নিউজ ডেস্ক, 8 ছেপ্টেম্বৰ: উত্তৰাখণ্ডৰ চম্পাৱতৰ তনকপুৰ পিথোৰাগড় ঘাইপথত বৃহস্পতিবাৰে সংঘটিত হয় এক পথ দুৰ্ঘটনা (ITBP bus accident in Uttarakhand) ৷ এই পথছ দুৰ্ঘটনাত আহত হয় ভাৰত-তিব্বত সীমান্ত আৰক্ষী চমুকৈ ITBP ৰ 12 জন জোৱান । ITBPৰ জোৱান কঢ়িয়াই নিয়া বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা দ খাৱৈত বাগৰি পৰে ৷ ফলত বাছখন থকা ITBP জোৱান কেইজন কম-বেছি পৰিমাণে আহত হয় (ITBP jawans injured in road accident) ৷
সূত্ৰ অনুসৰি, ৰাষ্ট্ৰীয় ঘাইপথেৰে গতি কৰি থকা বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰৰ ঢালত ঘাইপথৰ দুটা লুপৰ মাজত থকা গছৰ মাজত পৰেগৈ (ITBP bus met accident in Uttarakhand)। খবৰ পোৱাৰ লগে লগে আৰক্ষী প্ৰশাসনৰ দলসমূহ সেই স্থানত উপস্থিত হয় ৷ স্থানীয় ৰাইজৰ সহযোগত জোৱানকেইজনক খাৱৈৰ পৰা উদ্ধাৰ কৰা হয় । ঘটনাটোত জোৱান কেইজন সামান্য আহত হয় ।
আহত জোৱানকেইজনক চিকিৎসাৰ বাবে চলথিৰ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । জানিব পৰা মতে, বাছখন পিথোৰাগড়ৰ জাজাৰ দেৱাললৈ গৈ আছিল ।
লগতে পঢ়ক: BREAKING NEWS: তামুলপুৰত বন্যহস্তীৰ আক্ৰমণত নিহত এজন