ETV Bharat / bharat

Bharat Jodo Yatra in Punjab: দলীয় কৰ্মী অনুৰাগীৰে পাঞ্জাৱত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা - পঞ্জাৱত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা

আজিৰে পৰা পাঞ্জাৱত আৰম্ভ হ’ল ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা (Bharat Jodo Yatra started in Punjab)। শম্ভূ সীমান্তৰে প্ৰৱেশৰ পাছত যুৱ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত পুৱা যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে ফাতেহগড় চাহাবৰ গুৰদ্বাৰাত জনালে প্ৰণাম ।

Bharat Jodo Yatra in Punjab
দলীয় কৰ্মী অনুৰাগীৰে সৈতে পঞ্জাৱত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা
author img

By

Published : Jan 11, 2023, 10:46 AM IST

নেশ্যনেল ডেস্ক, 11 জানুৱাৰী: ৰাহুল গান্ধীৰ নেতৃত্বত সমগ্ৰ ভাৰত জুৰি আৰম্ভ হোৱা কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাই মংগলবাৰে প্ৰৱেশ কৰে পাঞ্জাৱত (Bharat Jodo Yatra started in Punjab) ৷ ৰাহুল গান্ধীৰ নেতৃত্বত বুধবাৰৰ পুৱাই ৰাজ্যখনত আৰম্ভ হয় ভাৰত জোড়ো যাত্ৰা ৷ ৭ বজাৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰথমে ফাতেহগড় চাহিব গুৰুদ্বাৰত প্ৰণাম জনায় (Congress leader Rahul Gandhi)৷

তাৰ পাছত পুৱা ৭:৫০ মিনিটত ছিৰহিন্দৰ ডানা মণ্ডিত হাৰিয়ানাৰ কংগ্ৰেছ নেতাসকলে পাঞ্জাৱৰ কংগ্ৰেছ নেতাসকলক পতাকা অৰ্পণ কৰাৰ পাছত পুৱা ৮:২০ বজাৰ পৰা যাত্ৰা আৰম্ভ হয় (Punjab congress in Bharat Jodo Yatra) । পুৱা ৮:২০ বজাত ভাৰত জোড়ো যাত্ৰা আৰম্ভ হোৱাৰ পাছত কাৰ্যসূচী অনুলৰি পুৱা ১১:৩০ বজাত পুৱাৰ আহাৰ গ্ৰহণ কৰা হ’ব ৷ পুনৰ মন্দি-গোবিন্দগড়ৰ খালছা বিদ্যালয়ৰ খেলপথাৰৰ পৰা ৩:৩০ বজাত আৰম্ভ হ’ব ভাৰত জোড়ো যাত্ৰা । ৰাহুল গান্ধীৰ লগতে পাঞ্জাৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতি অমৰিন্দৰ সিং ৰাজা ৱাৰিং (MLA Amrinder Singh Raja Warring) , কংগ্ৰেছ নেতা প্ৰতাপ সিং বাজৱাকে ধৰি অন্যান্য কংগ্ৰেছ নেতা উপস্থিত থাকিব এই যাত্ৰাত ।

মঙলবাৰে ৰাহুল গান্ধীয়ে পাঞ্জাৱত প্ৰৱেশ কৰিয়েই গুৰু নগৰ অমৃতসৰৰ শ্ৰী হৰিমন্দিৰ চাহাবত উপস্থিত হৈ প্ৰণাম জনায় । সেই সময়ত ৰাহুল গান্ধীয়ে পৰিধান কৰিছিল এটি কেশৰ ৰঙৰ পাগুৰি । প্ৰণাম জনোৱাৰ পিছত ৰাহুল গান্ধীয়ে এক টুইটযোগে সত শ্ৰী অকল বুলি স্মৰণ কৰি কয় যে, গুৰুৰ দুৱাৰত তথা শ্ৰী হৰমন্দিৰ চাহাবত উপস্থিত হৈ মানৱীয় মূল্যবোধৰ প্ৰতি বিশ্বাস আৰু গভীৰ ৰূপত প্ৰকট হৈ পৰে ৷

পাঞ্জাৱত আজিৰে পৰা আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰা আগন্তুক ১৩ জানুৱাৰীৰ লোহৰীৰ দিনা বন্ধ থাকিব বুলি জানিবলৈ পৰা গৈছে । সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ৰাজা ৱাৰিঙে কয় যে, ভাৰত জোড়ো যাত্ৰাক আদৰিবলৈ তথা সুচাৰুৰূপে পৰিচালনা কৰি নিবলৈ পাঞ্জাৱ কংগ্ৰেছে গঠন কৰিছে ১৯ খনকৈ সমিতি । এই সমিতিসমূহত ৰাজ্যখনৰ সকলো জ্যেষ্ঠ নেতাক গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰা হৈছে বুলি উল্লেখ কৰে ৰাজা ৱাৰিঙে ।

ভাৰত জোড়ো যাত্ৰা পাঞ্জাৱত ৭ দিন পৰ্যন্ত চলাৰ অন্তত পাঠানকোট হৈ জম্মু-কাশ্মীৰত প্ৰৱেশ কৰিব বুলি জানিবলৈ পৰা গৈছে ।

উল্লেখ্য যে, 7 ছেপ্তেম্বৰৰ দিনা তামিলনাডুৰ কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা এই ভাৰত জোড়ো যাত্ৰাই ইতিমধ্যে তামিলনাডু, অসম, কেৰালা, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, ৰাজস্থান, দিল্লী, উত্তৰ প্ৰদেশ, হাৰিয়ানাত প্ৰৱেশ কৰি আগুৱাই গৈ আছে । চলিত মাহৰ 30 জানুৱাৰীৰ দিনা অন্ত পৰিব এই ভাৰত জোড়ো যাত্ৰাৰ ৷

লগতে পঢ়ক : Court sentences Gujarat cop life imprisonment: পত্নী-কন্যাৰ হত্যাৰ অপৰাধত এজন জোৱানক যাৱজ্জীৱন কাৰাদণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.