ETV Bharat / bharat

Atiq Ahmed Shoot Case : আতিকৰ হত্যাকাৰী নিবনুৱা, ড্ৰাগছ আসক্ত ! দণ্ডাধীশৰ সন্মুখত হাজিৰ

author img

By

Published : Apr 16, 2023, 12:58 PM IST

আতিক আৰু আশ্ৰফৰ হত্যাকাৰী তিনিওজনকে ইতিমধ্যে উত্তৰ প্ৰদেশ আৰক্ষীয়ে কৰায়ত্ত কৰিছে (Atiq Ahmed murderer arrested) । তাৰে ভিতৰৰ দুই আক্ৰমণকাৰী হৈছে লাভলেশ আৰু ছানী সিং । তেওঁলোকৰ আত্মীয়ই জনোৱা মতে, তেওঁলোক নিবনুৱা আৰু ড্ৰাগছ আসক্ত আছিল ।

Atiq Ahmed Shoot Case
Atiq Ahmed Shoot Case

নিউজ ডেস্ক, ১৬ এপ্ৰিল : শনিবাৰে নিশা উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত গেংষ্টাৰৰ পৰা ৰাজনীতিবিদ হোৱা আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰফক আততায়ীয়ে গুলীয়াই হত্যা কৰে (Atiq Ahmed murder case) । সংবাদ মাধ্যমৰ উপস্থিতিত কেমেৰাৰ সন্মুখতে গুলীয়াই হত্যা কৰা হয় আতিক আৰু আশ্ৰফক । ইতিমধ্যে এই হত্যাৰ তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে (Atiq Ahmed killer arrested) । অভিযুক্তকেইজনক গ্ৰেপ্তাৰৰ পিচত দেওবাৰে এজন আক্ৰমণকাৰীৰ পিতৃয়ে কয় যে তেওঁৰ পুত্ৰ নিবনুৱা আৰু ড্ৰাগৰ আসক্ত আছিল ।

দেওবাৰে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত গ্ৰেপ্তাৰ কৰা আক্ৰমণকাৰীকেইজনৰ ভিতৰৰ এজন লাভলেশৰ পিতৃ যজ্ঞ তিৱাৰীয়ে কয় (Atiq Ahmed killer Lovlesh), "তেওঁ মোৰ পুত্ৰ । আমি ঘটনাটো টিভিত দেখিছিলোঁ । আমি লাভলেশৰ কাৰ্যকলাপৰ বিষয়ে অৱগত নহয় বা ইয়াৰ সৈতে আমাৰ কোনো সম্পৰ্ক নাই । তেওঁ ইয়াত কেতিয়াও বাস কৰা নাছিল আৰু তেওঁ আমাৰ পাৰিবাৰিক বিষয়তো জড়িত নাছিল । তেওঁ আমাক একো কোৱা নাছিল । তেওঁ পাঁচ-ছয় দিনমান আগতে ইয়ালৈ আহিছিল । বহু বছৰ ধৰি আমাৰ তেওঁৰ সৈতে কোনো সম্পৰ্ক নাই । ইতিমধ্যেই লাভলেশৰ বিৰুদ্ধে এটা গোচৰ ৰুজু হৈ আছে । উক্ত গোচৰত তেওঁ কাৰাগাৰলৈও গৈছে ।"

"তেওঁ কোনো কাম নকৰে । তেওঁ এজন ড্ৰাগ আসক্ত আছিল । আমাৰ চাৰিটা সন্তান আছে । এই সন্দৰ্ভত আমাৰ ক'বলৈ একো নাই ।" যজ্ঞ তিৱাৰীয়ে লগতে কয়। ইফালে এএনআইক দিয়া সাক্ষাৎকাৰত আন এজন আক্ৰমণকাৰী ছানী সিঙৰ ভাতৃ পিণ্টু সিঙে কয় (Atiq Ahmed killer Sunny Singh) "তেওঁ কাম-বন নকৰি ইফালে-সিফালে ঘূৰি ফুৰিছিল । আমি পৃথকে বাস কৰোঁ আৰু নাজানো যে তেওঁ কেনেকৈ অপৰাধী হৈ পৰিল । ঘটনাটোৰ বিষয়ে আমাৰ কোনো ধাৰণা নাই ।"

উল্লেখ্য, উত্তৰ প্ৰদেশৰ ঝান্সীত আৰক্ষীৰে সংঘৰ্ষত আতিক আহমেদৰ পুত্ৰ আছাদ নিহত (Atiq Ahmeds son Asad encounter case) হোৱাৰ কেইদিনমান পিচতে শনিবাৰে প্ৰয়াগৰাজত শাৰীৰিক পৰীক্ষাৰ বাবে লৈ যোৱাৰ সময়তে মাফিয়াৰ পৰা ৰাজনীতিবিদ হোৱা আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰফ আহমেদ নিহত হয় । আতিকক ২০০৫ চনত বিএছপি বিধায়ক ৰাজু পালৰ হত্যাত অভিযুক্ত কৰা হৈছিল (BSP MLA Raju Pal murder case) আৰু তাৰ পিচত এই বছৰৰ ফেব্ৰুৱাৰীত বিএছপিৰ নেতাগৰাকীৰ হত্যাৰ মুখ্য সাক্ষী উমেশ পালক হত্যা কৰা হয় । উমেশ পালৰ হত্যাতো সাঙোৰ খাই পৰিছিল আতিক আহমেদ (Umesh Pal murder case UP) ।

ইতিমধ্যে তিনিওজন আক্ৰমণকাৰীকে গ্ৰেপ্তাৰ কৰা হৈছে । আতিক আৰু তেওঁৰ ভাতৃক গুলীয়াই হত্যা কৰাৰ পিচত আৰক্ষীয়ে এই কথা জনাইছিল । "তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁলোকক সোধা-পোছা কৰা হৈছে । এই ঘটনাত এজন সাংবাদিকো আঘাতপ্ৰাপ্ত হয় । এজন কনিষ্টবল গুলীত আঘাতপ্ৰাপ্ত হয় ।" প্ৰয়াগৰাজ আৰক্ষী আয়ুক্ত ৰমিত শৰ্মাই পূৰ্বতেই এই কথা উল্লেখ কৰে । আনহাতে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও ঘটনাটোৰ তদন্তৰ বাবে তিনিজনীয়া ন্যায়িক আয়োগ গঠনৰ নিৰ্দেশ দিয়ে ।

"উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে (UP CM Yogi Adityanath) প্ৰয়াগৰাজৰ ঘটনাটোত গুৰুত্ব আৰোপ কৰিছে । তেওঁ এখন উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰি বিষয়টোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়ে । মুখ্যমন্ত্ৰীয়ে বিষয়টোত তিনিজনীয়া ন্যায়িক আয়োগ (ন্যায়িক তদন্ত আয়োগ) গঠনৰ নিৰ্দেশ দিছে ।" মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ এগৰাকী বিষয়াই কয় । ইতিমধ্যে এটা ফৰেনচিক দলেও ঘটনাস্থলীত উপস্থিত হৈ নমুনা সংগ্ৰহ কৰে ।

উল্লেখ্য যে হত্যাৰ কিছু মুহূৰ্তৰ পূৰ্বে উমেশ পাল হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত নিহত গেংষ্টাৰ ভাতৃদ্বয়ে চিকিৎসাৰ বাবে লৈ যোৱাৰ সময়ত সংবাদ মাধ্যমৰ সৈতে কথা পাতি আছিল । তেনে সময়তে তেওঁলোকক হত্যা কৰা হয় আৰু তেওঁলোকৰ হত্যাৰ দৃশ্য স্পষ্টভাৱে কেমেৰাত বন্দী হয় । "তেওঁলোকে আমাক লৈ যোৱা নাছিল, সেয়েহে আমি যোৱা নাছিলোঁ ।" আতিক আহমেদৰ আছিল এয়াই অন্তিমষাৰ কথা । তেওঁৰ পুত্ৰ আছাদৰ শেষকৃত্যলৈ কিয় লৈ নগ'ল বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ এই উত্তৰ দিছিল ।

আনহাতে, আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰফক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা তিনিজন আক্ৰমণকাৰীক দেওবাৰে দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱা হ'ব । তিনিওজন আক্ৰমণকাৰীক ঘটনাস্থলীতে আটক কৰা হৈছিল । আক্ৰমণৰ ঘটনাটো সংঘটিত কৰি তেওঁলোকেও আত্মসপৰ্ণ কৰে । তাৰ পিচত তেওঁলোকক আৰক্ষীৰ জিম্মাত ৰাখি সোধা-পোছা কৰা হয় ।

উল্লেখ্য যে আইন অনুসৰি, এনেদৰে ধৰা পৰা যিকোনো অপৰাধীক 24 ঘণ্টাৰ ভিতৰত দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰাব লাগে । ইফালে এই ঘটনাটোৰ পৰিপ্ৰেক্ষিতত উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৰাজ্যজুৰি ১৪৪ ধাৰা জাৰি কৰিছে আৰু সংবেদনশীল বুলি গণ্য কৰা মুখ্য ৰাজহুৱা প্ৰতিষ্ঠান আৰু অঞ্চলসমূহত নিৰাপত্তা বৃদ্ধি কৰা হৈছে ।

লগতে পঢ়ক :History of Atiq Ahmed: ৰাজনীতিবিদৰ পৰা গেংষ্টাৰলৈকে আতিক আহমেদৰ জীৱন পৰিক্ৰমা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.