নেশ্যনেল ডেস্ক, 18 আগষ্ট: মধ্যপ্ৰদেশৰ ইন্দোৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷ সামান্য কথাতেই গুলীয়াগুলীৰ ঘটনা সংঘটিত হৈ দুজন লোকৰ মৃত্যুৰ হোৱাৰ লগতে 6 গৰাকী লোক আহত হৈছে ৷
ঘটনাৰ বিৱৰণী অনুসৰি বৃহস্পতিবাৰে নিশা 11 বজাত এজন বেংকৰ নিৰাপত্তাৰক্ষীয়ে খাজৰাণা আৰক্ষী থানা অঞ্চলৰ কৃষ্ণবাগ কলনীত আতংকৰ সৃষ্টি কৰে ৷ নিৰাপত্তাৰক্ষীজনৰ কুকুৰটোক নিশা তেওঁ খোজ কঢ়াবলৈ লৈ যাঁওতেই চুবুৰীয়া ললিত নামৰ এজন লোকৰ ঘৰৰ কুকুৰটো বাহিৰলৈ ওলাই অহাত, দুয়োটা কুকুৰৰ মাজত প্ৰথমে প্ৰচণ্ড কাজিয়াৰ সৃষ্টি হয় ৷ দুয়োটা কুকুৰে ভুকি থকা শুনি গৃহস্থ ললিতৰ পৰিয়ালৰ লোকেও চাবলৈ আহে ৷
তেতিয়া এই কাজিয়া দুই কুকুৰৰ মালিকৰ মাজত সংঘটিত হয় ৷ দুয়োটা ফৈদে বাক বিতণ্ডাত লিপ্ত হয় ৷ এই তৰ্কা তৰ্কি ক্ৰমে বাঢ়ি যোৱাত ললিতৰ পৰিয়ালৰ লোক বাঢ়িবলৈ ধৰিলে ৷ এই কথাত সহ্য নহয় নিৰাপত্তাৰক্ষীজনে ঘৰৰ ভিতৰলৈ আহি তেওঁৰ ছাৰ্ভিচ ৰিভলভাৰটো উলিয়াই লৈ ললিতহঁতৰ ঘৰৰ সন্মুখলৈ গৈ নিৰ্বিচাৰে পৰিয়ালটোলৈ উদ্দেশ্যি গুলীচালনা কৰে ৷ এই গুলীচালনাৰ ঘটনাত পৰিয়ালটোৰ দুজন লোক থিতাতে নিহত হয় আৰু 6 গৰাকী লোক আহত হয় ৷
আহত কেইগৰাকীৰ ভিতৰত দুগৰাকী মহিলাও আছিল বুলি জানিব পৰা গৈছে ৷ মৃত লোক দুগৰাকী ৰাহুল বাৰ্মা (28) আৰু বিমল (35) বুলি জানিব পৰা গৈছে ৷ সম্পৰ্কত দুয়োজন ভাতৃ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ অৱশ্যে আহত কেইগৰাকীৰ ভিতৰত গুলীচালনাৰ শব্দ শুনি চাবলৈ অহা চুবুৰীয়াও আছে বুলি আৰক্ষীয়ে সদৰী কৰে ৷
এই ঘটনাৰ পিচতে অতিৰিক্ত ডিচিপি অমৰেন্দ্ৰ সিঙে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰিছে ৷ আহতকেইজন সম্প্ৰতি চিকিৎসালয়ত চিকিৎসাধীন কৰি ৰখা হৈছে ৷
লগতে পঢ়ক: Buxar crime news : চকলেটৰ প্ৰলোভনেৰে অসৎ কামনা চৰিতাৰ্থ; ভুক্তভোগী পৰিয়ালক ভীতি প্ৰদৰ্শন অভিযুক্তৰ