ETV Bharat / bharat

কৰ'ণাসৃষ্ট পৰিস্থিতিৰ বাবে স্থগিত সেনাৰ কামাণ্ডাৰ সন্মিলন - Sanjib Kr Baruah REPORTS ON Army Commanders Conference

ধাৰাবাহিকভাৱে দ্বিতীয় দিনাও ভাৰতত ২ লাখৰো অধিক লোক আক্ৰান্ত হ'ল ক'ভিড-১৯ত । এনে পৰিপ্ৰেক্ষিতত স্থগিত কৰা হৈছে সেনাৰ কামাণ্ডাৰ সন্মিলন । অহা ২৬ এপ্ৰিলৰ পৰা অনুষ্ঠিত হ'বলগীয়া আছিল সামৰিক সন্মিলনখন ।

বৰ্ধিত কৰ'ণা সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত স্থগিত কৰা হৈছে সেনাৰ কামাণ্ডাৰ সন্মিলন

author img

By

Published : Apr 16, 2021, 7:40 PM IST

নেশ্যনেল ডেস্ক, ১৬ এপ্ৰিল: কৰ'ণাসৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত স্থগিত কৰা হ'ল সেনাৰ কামাণ্ডাৰ সন্মিলন । জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ কুমাৰ বৰুৱাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য । বিগত বৰ্ষতো মহামাৰীৰ বাবে স্থগিত কৰা হৈছিল সেনাৰ শীৰ্ষ পৰ্যায়ৰ সন্মিলনখন ।

এক বিশেষ সূত্ৰই ই টিভি ভাৰতক জনোৱা মতে, ৰাজধানী দিল্লীত অহা ২৬ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈ অনুষ্ঠিত হ'বলগীয়া চলিত বৰ্ষৰ সেনাৰ কামাণ্ডাৰ সন্মিলন মহামাৰীৰ সংক্ৰমণ বৃদ্ধিৰ বাবে স্থগিত কৰা হৈছে । সাধাৰণতে প্ৰতি বছৰে মাৰ্চ আৰু অক্টোবৰত অনুষ্ঠিত হোৱা এই সন্মিলন হৈছে ভাৰতীয় সেনাৰ বাবে গুৰুত্বপূৰ্ণ অনুষ্ঠান ।

এই সন্মিলন ভাৰতীয় সেনাৰ পৰিকল্পনা আৰু কাৰ্যকৰীকৰণ প্ৰক্ৰিয়াৰ এক গুৰুত্বপূৰ্ণ অনুষ্ঠান, যি অভিযান, লজিষ্টিক, প্ৰশাসন, মানৱ সম্পদ আৰু কল্যাণ সম্পৰ্কীয় বিষয়বোৰৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয় । আগন্তুক সেনাৰ কামাণ্ডাৰ সন্মিলনত কেইবাটাও গুৰুত্বপূৰ্ণ সমস্যাৰ বিষয়ে চৰ্চা কৰা হ'ব । এই বিষয়বোৰৰ ভিতৰত আছে চীনৰ পিপলছ লিবাৰেচন আৰ্মীৰ সৈতে মুখামুখি পৰিস্থিতি, পাকিস্তানৰ সৈতে চলি থকা যুদ্ধবিৰতি, লগতে সাংগঠনিক আৰু কাৰ্যকৰী সংস্কাৰ সম্পৰ্কীয় আন বহুতো বিষয়ত কামাণ্ড স্থাপনৰ পদক্ষেপ, নিযুক্তি আদি ।

২০২০ চনৰ ২৬-২৯ অক্টোবৰলৈ নতুন দিল্লীত অন্তিমখন সন্মিলন অনুষ্ঠিত হৈছিল । সেনা প্ৰধানৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰীয়ে শীৰ্ষ সামৰিক বিষয়াসকলক সম্বোধন কৰিছিল । উল্লেখ্য যে, শুক্ৰবাৰে পুৱা স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য মতে, ভাৰতত বৃহস্পতিবাৰে ২,১৭,৩৫৩ জন লোক নতুনকৈ ক'ভিড-১৯ত আক্ৰান্ত হৈছে ।

ধাৰাবাহিকভাৱে দ্বিতীয় দিনাও ভাৰতত ২ লাখৰো অধিক লোক আক্ৰান্ত হৈছে । যোৱা ২৪ ঘণ্টাত, ক'ভিডত আক্ৰান্ত হৈ ১,১৮৫ জন লোকৰ মৃত্যু হৈছে । দেশত বৰ্তমান মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ১,৪২,৯১,৯১৭ জন আৰু ইয়াৰ ভিতৰত ১৫,৬৯,৭৪৩টা ঘটনাই সক্ৰিয় হৈ আছে ।

লগতে পঢ়ক:ক'ভিড সমীক্ষাঃ শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.