মিজোৰাম, 8 এপ্ৰিল : মিজোৰামৰ জন উইলিয়ামছ চিকিৎসালয় আৰু লুংলেই জিলা চিকিৎসালয়ত অসম ৰাইফলছৰ লুংলেই বেটেলিয়নে বিতৰণ কৰে চিকিৎসা সামগ্ৰীৰ। একেটা অনুষ্ঠানতে ক’ভিডৰ সৈতে কৰিবলগীয়া উপযুক্ত আচৰণৰ ওপৰতো পৰামৰ্শ প্ৰদান কৰা হয়।

আনহাতে,অসম ৰাইফলছৰ চেৰছিপ বেটেলিয়নেও খাৱবুং নামৰ গাঁওখনত পোষ্টাৰৰ জৰিয়তে প্ৰচাৰৰ আয়োজন কৰিছিল যাৰ উদ্দেশ্য আছিল ক’ভিড-19 ভাইৰাছৰ নতুন ঢৌ আৰু শেহতীয়াকৈ প্ৰস্তুত কৰা ক’ভিড উপযুক্ত আচৰণৰ (চি.এ.বি.) ৰূপায়ণৰ ওপৰত স্থানীয় জনসাধাৰণক সচেতন কৰা। 53 গৰাকী স্থানীয় লোকে অংশগ্ৰহণ কৰা অভিযানটো বেটেলিয়নৰ চিকিৎসা বিষয়াৰ দ্বাৰা নেতৃত্ব প্ৰদান কৰা হৈছিল। য’ত টিকাকৰণৰ আগতে আৰু পিছত ল'ব লগা সাৱধানতাৰ কথা কোৱাৰ লগতে,"দৱাই ভি কাদাই ভি" আৰু "দো গাজ কি দুৰী"ৰ দৰে চৰকাৰী পৰামৰ্শৰ কাৰ্যকৰীকৰণৰ কথা দোহাৰে দলটোক নেতৃত্ব প্ৰদান কৰা চিকিৎসা বিষয়া গৰাকীয়ে ।

আগন্তুক, বাৰিষা ঋতুৰ প্ৰতি লক্ষ্য ৰাখি ৰাজহুৱা স্বাস্থ্যৰ কথাও আলোচিত হয় অনুষ্ঠানটোত৷ এনে ধৰণৰ অৰ্থপূৰ্ণ অভিযান আয়োজন কৰাৰ বাবে স্থানীয় ৰাইজে অসম ৰাইফলছৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে, মিজোৰামৰ উন্নতি আৰু প্ৰগতিৰ বাবে নিৰাপত্তা বাহিনীৰ সৈতে একেলগে কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে।
লগতে পঢ়ক : চৰকাৰী ঘোষণাৰ পূৰ্বে বন্ধ ঘোষণা বিদ্যালয় কতৃপক্ষৰচৰকাৰী ঘোষণাৰ পূৰ্বে বন্ধ ঘোষণা বিদ্যালয় কতৃপক্ষৰ