নিউজ ডেস্ক, 13 ডিচেম্বৰ: জম্মু-কাশ্মীৰৰ চোফিয়ান জিলাত কৰ্তব্যৰত অৱস্থাত মৃত্যু হৈছে এজন ভাৰতীয় জোৱানৰ ৷ দেওবাৰে এই তথ্য প্ৰকাশ কৰিছে প্ৰতিৰক্ষা বিভাগৰ এগৰাকী মুখপাত্ৰই ৷
প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ ৰাজেশ কালীয়াই সদৰি কৰা অনুসৰি, আব্দুল মাজিদ দাৰ নামৰ জোৱানজন চোফিয়ান জিলাৰ জাইনাপাৰা অঞ্চলত তহলদাৰী সেনা হিচাপে কৰ্তব্যৰত হৈ আছিল ৷ উক্ত সময়ত আকস্মিকভাৱে পাহাৰৰ বহু উচ্চতাৰ পৰা তললৈ পৰি যায় তেওঁৰ মৃত্যু হয় ৷
ঘটনা সংঘটিত হোৱাৰ পাচতে ভাৰতীয় জোৱানৰ এটা সঁজাতি দলে জোৱান জনক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত সমীপৰ সামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ৷ 2004 চনত ভৰতীয় জোৱানত যোগ দিয়া আব্দুল মাজিদ দাৰৰ মৃত্য়ুৰ সময়ত বয়স আছিল 44 বছৰ ৷ মৃত্যুৰ সময়ত জোৱানজনে দুজন পুত্ৰসহ পত্নীক এৰি যায় ৷
লগতে পঢ়ক:ক’ভিড-19ত আক্ৰান্ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি নাড্ডা