ETV Bharat / bharat

'আত্মনিৰ্ভৰ ভাৰত' ব্যৱসায়ীৰ বাবে এক সুবৰ্ণ সুযোগ: নাইডু

author img

By

Published : Mar 6, 2021, 1:42 PM IST

শুকুৰবাৰে চুৰাটত দক্ষিণ গুজৰাট চেম্বাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীজৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত দক্ষিণ গুজৰাটৰ ঔদ্যোগিক আৰু বাণিজ্যৰ সৈতে জড়িত লোকসকলৰ সৈতে মত বিনিময় কৰি কেতবোৰ মন্তব্য কৰে উপ-ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডুৱে । দেশক অতিমাৰীৰ কালচোৱাত পিপিই কিটৰ সফলতাৰ কাহিনীৰ আঁৰ লৈ 'আত্মনিৰ্ভৰ ভাৰত' গঢ়াৰ এক উদাহৰণ । ই ভাৰতীয় ব্যৱসায়ীসকলক এক বৃহৎ সুযোগ প্ৰদান কৰে বুলি কয় ।

'আত্মনিৰ্ভৰ ভাৰত' ব্যৱসায়ীসকলৰ বাবে এক সুৱৰ্ণ সুযোগঃ নাইডু

নিউজ ডেস্ক,৬ মাৰ্চ: যিয়ে সমগ্ৰ ব্যৱসায়িক খণ্ডত সুনামৰ পৰিৱৰ্তে ব্যৱসায়িক খণ্ডটোত দাগ লগাবলৈ চেষ্টা কৰে আৰু দেশত নৈতিক কৰ্পোৰেট শাসনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে তেনে লোকক ব্যৱসায়িক খণ্ডৰ পৰা বিচ্ছিন্ন কৰিবলৈ উপ-ৰাষ্ট্ৰপতি নাইডুৱে আহ্বান জনায় । শুকুৰবাৰে চুৰাটত দক্ষিণ গুজৰাট চেম্বাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীজৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত দক্ষিণ গুজৰাটৰ ঔদ্যোগিক আৰু বাণিজ্যৰ লোকসকলৰ সৈতে মতবিনিময় কৰি কেতবোৰ মন্তব্য কৰে উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে । উক্ত অনুষ্ঠানত নাইডুয়ে কয় যে, কোনো এক সম্পদ বিতৰণ কৰাৰ পূৰ্বে তাক সৃষ্টি কৰা প্ৰয়োজন । সম্পদ সৃষ্টিকৰ্তাসকলক যথেষ্ট সন্মান দিয়া হয় । উদ্যোগ খণ্ডক প্ৰশংসা কৰিব লাগে । হিংসা কৰাটো অনুচিত বুলিও মন্তব্য কৰে নাইডুৱে ।

অত্যাধুনিক চিকিৎসালয়ৰ আধাৰশিলা স্থাপন
অত্যাধুনিক চিকিৎসালয়ৰ আধাৰশিলা স্থাপন

তেওঁ লগতে কয় যে দেশক অতিমাৰী কালচোৱাত পিপিই কিট সফলতাৰ কাহিনীৰ আঁৰ লৈ 'আত্মনিৰ্ভৰ ভাৰত' গঢ়াৰ এক উদাহৰণ । ই ভাৰতীয় ব্যৱসায়ীসকলক এক বৃহৎ সুযোগ প্ৰদান কৰে বুলি কয় । ইয়াৰোপৰি, তেওঁ লকডাউনৰ পূৰ্বে, ভাৰতত এন-৯৫ মাস্ক আৰু পিপিই কিটৰ নগণ্য উৎপাদন ক্ষমতা আছিল । কিন্তু অতি কম সময়ৰ ভিতৰত ভাৰতে পিপিই কিটৰ দ্বিতীয় সৰ্ববৃহৎ উৎপাদক দেশ হিচাপে পৰিগণিত হোৱা বুলিও কয় । এই মহামাৰীৰ পৰা দেশবাসীয়ে এইটোৱে শিকিছে যে যদি আমি আমাৰ দেশতে এনে সামগ্ৰী উৎপাদনকৰিব পৰা যায় তেন্তে আমাৰ ব্যয়ও হ্ৰাস কৰিব পৰা যাব । 'আত্মনিৰ্ভৰ ভাৰত অভিযান'ক ক'ভিড-১৯ মহামাৰীৰ দ্বাৰা প্ৰদান কৰা এক গুৰুত্বপূৰ্ণ বুলি বৰ্ণনা কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতীয় অৰ্থনীতিৰ বৃহৎ অংশ বিদেশী যোগানৰ ওপৰত চিৰকালৰ বাবে নিৰ্ভৰশীল হৈ থাকিব নোৱাৰে । এনেধৰণৰ নিৰ্ভৰশীলতাই দেশক বিশ্বব্যাপী যোগান পদ্ধতিত যিকোনো বাধাৰ প্ৰতি দুৰ্বল কৰি তুলিছে বুলি কয় । গতিকে দ্ৰুতগতিত পৰিৱৰ্তনশীল প্ৰযুক্তিগত পৰিস্থিতি আৰু আসন্ন চতুৰ্থ ঔদ্যোগিক পৰিৱৰ্তনৰ প্ৰতি ইঙ্গিত দি উদ্যোগ খণ্ডক ইয়াৰ বাবে সাজু হ'বলৈ কয় নাইডুৱে ।

দক্ষিণ গুজৰাট চেম্বাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীজৰ দ্বাৰা আয়োজিত এক অনুষ্ঠান

যদি দেশৰ যুৱসকলে সঠিকভাৱে দক্ষতাৰে সুযোগগ প্ৰদান কৰে তেন্তে আকাংক্ষিত পৰিৱৰ্তন আনিব পাৰিব বুলি কয় । গতিকে এই উদ্যোগটোক যুৱসকলৰ দক্ষতা প্ৰশিক্ষণ আৰু উদীয়মান ঔদ্যোগীকসকলৰ পৰামৰ্শ দিয়াত অধিক সক্ৰিয় ভূমিকা পালন কৰিবলৈ আহ্বান জনাই উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে । আমি সকলোৱে উদ্ভাৱন আৰু আৱিস্কাৰ কৰিব লাগিব আৰু ব্যক্তিগত খণ্ডক আৰ এণ্ড ডিৰ ওপৰত ইয়াৰ ব্যয় বৃদ্ধি কৰিবলৈ আবেদন জনোৱা হৈছে বুলিও কয় । তেওঁ শৈক্ষিক প্ৰতিষ্ঠানসমূহত গৱেষণাৰ প্ৰচাৰৰ বাবে চিএছআৰ পুঁজি নিৰ্ধাৰণ কৰিবলৈও আগ্ৰহ প্ৰকাশ কৰে । দেশৰ যুৱকসকলে কেৱল চাকৰি সন্ধানী হ'ব নালাগে বৰঞ্চ তেওঁলোকে চাকৰি প্ৰদানকাৰী হ'ব লাগে বুলি উল্লেখ কৰে নাইডুৱে । ইফালে, ক'ভিড-১৯ প্ৰতিষেধক সন্দৰ্ভত কয় যে, ভাৰতে কেৱল দেশবাসীক টীকাকৰণ কৰাই নহয় বিশ্বৰ বহু দৰিদ্ৰ ৰাষ্ট্ৰক ঘৰুৱাভাৱে সহায় কৰাৰ উদ্দেশ্যে এই প্ৰতিষেধক বিনামূলীয়াকৈ প্ৰদান কৰিছে বুলি কয় ।

চুৰাট ৰেচম আৰু হীৰাৰ বাবে প্ৰসিদ্ধ বুলি উল্লেখ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে চুৰাটক দেশৰ মুখ্য ঔদ্যোগিক কেন্দ্ৰ আৰু বাণিজ্যকেন্দ্ৰ হিচাপে ৰূপান্তৰ কৰাৰ বাবে ইয়াৰ লোকসকলৰ কঠোৰ পৰিশ্ৰম আৰু ঔদ্যোগীক প্ৰতিভাৰ কৃতিত্ব প্ৰদান কৰে । এই অনুষ্ঠানত গুজৰাটৰ মন্ত্ৰী শ্ৰী ঈশ্বৰ পাৰমাৰ, লোকসভা সংসদৰ সদস্য শ্ৰী চি আৰ পাটিল, এছজিচিচিআইৰ অধ্যক্ষ শ্ৰীমতী দৰ্শনা জাৰদ'শ আৰু অন্যান্য ব্যক্তি উপস্থিত আছিল । উল্লেখ্য যে, ইয়াৰ পূৰ্বে উপ-ৰাষ্ট্ৰপতি নাইডুৱে চুৰাটৰ সমীপৰ নৱছাৰীত এখন অত্যাধুনিক চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে ।

লগতে পঢ়ক: উত্তৰ প্ৰদেশত শোকাৱহ পথ দুৰ্ঘটনা: নিহত ৩

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.