ETV Bharat / bharat

ৰাম মন্দিৰৰ বাবে এটা ৪০০ কেজি ওজনৰ তলা প্ৰস্তুত - Ram devotee Temple huge lock

Ram Mandir huge lock gift : আলিগড়ৰ ৰামভক্ত সত্য প্ৰকাশ শৰ্মা আৰু তেওঁৰ পত্নীয়ে মিলি ৰাম মন্দিৰৰ বাবে এটা বিশাল তলা প্ৰস্তুত কৰিছিল । এইটোৱেই বিশ্বৰ আটাইতকৈ ডাঙৰ তলা বুলি দাবী কৰা হৈছে । কিন্তু সত্য প্ৰকাশ শৰ্মাৰ মৃত্যুৰ পাচত এতিয়া তেওঁৰ পত্নী নিৰঞ্জনী অখাড়াৰ ইচ্ছা পূৰণ কৰিব মহামণ্ডলেশ্বৰে ।

Aligarh 400 kg lock
শ্ৰীৰামক উপহাৰ দিবলৈ ৪০০ কেজি ওজনৰ তলা প্ৰস্তুত
author img

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 6:39 PM IST

নেশ্যনেল ডেস্ক, ১৬ নৱেম্বৰ : উত্তৰ প্ৰদেশৰ এটা দম্পতীয়ে শ্ৰীৰামক উপহাৰ দিবলৈ ৪০০ কেজি ওজনৰ তলা প্ৰস্তুত কৰি আছিল । তেওঁলোকৰ ইচ্ছা আছিল যে এবাৰ ৰাম মন্দিৰ নিৰ্মাণ হ’লেই এই তলাটো অযোধ্যালৈ লৈ যাব । কিন্তু সত্য প্ৰকাশ শৰ্মাৰ মৃত্যুৰ পাচত তেওঁৰ ইচ্ছা অনুসৰিয়েই পত্নীয়ে সেই তলাটো নিৰঞ্জনী অখাড়েৰ মহামণ্ডলেশ্বৰৰ হাতত তুলি দিয়ে । তলাটোৰ বাকী থকা কাম সম্পূৰ্ণ হ’লেই অযোধ্যালৈ প্ৰেৰণ কৰা হ’ব বুলি জানিব পৰা গৈছে ৷

জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ সুৰেন্দ্ৰ নগৰৰ বাসিন্দা সত্য প্ৰকাশ শৰ্মাই সম্পূৰ্ণ নিষ্ঠাৰে ৰামলালাৰ বাবে ৪০০ কেজি ওজনৰ বিশাল তলা প্ৰস্তুত কৰিছিল । এইক্ষেত্ৰত তেওঁৰ পত্নী ৰুক্মিণী দেৱীয়েও সহযোগিতা আগবঢ়াইছিল । সত্য প্ৰকাশ শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক সাক্ষাৎ কৰিছিল ।

তেওঁৰ বিশেষ দক্ষতাক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়েও । ২২ জানুৱাৰীৰ পূৰ্বে এই বিশাল তলাটো অযোধ্যা ৰাম মন্দিৰক গতাই দিব বিচাৰিছিল । প্ৰায় দুই লাখ টকা খৰচ হৈছিল তলা নিৰ্মাণৰ কামত । তলাটোত ভগৱান ৰামৰ ছবিও খোদিত কৰা হৈছিল । এই বিশেষ তলাটোক লৈও ৰামভক্তসকল অতিশয় উৎসাহিত হৈ পৰিছিল ।

ইফালে, ২০২৩ চনৰ ১১ ডিচেম্বৰত হৃদক্ৰিয়া বন্ধ হৈ হঠাৎ সত্য প্ৰকাশ শৰ্মাৰ মৃত্যু হয় । ফলত তেওঁৰ ইচ্ছা পূৰণ নহ’ল । সেয়ে স্বামীৰ শেষ ইচ্ছা পূৰণৰ বাবে সোমবাৰে ৰুক্মিণী দেৱীয়ে নিৰঞ্জনী আখৰাৰ মহামণ্ডলেশ্বৰ আৰু হিন্দু মহাসভাৰ ৰাষ্ট্ৰীয় সম্পাদক ডাঃ অন্নপূৰ্ণা ভাৰতীপুৰীক এই তলা অৰ্পণ কৰে ।

তেওঁ কয় যে স্বামীৰ মৃত্যুৰ পিচত এতিয়া এই তলাৰ বাকী থকা কাম সম্পূৰ্ণ কৰিবলৈ তেওঁ সক্ষম হোৱা নাই । গতিকে লৈ যাওক, ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ কৰি অযোধ্যালৈ লৈ যাব ৷ অনুগ্ৰহ কৰি তেওঁৰ স্বামীৰ ইচ্ছা পূৰণ কৰক । মহামণ্ডলেশ্বৰে তেওঁক বাকী থকা কামবোৰ সম্পূৰ্ণ কৰি অযোধ্যালৈ লৈ যোৱাৰ আশ্বাস দিয়ে ।

২২ তাৰিখে অনুষ্ঠিত হ'বলগীয়া প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীলৈ মহামণ্ডলেশ্বৰে নিজেই গৈ দি থৈ আহিব বুলি উল্লেখ কৰে । অৱশ্যে তলাটোৰ বহু কাম এতিয়াও বাকী আছে । ইতিমধ্যে তলাটো সম্পূৰ্ণ কৰিবৰ বাবে কৰ্মচাৰী নিয়োগ কৰা হৈছে । দিন ৰাতিয়ে কাম কৰিব । ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে সম্পূৰ্ণ কৰাৰ পিচত যিকোনো পৰিস্থিতিত অযোধ্যালৈ লৈ যোৱা হ’ব এই তলাটো ।

লগতে পঢ়ক : ৰাম আহিব: লক্ষ্ণৌ-অযোধ্যাৰ মাজত চলা 6খনকৈ ৰে’ল বাতিল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.