নেশ্যনেল ডেস্ক, 16 এপ্ৰিল: শনিবাৰে নিশা আৰক্ষীৰ কটকটীয়া বেষ্টনীৰ মাজতেই স্বাস্থ্য পৰীক্ষা কৰিবলৈ অনাৰ সময়তে গেংষ্টাৰ আতিক আহমেদ আৰু ভাতৃ আশ্ৰফক হত্যা কৰিছিল তিনি হত্যাকাৰীয়ে (Mafia Atiq Ashraf murder case) ৷ তাৰ পিচতেই ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ এনেদৰে আৰক্ষীৰ মাজতেই দুই ভাতৃক হত্যা কৰাৰ পিচতেই ৰাজনৈতিক মহলতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷
এই ঘটনাৰ পিচতে এতিয়া আতিক আহমেদৰ পলাতক পত্নী ছাইস্তা পাৰবীন আৰু আশ্ৰফৰ পত্নী জয়নাব ফাতিমাই আত্মসমৰ্পণ কৰাৰ সম্ভাৱনা আছে বুলি উত্তৰ প্ৰদেশ আৰক্ষীয়ে আশা প্ৰকাশ কৰিছে (Atiq ahmeds wife shaista parveen may surrender)। ছাইস্তা পাৰবীন উমেশ পাল হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত (Accused of Umesh Pal murder case) ৷ ছাইস্তাৰ খব দিওঁতাক ৫০,০০০ টকাৰ পুৰস্কাৰ প্ৰদান কৰা ঘোষণা কৰি থোৱা আছে ৷ ইফালে সূত্ৰ অনুসাৰে আতিকৰ জ্যেষ্ঠ পুত্ৰ ওমাৰ লক্ষ্ণৌ কাৰাগাৰত বন্দী হৈ আছে ৷ কাৰাগাৰত পিতৃ আতিক আৰু খুড়াক আশ্ৰফৰ হত্যাৰ বিষয়ে শুনি থিতাতে অজ্ঞান হৈ পৰিছিল ।
ইফালে এই সপ্তাহৰ আৰম্ভণিতে আছাদাক আৰক্ষীয়ে এনকাউণ্টাৰত হত্যা কৰাৰ পিচতে, আছাদৰ অন্তিম সংস্কাৰৰ সময়ত এগৰাকী বোৰ্খা পিন্ধা মহিলাৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল, যদিও মহিলাগৰাকী আছাদৰ মাতৃ ছাইস্তা পাৰবীন আছিল সন্দেহ কৰা হৈছে ৷ এতিয়ালৈ মহিলাগৰাকীৰ পৰিচয়ৰ সন্দৰ্ভত কোনো তথ্য পোহৰলৈ অহা নাই ৷
উমেশ পাল হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ আৰু দোষী সাব্যস্ত আতিক আহমেদে দাবী কৰিছিল যে, তেওঁ উত্তৰ প্ৰদেশ ৰাজ্যৰ কৰ্মকৰ্তাসকলৰ পৰা তেওঁৰ জীৱনৰ প্ৰতি "মুক্ত, প্ৰত্যক্ষ আৰু তাৎক্ষণিক ভাবুকি"ৰ সন্মুখীন হৈছিল, আৰু আদালতত তেওঁৰ আৰু তেওঁৰ পৰিয়ালৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিবলৈ আহ্বান জনাইছিল । তাৰ পিচতেই আতিক আৰু ভাযতৃ আশ্ৰাফক শনিবাৰে প্ৰয়াগৰাজলৈ চিকিৎসাৰ বাবে স্থানান্তৰিত কৰাৰ সময়ত সংবাদ মাধ্যমৰ সৈতে কথা পাতি থকা অৱস্থাত গুলীয়াই হত্যা কৰা হৈছিল (death of Atiq Ahmed son Asad)।
আতিক আৰু আশ্ৰফ দুয়োৰে মৃতদেহ দেওবাৰে বিয়লি মতিলাল নেহৰু বিভাগীয় চিকিৎসালয়লৈ লৈ যোৱা হৈছিল, য'ৰ পৰা দুয়োটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে এছ আৰ এম চিকিৎসালয়লৈ স্থানান্তৰ কৰা হ'ব ৷ আতিক আৰু ভাতৃয়ে আশ্ৰফৰ বাবে দেওবাৰে কছাৰী মাছাৰী কবৰস্থানত আৰু দুটাকৈ কবৰ খন্দা হৈছে, তেওঁৰ পুত্ৰ আছাদৰ কবৰৰ সমীপতে আতিক আৰু আশ্ৰফক কবৰস্থ কৰা হ’ব ৷ কবৰ খননকাৰী জানু খানে কোৱা অনুসৰি কবৰবোৰ 7-8 ফুট গভীৰ হ'ব লাগে ৷ গতিকে বিয়লিলৈ কবৰ খন্দা কাম সম্পন্ন হ’ব (Atiq Ahmed family background) ৷
আছাদৰ বাহিৰে আতিকৰ জ্যেষ্ঠ পুত্ৰ ওমাৰ লক্ষ্ণৌ কাৰাগাৰত বন্দী হৈ আছে ৷ কাৰাগাৰৰ লোকসকলে দেউতাক আতিক আৰু আশ্ৰফৰ হত্যাৰ বিষয়ে কোৱা শুনি অজ্ঞান হৈ পৰিছিল । প্ৰশাসনে লগে লগে ওমাৰক কাৰাগাৰৰ চিকিৎসালয়লৈ লৈ যায়, য'ত বৰ্তমান ওমাৰ চিকিৎসাধীন হৈ আছে । বৃহস্পতিবাৰৰ পৰা আছাদৰ মৃত্যুৰ পিচৰ পৰাই ওমৰে খাদ্য গ্ৰহণ কৰা নাছিল ৷ শনিবাৰে টিভিত আছাদৰ অন্ত্যেষ্টিক্ৰিয়া চাবলৈও জোৰ কৰিছিল ওমাৰে ৷
লগতে পঢ়ক: Atiq Ashraf Murder Case: লক্ষ্ণৌত মন্ত্ৰীৰ আৱাসিক এলেকাত সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা
আতিকৰ দ্বিতীয় পুত্ৰ আলীকো এটা পৃথক গোচৰত নয়নী কেন্দ্ৰীয় কাৰাগাৰত ৰখা হৈছে, আনহাতে কনিষ্ঠ দুই পুত্ৰ আহজাম আৰু অবানক প্ৰয়াগৰাজৰ শিশু পুনৰ্বাসন কেন্দ্ৰত ৰখা হৈছে ।