নিউজ ডেস্ক, 22 অক্টোবৰ: কানাডা নিৰ্বাচনত অভিলেখ সংখ্যক আসন দখল কৰিলে ভাৰতীয় মূলৰ নাগৰিকে ৷ নৱ নিৰ্বাচিত মুঠ 19 টাকৈ সাংসদ হৈছে ভাৰতীয় মূলৰ ৷ য’ত 13 জন ট্ৰুডেওছ দলৰ (Trudeau's Government) সদস্য থকাৰ বিপৰীতে জাগমিত সিং হৈছে একমাত্ৰ এনডিপি আৰু চাৰিগৰাকী কঞ্জাৰভেটিভ দলৰ (Conservative Party) পাঞ্জাৱী সাংসদ ৷
জয় লাভ কৰা ভাৰতীয় মূলৰ সাংসদ সমূহ হৈছে-
লিবাৰেল পাৰ্টী:
- হৰজিৎ সিং ছাজ্জন
- ৰানদ্বীপ সিং ছাৰাই
- সুখ ডালিৱাল
- নভদ্বীপ সিং বাইনছ
- গগণ শিকাণ্ড
- ৰামেশ্বৰ সিং শংঘা
- মানিণ্ডে সিং সিদ্ধু
- কামাল খেৰা
- ৰুবি চাহতা
- ছনিয়া সিদ্ধু
- বাৰদিছ চাগৰ
- ৰাজ চাইনি
- অঞ্জু ধিলন
এনডিপি:
- জাগমিত সিং
কঞ্জাৰভেটিভ পাৰ্টী:
- টিম সিং উপাল
- জাছৰাজ সিং হালান
- জগ শ্বাহ’টা
- বব ছাৰয়া
এই নিৰ্বাচনত জাষ্টিন ট্ৰুডেও’ছৰ লিবাৰেল পাৰ্টীয়ে 157 টা দখল কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে 122 টা আসন লাভ কৰিবলৈ সক্ষম হয় কঞ্জাৰভেটিভ পাৰ্টীয়ে ৷ আনহাতে জগমিত সিঙৰ দল এডিপিয়ে মুঠ 24 টা আসন লাভ কৰিবলৈ সক্ষম হয় ৷ বৰ্তমান লিৱাৰেল পাৰ্টীৰ জাষ্টিন ট্ৰুডেও কানাডাৰ পৰ্ৰৱতী প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ’ব ৷ উল্লেখ্য যে,কানাডা নিৰ্বাচনত মুঠ 338 টা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল ৷ যাৰ বাবে চৰকাৰ গঠন কৰিবলৈ সংখ্যা গৰিষ্ঠ 170 টা আসন লাভ কৰাৰ প্ৰয়োজন ৷ বৰ্তমানো কোনো এটা দলে সংখ্যা গৰিষ্ঠ আসন লাভ কৰা নাই যদিও জাষ্টিন ট্ৰুডেওৱেই পুনৰ কাৰ্যভাৰ গ্ৰহণ কৰিব সেয়া নিশ্চিত ৷