ETV Bharat / bharat

AP train accident: অন্ধ্ৰ প্ৰদেশৰ ৰে’ল দুৰ্ঘটনাত নিহতৰ সংখ্যা 14 জনলৈ বৃদ্ধি; শতাধিক আহত - 14 গৰাকী লোকৰ মৃত্যু

অন্ধ্ৰপ্ৰদেশৰ বিজিয়ানগৰ জিলাত দুখন যাত্ৰীবাহী ৰে'লৰ সংঘৰ্ষ ৷ 14 গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় 100 জনৰো অধিক লোক আহত হয় ।

AP train accident
মৃতকৰ পৰিয়াললৈ 2 লাখ টকা আৰু আহতসকলৰ বাবে 50 হাজাৰ টকাৰ সাহায্যৰ ঘোষণা প্ৰধানমন্ত্ৰীৰ
author img

By ANI

Published : Oct 30, 2023, 7:59 AM IST

Updated : Oct 30, 2023, 9:25 AM IST

নেশ্যনেল ডেস্ক, 30 অক্টোবৰ : দেওবাৰে অন্ধ্ৰপ্ৰদেশৰ বিজিয়ানগৰ জিলাত দুখন যাত্ৰীবাহী ৰে'লৰ সংঘৰ্ষত কমেও 14 গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় 100 জনৰো অধিক লোক আহত হয় ।

পালাছাৰ পৰা বিজিয়ানগৰ অভিমুখে আহি থকা দুখন পালাছা যাত্ৰীবাহী ৰে’ল 08532 বিশাখাপট্টনম-পালাছা যাত্ৰীবাহী আৰু 08504 বিশাখাপট্টনম-ৰায়গড়া যাত্ৰীবাহী ৰে’ল দুখনৰ মাজত ট্ৰেক ক্ৰছিঙৰ সময়ত সংঘৰ্ষৰ সৃষ্টি হোৱাৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনাতো ৷ ৰে’লৱে বিষয়াসকলে জনোৱা মতে, ৰায়গড়া যাত্ৰীবাহী ৰে’লৰ 3 টা ডবা দুৰ্ঘটনাৰ ফলত ৰে’লপথৰ পৰা বাহিৰ হৈ যায় ৷

দুৰ্ঘটনাটোৰ ফলত দ্বিতীয়খন ৰে’লৰ চাৰিটা ডবা ট্ৰেকৰ পৰা লাইনচ্যুত হৈছিল । ইফালে ঘটনাৰ পিচতে বিদ্যুতৰ তাঁৰ বিচ্ছিন্ন হৈ যোৱাৰ লগে লগে ঘটনাস্থলী অন্ধকাৰ হৈ পৰিছিল ৷ আন্ধাৰত একো দেখা নোপোৱাৰ বাবে এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ দুৰ্ঘটনাটোৰ ফলত ৰে’লৰ দবাসমূহ এটাৰ ওপৰত আন এটা উঠি যায় ৷

ডি আৰ এমে কোৱা অনুসৰি, " ঘটনাটোৰ বিষয়ে খবৰ লাভ কৰাৰ পিচতে স্থানীয় আৰক্ষী, ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগ আৰু ৰাজহ কৰ্তৃপক্ষই উদ্ধাৰ আৰু সাহায্য অভিযান চলাবলৈ ঘটনাস্থলীত উপস্থিত হৈছিল ৷" এই ভয়ংকৰ দুৰ্ঘটনাৰ পিচতেই13 খনকৈ ৰে’লৰ চলাচল বাতিল কৰা হয় ৷ ৰে'ল বিষয়াসকলে জনোৱা মতে, দুয়োখন ৰে'লত 14 টা কৈ ডবা আছিল ।

অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাইএছ জগন মোহন ৰেড্ডীয়ে ঘটনা সন্দৰ্ভত শোক প্ৰকাশ কৰি কৈছিল যে, তেওঁ জিলা কৰ্তৃপক্ষক জৰুৰী সাহায্য ব্যৱস্থা ৰূপায়ণ কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে । চুবুৰীয়া জিলা বিশাখাপট্টনম আৰু অনকপল্লীৰ এম্বুলেন্সসমূহ এই দুৰ্ঘটনাৰ বাবে নিয়োজিত কৰা হ'ব ৷ তেওঁ লগতে এই দুৰ্ঘটনাত নিহত লোকৰ নিকাটাত্মীয়লৈ ১০ লাখ টকা আৰু গুৰুতৰভাৱে আহতসকলৰ বাবে ২ লাখ টকা সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰে ৷ ইয়াৰ উপৰি আন ৰাজ্যৰ নিহত লোকৰ নিকাটাত্মীয়লৈ ২ লাখ টকা আৰু গুৰুতৰভাৱে আহতসকলৰ বাবে ৫০ হাজাৰ টকা সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰে ৷

আনহাতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিজন মৃতকৰ নিকটাত্মীয়ৰ বাবে 2 লাখ টকা আৰু আহতসকলৰ বাবে 50 হাজাৰ টকাৰ সাহায্য ঘোষণা কৰে বুলি প্ৰধানমন্ত্ৰী কাৰ্যালয়ে জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, এই দুৰ্ঘটনাত মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা ৷

লগতে পঢ়ক: Andhra Train Accident : ক্ৰচিঙৰ সময়ত দুখন ৰে’লৰ সংঘৰ্ষ, 6 জন যাত্ৰীৰ মৃত্যু

Last Updated : Oct 30, 2023, 9:25 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.