ETV Bharat / bharat

চিজুছাত অৰুণাচল চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেটত ৰাজ্যৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু

author img

By

Published : Nov 15, 2021, 10:27 PM IST

চিজুচাত জৈৱ বিচিত্ৰ পৰিবেশ সম্পৰ্কীয় এই বৈঠকত প্ৰদুষিত জলবায়ু গোলকীয় উষ্ণতা বৃদ্ধিৰ লগতে পাৰিপাৰ্শ্বিকতাৰ জলবায়ু পৰিবৰ্তনৰ ওপৰত অৰুণাচল চৰকাৰৰ এই গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক ৷

arunachal-cm-prema-khandu-in-a-cabinet-discussion
চিজুছাত অৰুণাচল চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেটত ৰাজ্যৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু

চতিয়া , ১৫ নবেম্বৰ : দুদিনীয়া কাৰ্যসূচীৰে অৰুণাচল চৰকাৰৰ কেবিনেট মন্ত্ৰীৰ লগতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে দেওবাৰে অৰুণাচল প্ৰদেশৰ চিজুচাত উপস্থিত হৈ এক গুৰুত্বপূৰ্ণ কেবিনেটত অংশ গ্ৰহণ কৰে । জৈৱ বিচিত্ৰ পৰিবেশ সম্পৰ্কীয় এই বৈঠকত প্ৰদুষিত জলবায়ু গোলকীয় উষ্ণতা বৃদ্ধিৰ লগতে পাৰিপাৰ্শ্বিকতাৰ জলবায়ু পৰিবৰ্তনৰ ওপৰত অৰুণাচল চৰকাৰৰ এই গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক অনুষ্ঠিত হয় ।

কেবিনেট বৈঠকৰ অন্তত 14 নৱেম্বৰ তাৰিখে মুখ্যমন্ত্ৰী সহ শিক্ষা মন্ত্ৰী চিজুছা স্থিত বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ সন্মুখত নিৰ্মাণ কৰা স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তি উন্মোচনৰ পাছত বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ে আয়োজন কৰা শিশু দিৱস অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত হৈ বৰ্তমান শিক্ষা ব্যৱস্থাৰ বিষয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে ৷

বিশেষকৈ চৰকাৰী বিদ্যালয়ৰ পাঠদান পদ্ধতি ওপৰত আলোকপাত কৰাৰ লগতে উঠি অহা প্ৰজন্মক নিজ জাতিৰ পৰিচয় কলা সংস্কৃতি আদি ধৰি ৰাখিবলৈ আহ্বান জনায় । অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীৰ লগতে অৰুণাচল চৰকাৰৰ শিক্ষা মন্ত্ৰী টাবা টেডীৰ লগতে স্থানীয় বিধায়ক বিহুৰাম ৱাগে, অৰুণাচল প্ৰদেশৰ কমিছনাৰ চোনম চোমৱেসহ অৰুণাচল চৰকাৰৰ কেইবাজনো বিষয়া কৰ্মচাৰী উপস্থিত আছিল ।

ইয়াৰ পিছত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী গৰাকীয়ে কিছুমান গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰি অলপতে কামেং নদীৰ লগতে জীয়াভৰলী নদীৰ পানী প্ৰদূষিত হৈ মাছ মৰি যোৱা সন্দৰ্ভতো মন্তব্য আগবঢ়ায় ৷

তেওঁ কয় যে, বিশেষজ্ঞৰ মতে ভূমিকম্পৰ ফলত কামেং নদী খনৰ পানী মাটি ভৰি পৰাত অক্সিজেনৰ অভাৱ হৈ নদীখনত থকা জীৱকুল মৰিব ধৰিছে ৷ বৰ্তমান বিশেষজ্ঞৰ দ্বাৰা নদী খনৰ জীৱকুলৰ সুৰক্ষাৰ বাবে চিন্তা চৰ্চা কৰি থকা হৈছে । উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰীৰ এই পৰিভ্ৰমণ কালত তেওঁ ছিজুছাত শনিবাৰৰ কেবিনেট সভাৰ উপৰিও যোৱা কালি চিজুছাৰ কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সন্ধিয়া ইটানগৰলৈ উভতি যায় ।

লগতে পঢ়ক : Narayan Chakraborty murder case : পত্নী-কন্যাক গ্ৰেপ্তাৰ লাতশিল আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.