গুৱাহাটী, ১৯ জুনঃ শুকুৰবাৰে পুনৰ হাস্পতালৰ পৰা মুকলি কৰি দিয়া হয় ৰাজ্যৰ মুঠ ১৯১ গৰাকী ৰোগীক। কোভিড-১৯ ত আক্ৰান্ত হৈ ৰাজ্যৰ কেইবাখনো হাস্পতালত চিকিত্সাধীন হৈ আছিল এইসকল ৰোগী। সম্প্ৰতি দেশত ৩,০৩৯ গৰাকীকৈ বৃদ্ধি পাইছে মুঠ আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে প্ৰকাশ কৰে এই তথ্য।

এইপৰ্যন্ত ৰাজ্যত মুঠ ৪,৯০৪ গৰাকী লোকৰ দেহত পোৱা গৈছে কৰ'ণা ভাইৰাছৰ উপস্থিতি। শুকুৰবাৰৰ দিনটোতে মুঠ ২১৮ গৰাকী ব্যক্তিৰ কোভিড-১৯ পজিটিভ পোৱা গৈছে। বৰ্তমান ৰাজ্যৰ কৰ'ণা আক্ৰান্ত মুঠ ৪,৯০৪ গৰাকী লোকৰ ভিতৰত চিকিত্সাধীন অৱস্থাত আছে ১,৮৫৩ গৰাকী ৰোগী। আনহাতে, ৰাজ্যখনত এই মহামাৰীৰ ফলত মৃত্যুমুখত পৰিছে ৯ গৰাকীকৈ লোক। স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, কোভিড-১৯ত আক্ৰান্ত হৈ অসমত চিকিত্সাধীন অৱস্থাত থকা ৰোগীৰ তুলনাত আৰোগ্য লাভ কৰাৰ ৰোগীৰ হাৰ অধিক।
উল্লেখ্য যে, ৰাজ্যত মুঠ ১১ টা পৰীক্ষা কেন্দ্ৰত কোভিড-১৯ৰ নমুনা পৰীক্ষা কৰা হয়। বৰ্তমানলৈকে ৰাজ্যজুৰি মুঠ ২,৫৮,৭৯৭ গৰাকী লোকৰ পৰীক্ষা সম্ভৱ হৈ উঠিছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা অনুসৰি, ১৮ জুন অৰ্থাত্ বৃহস্পতিবাৰলৈকে মুঠ ২,৪৬,৫৯০ গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হৈছিল । এদিনত ১২,০০০ লোকৰ কোভিড-১৯ পৰীক্ষা সম্ভৱ কৰি তোলাৰ বাবে এই কাৰ্যত জড়িত লোকসকলক ধন্যবাদ প্ৰদান কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।
লগতে পঢ়কঃ কৰ'ণাত আক্ৰান্ত মহানগৰীৰ মালিগাঁৱৰ এগৰাকী দন্ত চিকিৎসক