নিউজ ডেস্ক, 12 নৱেম্বৰঃ পবিত্ৰ কাৰ্তিক পূৰ্ণিমা উপলক্ষে সমগ্ৰ দেশতে ভক্তিৰ ৰসত ডুব গৈছে ভক্তপ্ৰাণ ৰাইজ ৷ ইয়াৰ মাজতে মঙলবাৰে বিহাৰত সংঘটিত হয় শোকাৱহ ঘটনা ৷ বিহাৰৰ বিভিন্ন জিলাত কাৰ্তিক পূৰ্ণিমা উপলক্ষে গংগাত স্নান কৰিবলৈ গৈ মৃত্যুক সাৱটিলে 19 গৰাকীকৈ ভক্তই ৷ বিপৰীতে নিৰুদ্দিষ্ট আন কেইবাগৰাকীও ভক্ত ৷ নিৰুদ্দিষ্ট ভক্তসকলৰ উদ্ধাৰ অভিযানত ব্যস্ত এন ডি আৰ এফ( NDRF) বাহিনী ৷
নালন্দাত স্নান কৰিবলৈ গৈ মৃত্যুক সাৱটি লয় তিনিগৰাকীকৈ যুৱতীয়ে ৷ ঘটনাস্থলীত আৰক্ষী আৰু এন ডি আৰ এফ বাহিনীৰ দল উপস্থিত হৈ উদ্ধাৰ কৰে আটাইকেইগৰাকী যুৱতীৰ মৃতদেহ ৷
লগতে পঢ়কঃ মহাৰাষ্ট্ৰত বলবৎ ৰাষ্ট্ৰপতি শাসন
আনহাতে, বিহাৰৰ সীতামঢ়ীত কাৰ্তিক পূৰ্ণিমা উপলক্ষে গংগাত গা-ধুবলৈ গৈ চাৰিজনৰ মৃত্যু হোৱাৰ লগতে নিৰুদ্দিষ্ট আন দুজন ৷ নিৰুদ্দিষ্ট দুজনৰ উদ্ধাৰ অভিযানত ব্যস্ত NDRF বাহিনী ৷
আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা আছে ৷