ETV Bharat / bharat

মিজোৰামত এএছএফৰ সংহাৰ: মৃত্যু 4832 টা গাহৰিৰ

author img

By

Published : May 31, 2021, 10:05 PM IST

21 মাৰ্চৰ পৰা 31 মে’ৰ ভিতৰত মিজোৰামত 4,832 টা গাহৰিৰ আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হৈ মৃত্যু হৈছে ৷ মিজোৰামৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মতে কেৱল 31 মে’ত 81 টা গাহৰি আফ্ৰিকান ছোৱাইন ফিভাৰত কৱলত পৰি মৃত্যু হৈছে ৷

asf-death-have-killed-4832-pigs-in-mizoram
মিজোৰামত এএছএফৰ সংহাৰ: মৃত্যু 4832 টা গাহৰিৰ

আইজল, 31 মে’: মিজোৰামত অব্যাহত আছে আফ্ৰিকান ছোৱাইন ফিভাৰ (এএছএফ)ৰ সংহাৰ ৷ কেৱল 21 মাৰ্চৰ পৰা 31 মে’ৰ ভিতৰত ৰাজ্যখনত 4832 টা গাহৰিৰ আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হৈ মৃত্যু হৈছে ৷ মিজোৰামৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মতে কেৱল 31 মে’ত 81 টা গাহৰি আফ্ৰিকান ছোৱাইন ফিভাৰত কৱলত পৰি মৃত্যু হৈছে ৷

চলিত বৰ্ষৰ 25 মাৰ্চ তাৰিখে মিজোৰামৰ লুংচেন গাঁৱত প্ৰথমবাৰৰ বাবে আফ্ৰিকান ছোৱাইন ফিভাৰ ধৰা পৰে ৷ ইয়াৰ পিছতে মিজোৰামৰ সকলো জিলাতে তাৎক্ষণিকভাৱে ৰেপিড ৰেচপন্স দল গঠন কৰা হৈছিল ।

পৰীক্ষাৰ অন্তত ভূপালৰ ‘নিছাদ(NIHSAD)’ য়ে ইয়াক আফ্ৰিকান ছোৱাইন ফিভাৰ (এএছএফ) বুলি নিশ্চিত কৰে ৷ যাৰ পিছত মিজোৰামৰ মুখ্য সচিবক বিগত 16 এপ্ৰিল তাৰিখে এই ৰোগ সন্দৰ্ভত অৱগত কৰোৱা হৈছিল ।

একেদিনাই মিজোৰামৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে "পশুৰ সংক্ৰামক ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ অধিনিয়ম 2009"ৰ অধীনত লুংচেনক 'সংক্ৰমিত অঞ্চল' হিচাপে ঘোষণা কৰে । এতিয়ালৈকে মিজোৰামৰ ৮ খন জিলাত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ নিশ্চিত কৰা হৈছে ৷ এই ৰোগৰ সংক্ৰমণ হোৱা জিলাকেইখন ক্ৰমে- চিয়াহা, লংটলাই, লুংলেই, চেৰ্ছিপ, আইজল, খাওজল, চম্ফাই আৰু মমিত ।

উল্লেখ্য যে, আফ্ৰিকান ছোৱাইন ফিভাৰ (এএছএফ) এক সংক্ৰমিত ৰোগ, যিয়ে ইয়াৰ দ্বাৰা সংক্ৰমিত গাহৰিৰ মৃত্যু 100 শতাংশ নিশ্চিত কৰে ৷ প্ৰথমে ভাৰতীয় উপমহাদেশত 2020 চনৰ আৰম্ভণিতে অসম, অৰুণাচল প্ৰদেশ, মেঘালয় আৰু মণিপুৰত প্ৰথমবাৰৰ বাবে ধৰা পৰিছিল আফ্ৰিকান ছোৱাইন ফিভাৰ । কেৱল মিজোৰামত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণৰ আশংকাত 4,149 টা গাহৰি মাৰি পেলোৱা হৈছিল ৷

লগতে পঢ়ক: উত্তৰ পূৱত আফ্ৰিকান ছোৱাইন ফিভাৰৰ আতংক: 4149 গাহৰিৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.