ETV Bharat / bharat

Baisakhi Food Recipes: বৈশাখী উপলক্ষে ঘৰতে তৈয়াৰ কৰক এইসমূহ স্বাস্থ্যকৰ সুস্বাদু ব্যঞ্জন

author img

By

Published : Apr 4, 2023, 9:26 PM IST

সমগ্ৰ দেশতে বৈশাখী উৎসৱ অতি ধুমধামেৰে পালন কৰা হয় । যিকোনো ভাৰতীয় উৎসৱ সুস্বাদু ব্যঞ্জন অবিহনে আধৰুৱা । এই উপলক্ষে আপুনিও তলত উল্লেখ কৰা এই সুস্বাদু ব্যঞ্জনসমূহ ট্ৰাই কৰিব পাৰে ।

Baisakhi Food Recipes Make these delicious dishes on the occasion of Baisakhi note the easy recipe
বৈশাখী উপলক্ষে ঘৰতে তৈয়াৰ কৰক এইসমূহ স্বাস্থ্যকৰ সুস্বাদু ব্যঞ্জন

বৈশাখী উৎসৱ অতি উৎসাহেৰে পালন কৰা হয় । শিখ সম্প্ৰদায়ৰ বাবে এই উৎসৱৰ বিশেষ তাৎপৰ্য আছে । শিখ সম্প্ৰদায়ৰ লোকে এই উৎসৱক নতুন বছৰ হিচাপে লয় । পঞ্জাৱ আৰু হাৰিয়ানাত এই উৎসৱ শস্য চপোৱাৰ আনন্দত পালন কৰা হয় । বৈশাখী উৎসৱ উপলক্ষে গীত-নৃত্য উদযাপন কৰা হয় । মহিলাসকলে গিদ্দাৰ দৰে লোকনৃত্য প্ৰদৰ্শন কৰে । পুৰুষে ভাংৰা পৰিৱেশন কৰে । এই উপলক্ষে বিভিন্ন সুস্বাদু ব্যঞ্জন তৈয়াৰ কৰা হয় ।

এই উপলক্ষে কড়ী, কেশৰ খীৰ, আম লাচ্চি, কড়া প্ৰসাদ আদি বহুতো ব্যঞ্জন প্ৰস্তুত কৰা হয় । এই সুস্বাদু খাদ্যই এই উৎসৱৰ মজা দুগুণ বৃদ্ধি কৰে । এনে পৰিস্থিতিত ইয়াত কিছুমান সুস্বাদু ৰেচিপি কোৱা হৈছে । বৈশাখী উৎসৱত এই সুস্বাদু ব্যঞ্জন সমূহো আপোনালোকে উপভোগ কৰিব পাৰে-

কেশৰ পোলাও

কেশৰ পোলাও বনাবলৈ ১ কাপ বাছমতী চাউল, ১ চিটি কেশৰ, আধা চামুচ হালধি, আধা চামুচ জিৰা, ২ চামুচ ঘিউ, ৩/৪ কাপ পানী, প্ৰয়োজন অনুসৰি নিমখ, ২ চামুচ কিচমিচ লাগিব । কেশৰ পোলাও বনাবলৈ প্ৰথমে বাছমতী চাউল ধুব লাগে । প্ৰায় ১৫ মিনিটমান পানীত তিয়াই থওক । এটা বাটিত কুহুমীয়া গাখীৰ খাব । তাত এচিকুট কেশৰ দিব । এফালে ৰাখক । ইয়াৰ পিছত প্ৰেচাৰ কুকাৰত ঘিউ, জিৰা আৰু নিমখ দিব । ভাজিবলৈ দিয়ক । তাত কিচমিচ দিব । এতিয়া চাউলখিনি ভালদৰে ধুই প্ৰেচাৰ কুকাৰত দিব । তাত হালধি, নিমখ আৰু পানী দিব । ২ টা হুইচেলত ৰান্ধিব । ইয়াৰ পিছত গেছ বন্ধ কৰক । ইয়াৰ পিছত প্ৰেচাৰ কুকাৰটো খুলিব । তাত গাখীৰ আৰু কেশৰ দিব । লৰাই ভালদৰে মিহলাই লওক । ৫ মিনিট ঢাকি ৰাখিব । ইয়াৰ পিছত গৰমে গৰমে পৰিবেশন কৰক ।

কড়া প্ৰসাদ

কড়া প্ৰসাদ তৈয়াৰ কৰিবলৈ হ’লে একাপ ঘেঁহুৰ আটা, একাপ চেনি আৰু আধা কাপ ঘিউৰ প্ৰয়োজন হ’ব । প্ৰথমে এটা কেৰাহী গৰম কৰক । তাত আটা দিব । উচ্চ জুইত ভাজিব । এতিয়া তাত পানী দি চেনি দিব । দ্ৰৱীভূত হোৱালৈকে সিজাই লওক । কেৰাহীত ঘিউ ওলাবলৈ আৰম্ভ কৰিলে গেছ বন্ধ কৰি দিব । ইয়াৰ পিছত গৰমে গৰমে পৰিবেশন কৰক। এই উপলক্ষে জনপ্ৰিয়ভাৱে কড়া প্ৰসাদ তৈয়াৰ কৰা হয় । বৰ সোৱাদযুক্ত । ইয়াৰ লগতে ইয়াক বনাবলৈও অতি সহজ ।

লগতে পঢ়ক: Health tips: ব্ৰেকফাষ্টত ভিটামিন Dৰে ভৰা এই স্মুদি খাওক, আঁঠুৰ বিষৰ পৰা পৰিত্ৰাণ পাওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.