ETV Bharat / bharat

এতিয়াৰে পৰা মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ৰূপে জনাজাত হ’ব অযোধ্যা বিমানবন্দৰ

author img

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 10:48 AM IST

Ayodhya Airport to be renamed: নতুন নামেৰে নামকৰণ অযোধ্যা বিমানবন্দৰৰ ৷ এতিয়াৰ পৰা অযোধ্যা বিমানবন্দৰক মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ অযোধ্যা ধাম নামেৰে জনা যাব অযোধ্যা বিমানবন্দৰক (Maharishi Valmiki Airport)৷ প্ৰাৰম্ভিক পৰ্যায়ত তিনিখন চহৰলৈ আৰম্ভ হ’ব বিমান সেৱা ৷ পঢ়ক সবিশেষ...

Maharishi Valmiki Airport
অযোধ্যা বিমানবন্দৰক মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ অযোধ্যা ধামেৰে নামকৰণ

নেশ্যনেল ডেস্ক, 29 ডিচেম্বৰ : সলনি হ’ল অযোধ্যা বিমানবন্দৰৰ নাম ৷ এতিয়াৰ পৰা অযোধ্যা বিমানবন্দৰক মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ অযোধ্যা ধাম নামেৰে জনা যাব ৷ অহা 30 ডিচেম্বৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যাত নতুনকৈ সজাই পৰা তোলা বিমানবন্দৰটো উদ্বোধন কৰিব ৷

যদিও এই বিমানবন্দৰটো মৰ্যাদা পুৰোষোত্তম শ্ৰী ৰাম বিমানবন্দৰ বুলি নামকৰণৰ কথা চৰ্চাত আছিল, কিন্তু বিমানবন্দৰটো উদ্বোধনৰ 48 ঘণ্টাৰ পূৰ্বে এই বিমানবন্দৰৰ নাম পৰিৱৰ্তনৰ অধিসূচনা অযোধ্যা জিলা প্ৰশাসনলৈ পঠিওৱা হৈছে ৷ এই নতুন নাম অনুসাৰে এই বিমানবন্দৰটো মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ অযোধ্যা ধাম হিচাপে পৰিচিত হ’ব।

এই বিমানবন্দৰটো উদ্বোধনৰ পিচতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক বিশাল জনসভা সম্বোধন কৰিব। ইয়াৰ উপৰিও, অযোধ্যা ধাম জংচনৰ নৱনিৰ্মিত ভৱনৰ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে বন্দে ভাৰত আৰু অমৃত ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰাৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ সম্ভাৱনা আছে ৷

ন-কইনাৰ ৰূপত উজ্জ্বলি উঠিছে অযোধ্যাঃ
এই সকলোবোৰ কাৰ্যসূচীৰ বাবে অযোধ্যাত প্ৰস্তুতি তুংগত ৷ অযোধ্যা ধামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰোড শ্ব'ৰ বাবে সমগ্ৰ পথটো ন কিনাৰ দৰে সজাই পৰাই তোলা হৈছে ৷ নিৰাপত্তাজনিত কাৰণত, অনুষ্ঠানস্থলীৰ চাৰিওদিশে 29 ডিচেম্বৰৰ বিয়লিৰ পৰা গধুৰ বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে 30 ডিচেম্বৰত সমগ্ৰ অযোধ্যাক 11,000 কোটি টকাৰ আঁচনি উপহাৰ প্ৰদান কৰিব ৷

6 জানুৱাৰীৰ পৰা দিল্লীলৈ চলিব পোনপটীয়া বিমানঃ

অহা 30 ডিচেম্বৰত মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ অযোধ্যা ধাম অযোধ্যাৰ পৰা দিল্লীলৈ বিমানৰ প্ৰাৰম্ভিক উৰণৰ পিচতে, অহা 6 জানুৱাৰীৰ পৰা বিমানবন্দৰটোৰ পৰা দিল্লীলৈ সাধাৰণ যাত্ৰীৰ বাবে নিয়মীয়া বিমান সেৱা আৰম্ভ কৰা হ’ব ৷ প্ৰাৰম্ভিক পৰ্যায়ত, 6 জানুৱাৰীৰ পৰা দিল্লীলৈ বিমান চলাচল আৰম্ভ হ'ব ৷ পৰৱৰ্তী সময়ত 11 জানুৱাৰীৰ পৰা আহমেদাবাদলৈ পোনপটীয়াকৈ বিমান চলাচল হ’ব আৰু 15 জানুৱাৰীৰ পৰা মুম্বাইলৈ পোনপটীয়া বিমান সেৱা চলাচল কৰিব ৷

ইণ্ডিগ’ বিমানৰে আৰম্ভ হ’ব বিমান সেৱাঃ
প্ৰাৰম্ভিক পৰ্যায়ত, এই বিমানবন্দৰটোত বিমান অপাৰেটৰ কোম্পানী ইণ্ডিগ’ৱে ইয়াৰ বিমান সেৱা আৰম্ভ কৰিছে । ইয়াৰ উপৰিও অনাগত সময়লৈ ইণ্ডিয়ান এয়াৰলাইনছ আৰু অন্যান্য এয়াৰলাইনছেও বিমান সেৱা আৰম্ভ কৰিব ৷ সদ্যহতে, যিসকলে বিমানেৰে অযোধ্যালৈ আহিব বিচাৰিছে তেওঁলোকে লক্ষ্ণৌৰ পৰা অযোধ্যালৈ যাত্ৰা কৰি বিমানেৰে আহিব পাৰিব ৷

লগতে পঢ়ক: ৰবটৰ আক্ৰমণত আঘাতপ্ৰাপ্ত টেছলাৰ অভিযন্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.