ETV Bharat / bharat

Sikkim Landslide: ভাৰতীয় সেনা আৰু সীমান্ত পথ সংস্থাৰ যুটীয়া অভিযানত 3500 পৰ্যটকক উদ্ধাৰ

author img

By

Published : Jun 17, 2023, 5:46 PM IST

ছিকিমত ভয়াবহ ৰূপ ধাৰণ কৰিছে প্ৰকৃতিয়ে ৷ ত্ৰিশক্তি কৰ্পছ, ভাৰতীয় সেনা আৰু সীমান্ত পথ সংস্থাৰ কৰ্মীসকলে প্ৰচণ্ড বৰষুণ আৰু প্ৰতিকূল বতৰকো নেওচি যুটীয়া অভিযান চলাই 3500 পৰ্যটকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷

Army rescues 3500 tourist from landslide in Sikkim
3500 পৰ্যটকক উদ্ধাৰ

তেজপুৰ, 17 জুন: ৰুষ্ট প্ৰকৃতি ৷ বৃহস্পতিবাৰৰ পৰা ছিকিমত মুষলধাৰ বৰষুণৰ ফলত ভয়াবহ ভূমিস্খলনৰ সৃষ্টি হৈছে ৷ শুকুবাৰে ছিকিমৰ চুংথাঙৰ ওচৰৰ এখন দলং ভূমিস্খলনৰ ফলত ভাগি যোৱাৰ ফলত প্ৰায় 3,500 পৰ্যটক পথটোত আৱদ্ধ হৈ পৰিছিল ৷ ইয়াৰ পিচতে পৰ্যটকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷

প্ৰতিৰক্ষা মুখপাত্ৰ লেঃ কৰ্ণেল মহেন্দ্ৰ ৰাৱটে এই বিষয়ে সন্দৰ্ভত কয় যে, ত্ৰিশক্তি কৰ্পছ, ভাৰতীয় সেনা আৰু সীমান্ত পথ সংস্থাৰ কৰ্মীসকলে প্ৰচণ্ড বৰষুণ আৰু প্ৰতিকূল বতৰকো নেওচি নিশাটোৰ ভিতৰতে কাম কৰি পৰ্যটকসকলক উদ্ধাৰৰ সুবিধাৰ বাবে অস্থায়ী ক্ৰছিঙৰ নিৰ্মাণ কৰিছিল ৷ এই ক্ৰছিঙেৰে আৱদ্ধ হৈ থকা পৰ্যটকসকলক নদী পাৰ হ'বলৈ সহায় কৰাৰ লগতে পৰ্যটকসকলক গৰম আহাৰ, টেণ্টেজ আৰু চিকিৎসা সুবিধা প্ৰদান কৰা হৈছিল ৷ শনিবাৰে বিয়লি 3 বজালৈকে 2,000 ত কৈও অধিক পৰ্যটকক উদ্ধাৰ কৰা হৈছিল বুলি জানিব পৰা গৈছে ৷

ইফালে ভগ্ন পথটোৰো পুনৰ নিৰ্মাণৰ কাম সমানেই চলি আছে ৷ অৱশ্যে ইয়াৰ সমান্তৰালকে পৰ্যটকসকলক উদ্ধাৰ অভিযান অব্যাহত থাকিব বুলি ৰাৱটে জানিবলৈ দিয়ে ৷ আগন্তুক সময়ত পথটো পৰিস্কাৰ নোহোৱা পৰ্যন্ত পৰ্যটকসকলক সকলো পৰ্যাপ্ত সুবিধা আগবঢ়োৱা হ’ব বুলি উদ্ধাৰকাৰীসকলে জানিবলৈ দিছে ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে উত্তৰ ছিকিম জিলাত আকস্মিক বানপানীৰ ফলত 10 নং ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হৈ পৰে ৷ বৃহস্পতিবাৰে নিশা উত্তৰ ছিকিমত ধাৰাসাৰ বৰষুণ হয় যাৰ ফলত নদীসমূহ ফেনে ফুটুকাৰে বাঢ়ি আহে ৷ নদীৰ বাঢ়নী পানীয়ে উত্তৰ ছিকিমৰ লাচেন আৰু লাচুঙৰ কেইবাটাও পথ ভাঙি চুৰমাৰ কৰে ৷ ফলত অঞ্চলকেইটাৰ লগত সংযোগ বিছিন্ন হৈ পৰে ৷

আকস্মিক বানপানীৰ ফলত ঘাইপথৰ আন্তঃগাঁথনিৰ গুৰুতৰ ক্ষতি হোৱাৰ লগতে, যান-বাহনৰ চলাচলৰ বাবে অসুৰক্ষিত হৈ পৰিছে ৷ স্থানীয় কৰ্তৃপক্ষই বৰ্তমান পৰিস্থিতিৰ বুজ লৈছে ৷ যান-বাহন চলাচলৰ বাবে ঘাইপথটোৰ মেৰামতিৰ বাবে কিছু সময় লাগিব বুলি বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷ ইয়াৰোপৰি গেংটক-নাথুলা পথৰ জে এন ৰোডৰ কাষত 13 মাইল আৰু থুলো খোলা, ৰে’ল খোলাত ভূমিস্খলনৰ ফলত পথ বন্ধ হৈ পৰিছে ৷

পৰৱৰ্তী জাননী জাৰি নকৰালৈকে তচমগো হ্ৰদ, বাবা মন্দিৰ, নাথুলা আৰু উত্তৰ ছিকিম ভ্ৰমণ কৰিবলৈ অহা সকলো পৰ্যটকৰ অনুমতি বাতিল কৰা হৈছে ৷

লগতে পঢ়ক: Landslides in Meghalaya : মেঘালয়ৰ 6 নং ৰাষ্ট্ৰীয় ঘাইপথ ভূমিস্খলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.