ETV Bharat / bharat

জানুৱাৰীৰ পৰা কৃষকৰ সমৰ্থনত আন্দোলনত নামিব আন্না হাজাৰে

কৃষক আন্দোলনৰ প্ৰতি মুকলি সমৰ্থন আন্না হাজাৰেৰ ৷ আগন্তুক বৰ্ষৰ জানুৱাৰী মাহৰ পৰাই কৃষক আন্দোলনত চামিল হ’ব আন্না হাজাৰে ৷

জানুৱাৰীৰ পৰা কৃষকৰ সমৰ্থনত আন্দোলনত নামিব আন্না হাজাৰে
জানুৱাৰীৰ পৰা কৃষকৰ সমৰ্থনত আন্দোলনত নামিব আন্না হাজাৰে
author img

By

Published : Dec 29, 2020, 10:03 PM IST

নিউজ ডেস্ক, 29 ডিচেম্বৰ : কৃষি আইন 2020ক লৈ ইতিপূৰ্বেই সৰৱ ভূমিকা পালন কৰিছে আন্না হাজাৰে ৷ এইবাৰ কৃষকৰ আন্দোলনক মুকলিকৈ সমৰ্থন আগবঢ়াইছে হাজাৰে ৷ কেন্দ্ৰীয় চৰকাৰে কৃষকৰ সমৰ্থনত নাহিলে অনশনৰ ভাবুকি প্ৰদান কৰিছিল আন্না হাজাৰে ৷ মহাৰাষ্ট্ৰৰ আহমেদনগৰ জিলাৰ ৰালেগাঁৱত এখন সভাত অংশগ্ৰহণ কৰি কৃষকৰ আন্দোলনৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাই আগন্তুক জানুৱাৰীৰ পৰাই কৃষক আন্দোলনত চামিল হোৱাৰ কথা প্ৰকাশ কৰে সমাজসেৱীগৰাকীয়ে ৷

বিগত 15 ডিচেম্বৰত কৃষিমন্ত্ৰী নৰেন্দ্ৰ তোমৰলৈ লিখা এখন পত্ৰত কৃষকৰ সমৰ্থনত অনশনত বহাৰ কথা প্ৰকাশ কৰিছিল হাজাৰে ৷ যদিহে কৃষকৰ এই আন্দোলনক স্বীকৃতি প্ৰদান নকৰি কৃষকৰ স্বাৰ্থৰ বিপৰীতে কাম কৰে তেতিয়াহ’লে আন্দোলনত অংশগ্ৰহণ কৰাৰ কথা জনাইছিল আন্না হাজাৰে ৷ ইয়াৰ লগতে এম এছ স্বামীনাথন কমিটীৰ প্ৰতিবেদন বাস্তৱায়িত কৰাৰ বাবেও পত্ৰখনত উল্লেখ কৰিছিল তেওঁ ৷ কৃষিমন্ত্ৰীলৈ লিখা এই পত্ৰ প্ৰেৰণৰ পিচতেই মহাৰাষ্ট্ৰৰ বৰ্ষীয়ান বিজেপি নেতা তথা মহাৰাষ্ট্ৰ বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হৰিভাউ বাগদে সাক্ষাৎ কৰিছিল আন্না হাজাৰেক ৷ এই সাক্ষাতৰ সময়তে বাগদে হাজাৰেক তিনিওখন কৃষি আইন সন্দৰ্ভত বিস্তৃত বাখ্যাও আগবঢ়াইছিল ৷

ইয়াৰ পিচতেই আন্না হাজাৰে কৈছিল যে, যদি এম এছ স্বামীনাথন কমিটীৰ নিৰ্দেশনাসমূহ বাস্তৱায়িত কৰা হয় তেতিয়া সমগ্ৰ দেশতে কৃষকৰ আত্মহত্যাৰ ঘটনাৰ অন্ত পৰিব ৷ আন্না হাজাৰে শাক-পাচলি, ফল-মূল আৰু গাখীৰতো নূন্যতম সমৰ্থন মূল্য নিৰ্ধাৰণ কৰাৰ বাবে দাবী উত্থাপন কৰিছিল ৷ অৱশ্যে জানুৱাৰীৰ কোন তাৰিখৰ পৰা হাজাৰে অনশনত বহিব সেয়া এতিয়ালৈকে স্পষ্টকৈ জনোৱা নাই ৷

মঙলবাৰে কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইনৰ বিৰুদ্ধে চলা কৃষকৰ আন্দোলনে 33 দিন অতিক্ৰম কৰে ৷ অহা 30 ডিচেম্বৰত কৃষক সংগঠনসমূহক পুনৰবাৰ কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাত বহিবলৈ আমন্ত্ৰণ জনাইছে কেন্দ্ৰীয় চৰকাৰে ৷

লগতে পঢ়ক : নগাঁৱত কৃষকৰ ওপৰত বীৰত্ব প্ৰদৰ্শন আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.