ETV Bharat / bharat

Amit Shah on Opposition Meeting : বিৰোধীৰ সভাক ফটো ছেছন আখ্যা অমিত শ্বাহৰ - Union Home Minister Amit Shah

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ আমন্ত্ৰণক্ৰমে পাটনাত অনুষ্ঠিত হৈছে বিৰোধী দলসমূহৰ ঐক্যবদ্ধ সভা । ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি শাসনক ওফৰাবলৈ এক ঐক্যবদ্ধ বিকল্প গঠন কৰিবলৈ এই বিৰোধী বৈঠক অনুষ্ঠিত হৈছে ।

Amit Shah on Opposition Meeting
Amit Shah on Opposition Meeting
author img

By

Published : Jun 23, 2023, 4:34 PM IST

নিউজ ডেস্ক, ২৩ জুন : পাটনাত চলি থকা বিৰোধী বৈঠকক এক 'ফটো ছেছেন'হে বুলি অভিহিত কৰি বিৰোধীক তীব্ৰ কটাক্ষ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে । তেওঁ লগতে বিশ্বাস ব্যক্ত কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনতো ক্ষমতা নিজৰ দখলত ৰাখিব ।

"আজি পাটনাত এখন ফটো ছেছন চলি আছে । সকলো বিৰোধী নেতা একেখন মঞ্চত একত্ৰিত হৈছে । তেওঁলোকে (বিৰোধীয়ে) বিজেপি, ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট (এনডিএ) আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰত্যাহ্বান জনাব বিচাৰে ।" শুকুৰবাৰে বিৰোধী বৈঠক সন্দৰ্ভত অমিত শ্বাহে কয় ।

"মই বিৰোধী নেতাসকলক ক'ব বিচাৰোঁ যে আপোনালোক ঐক্যবদ্ধ হ'ব নোৱাৰে । আৰু যদি কিবা কাৰণত আপোনালোক ঐক্যবদ্ধ হয়ো, তেন্তে এয়া নিশ্চিত যে ২০২৪ চনত প্ৰধানমন্ত্ৰী মোদীয়ে ৩০০ খনতকৈও অধিক আসন লাভ কৰি পুনৰবাৰ প্ৰধানমন্ত্ৰী হ'ব ।" অমিত শ্বাহে লগতে কয় । আনহাতে, শ্বাহৰ কেবিনেট সতীৰ্থ স্মৃতি ইৰাণীয়েও বিৰোধী বৈঠকক ৰগৰ কৰি কয় যে কংগ্ৰেছে স্বীকাৰ কৰিছে যে তেওঁলোকে অকলে প্ৰধানমন্ত্ৰী মোদীক পৰাস্ত কৰিব নোৱাৰে আৰু এনে কৰিবলৈ তেওঁলোকক আনৰ সমৰ্থনৰ প্ৰয়োজন ।

"মই বিশেষকৈ কংগ্ৰেছক ৰাজহুৱাভাৱে ঘোষণা কৰাৰ বাবে ধন্যবাদ জনাইছোঁ যে তেওঁলোকে প্ৰধানমন্ত্ৰী মোদীক অকলে পৰাস্ত কৰিব নোৱাৰে । আৰু এনে কৰিবলৈ হ'লে তেওঁলোকক আনৰ সমৰ্থনৰ প্ৰয়োজন । এইটো আনন্দৰ কথা যে সেই লোকসকল একত্ৰিত হৈছে, যিসকলে মোদীজীৰ সন্মুখত তেওঁলোকৰ নিজৰ সামৰ্থ্য পৰ্যাপ্ত নহয় বুলি ৰাষ্ট্ৰক ইংগিত দিব বিচাৰে ।" নতুন দিল্লীত সাংবাদিকৰ আগত ইৰাণীয়ে কয় ।

উল্লেখ্য, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপিক শাসনৰ পৰা ওফৰাবলৈ এক ঐক্যবদ্ধ বিকল্প গঠন কৰিবলৈ বিৰোধী বৈঠকৰ আহ্বান জনায় । কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ শীৰ্ষ নেতা শৰদ পাৱাৰ, এছপি নেতা অখিলেশ যাদৱ, শিৱসেনাৰ (উদ্ধৱ বালাচাহেব থাকৰে) মুৰব্বী উদ্ধৱ ঠাকৰে, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন, দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ লগতে বহু নেতা বৈঠকত উপস্থিত আছে ।

লগতে পঢ়ক :Patna opposition meet today : প্ৰায় ১৮ টাকৈ দলৰ নেতাই অংশগ্ৰহণ কৰিব বৈঠকত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.