ETV Bharat / bharat

জয়পুৰত আমোদ প্ৰমোদত ব্যস্ত এ আই ইউ ডি এফ প্ৰাৰ্থী - এআইইউডিএফ দলৰ প্ৰাৰ্থী

সোমবাৰে জয়পুৰৰ ঐতিহ্যপূৰ্ণ স্থান পৰিদৰ্শন গোপন বৈঠকৰ বাবে উপস্থিত হোৱা 20 গৰাকী এআইইউডিএফ দলৰ প্ৰাৰ্থীৰ ৷ হাতী চাফাৰী আৰু আমেৰ প্ৰাসাদ পৰিদৰ্শন কৰে প্ৰাৰ্থী কেইগৰাকীয়ে ৷

Assam MLA candidates
AIUDF প্ৰাৰ্থী
author img

By

Published : Apr 13, 2021, 9:32 AM IST

নেশ্যনেল ডেস্ক,13 এপ্ৰিল : ৰাজস্থানৰ জয়পুৰৰ তাৰকা হোটেল ফেয়াৰ মাউণ্টত গোপন বৈঠকৰ বাবে উপস্থিত হোৱা অসমৰ সদ্য নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা 20 গৰাকী এআইইউডিএফ দলৰ প্ৰাৰ্থীয়ে সোমবাৰে পৰিদৰ্শন কৰে জয়পুৰৰ ঐতিহ্যপূৰ্ণ স্থানসমূহ ৷ হাতী চাফাৰী কৰাৰ লগতে আমেৰ প্ৰাসাদ পৰিদৰ্শন কৰে প্ৰাৰ্থী কেইগৰাকীয়ে ৷

জয়পুৰৰ আদৰ্শ নগৰ বিধানসভাৰ অসমৰ বিধায়ক ৰফিক খানে আমেৰৰ পৰ্যটনস্থলীসমূহ পৰিদৰ্শন কৰোৱাত সহায় কৰে প্ৰাৰ্থী কেইগৰাকীক । এআইইউডিএফৰ প্ৰাৰ্থী কেইগৰাকীয়ে হোটেল ফেয়াৰ মাউণ্টৰ পৰা বাছযোগে আমেৰ প্ৰাসাদত উপস্থিত হয় । প্ৰাৰ্থী কেইগৰাকীৰ সৈতে অসামৰিক পোছাক পিন্ধা আৰক্ষীও নিয়োগ কৰা হয় ৷

AIUDF প্ৰাৰ্থী

প্ৰাৰ্থী কেইগৰাকীৰ আমেৰ প্ৰাসাদত আগমনৰ বিষয়ে প্ৰাসাদ কৰ্তৃপক্ষয়ো অৱগত হোৱা নাছিল ৷ আমেৰৰ সৌন্দৰ্যক লৈ প্ৰাৰ্থীকেইগৰাকী প্ৰশংসাত পঞ্চমুখ হয় ৷ তেওঁলোকে দিৱান-ই-আম, দিৱান-ই-খাছ, মন সিং মহল, শিখ মহলৰ সৌন্দৰ্য আৰু স্থাপত্য প্ৰয়োজনীয় বুলি বৰ্ণনা কৰে ।

পৰৱৰ্তী সময়ত হাতী চাফাৰী উপভোগ কৰে প্ৰাৰ্থী কেইগৰাকীয়ে । এলিফেণ্ট ভিলেজ ডেভেলপমেণ্ট কমিটীৰ অধ্যক্ষ বাল্লু খান, এলিফেণ্ট গাৰ্ডিয়ান শ্বাহিদ খান, ৱাজিদ খান, আব্দুল ৰাহুফ, শৌকত আলী, ফৰেষ্টাৰ যোগেন্দ্ৰ সিং, ফৰেষ্ট গাৰ্ড প্ৰহ্লাদ চৌধুৰীয়ে প্ৰাৰ্থী কেইগৰাকীক এলিফেণ্ট ভিলেজ পৰিদৰ্শন কৰোৱাৰ লগতে হাতীৰ জীৱন-ধাৰণৰ পৰিস্থিতি সন্দৰ্ভত তথ্য প্ৰদান কৰে ।

ইফালে জয়পুৰৰ হাতীগাঁৱত উপস্থিত হোৱাৰ পাচত হাতীগাঁও বিকাশ সমিতিয়ে প্ৰাৰ্থী কেইগৰাকীক আদৰণি সম্ভাষণ জনায় ।

লগতে পঢ়ক : ‘ছাইবাৰ ব্ৰিচ্ছ’ হেকাৰ সকলৰ বাবে এক সুগম পথত পৰিণত হৈছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.