নেশ্যনেল ডেস্ক, ১৬ অক্টোবৰ : মাওবাদীৰ বিৰুদ্ধে পুনৰ সষ্টম হৈছে ওড়িশা আৰক্ষী । শুকুৰবাৰে পুৱতি নিশা মাওবাদীৰ বিৰুদ্ধে ৰাজ্যখনৰ তুলাচী পাহাৰ অঞ্চলত এক বৃহৎ অভিযান আৰম্ভ কৰা হৈছিল । মাথিলি আৰক্ষী থানাৰ সীমাৰ অন্তৰ্গত অঞ্চলটোৰ এই অভিযানত আছে জিলা স্বেচ্ছাসেৱী বাহিনী (DVF), বিশেষ অভিযান গোট (SOG) আৰু জিলা আৰক্ষীৰ এটা যুটীয়া দল ।
শনিবাৰেও এই অভিযান অব্যাহত থাকিব । বিশেষ সূত্ৰৰ মতে, অঞ্চলটোত মাওবাদীৰ উপস্থিতিৰ বিষয়ে সন্ধান লাভ কৰিছিল আৰক্ষীয়ে ৷ এক গোপন সূত্ৰৰ ভিত্তিত এই অভিযান আৰম্ভ হৈছিল । এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে অভিযানকাৰী দলটো দেওবাৰে উভতি অহাৰ সম্ভাৱনা আছে ।
লগতে তেওঁ কয় অভিযানকাৰী দলটো উভতি অহাৰ পাছতহে অভিযানৰ সবিশেষ জানিব পৰা যাব ।
লগতে পঢ়ক : নক্সালবাদী নেতা আক্কি ৰাজু হৰগোপালৰ মৃত্যু