ্বে পাকিস্তানৈ যোৱা ৭৪৮ গৰাকী ভাৰতীয় পাকিস্তানত আৱদ্ধ হৈ পৰে । এই আৱদ্ধ হৈ থকা লোকসকলে বিগত তিনিদিন ধৰি দল বান্ধি আট্টাৰি-ৱাঘা সীমান্তৰে ভাৰতত উপস্থিত হয় বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক : প্ৰেয়সীক অশালীন মন্তব্য কৰাৰ বাবেই আত্মহত্যা যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.