নেশ্যনেল ডেস্ক,2 মাৰ্চ: লাডাখত পুনৰ শ্বহীদ হ’ল ভাৰতীয় সেনা জোৱান ৷ মৃত জোৱানজন ৯০ তম আৰ্মড ৰেজিমেণ্টৰ 38 বছৰীয়া বিক্ৰম সিং নাৰুকা বুলি চিনাক্ত কৰা হৈছে ৷
প্ৰাপ্ত তথ্য অনুসৰি, বিগত 27 ফেব্ৰুৱাৰীত দিনা মৃত বিক্ৰম সিং নাৰুকা আৰু তেওঁৰ আন দুগৰাকী সহকৰ্মীৰ সৈতে সেনাৰ টেংকাৰত তেওঁলোকৰ ৰেজিমেণ্টৰ ফালে গৈ থকা অৱস্থাতে এক পথ দুৰ্ঘটনাত পতিত হয় ৷ যাৰ ফলত গুৰুত্বৰভাৱে আহত হয় মৃত সেনা জোৱান জনৰ লগতে দুই সহকৰ্মী ৷ সেনা-আৰক্ষীৰ সূত্ৰই জনোৱা মতে, টেংকাৰখন চলাই আছিল বিক্ৰমে ৷ এই দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত সেনা জোৱান কেইজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ কিন্তু চিকিৎসকে নাৰুকাক মৃত ঘোষণা কৰে ৷
উল্লেখ্য যে, মৃত সেনা জোৱান বিক্ৰম সিং নাৰুকাই ২০০২ চনত ভাৰতীয় সেনাত যোগদান কৰিছিল ৷ মৃত্যুৰ সময়ত নাৰুকাই পত্নীসহ দুজন পুত্ৰক এৰি থৈ যায় ।
লগতে পঢ়কঃ বাঁহীবাদক প্ৰভাত শৰ্মাৰ দেহাৱসান