ETV Bharat / bharat

প্ৰমোদ ভ্ৰমণৰ অন্ত : অসমমুখী হ’ল এআইইউডিএফৰ 20 প্ৰাৰ্থী - জয়পুৰ বিমানবন্দৰত AIUDF প্ৰাৰ্থী

শুকুৰবাৰে জয়পুৰস্থিত ফেয়াৰম’ণ্ট হোটেলৰ পৰা অসমলৈ ৰাওনা এআইইউডিএফৰ প্ৰাৰ্থীসকল ৷ আৰক্ষী-নিৰাপত্তাৰক্ষীৰ মাজেৰে হোটেলৰ পৰা বাছেৰে জয়পুৰ বিমানবন্দৰলৈ যাব প্ৰাৰ্থীসকল ৷

AIUDF MLA candidates return to Assam
অসমলৈ ৰাওনা AIUDF প্ৰাৰ্থী
author img

By

Published : Apr 16, 2021, 10:49 AM IST

Updated : Apr 16, 2021, 11:39 AM IST

নেশ্যনেল ডেস্ক, 16 এপ্ৰিল : ৰাজস্থানৰ জয়পুৰস্থিত ফেয়াৰম’ণ্ট হোটেলৰ পৰা শুকুৰবাৰে অসমলৈ ৰাওনা হৈছে এআইইউডিএফৰ 20 গৰাকীকৈ প্ৰাৰ্থী ৷ মুঠ 8 দিন ধৰি বিলাসী হোটেলখনত থাকি বৈঠকত ভাগ লোৱাৰ পাচত জয়পুৰৰ পৰা বিদায় লৈছে দলটোৰ প্ৰাৰ্থীসকলে ৷ আৰক্ষী-নিৰাপত্তাৰক্ষীৰ আৱেষ্টনীৰ মাজেৰে হোটেলৰ পৰা বাছেৰে জয়পুৰ বিমানবন্দৰত উপস্থিত হৈ তাৰ পৰা বিমানযোগে অসমলৈ যাব এআইইউডিএফ প্ৰাৰ্থীসকল ৷

উল্লেখ্য যে, চলিত মাহৰ 9 তাৰিখে জয়পুৰৰ বিলাসী হোটেল ফেয়াৰম’ণ্টত উপস্থিত হৈছিল এইবেলি বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা এআইইউডিএফৰ 20 গৰাকীকৈ প্ৰাৰ্থী ৷ হোটেলত উপস্থিত হোৱাৰ পাচতে ৰাজস্থান চৰকাৰৰ চীফ হুইপ ড৹ মহেশ যোশীৰ লগতে বিধায়ক ৰফীক খানে সম্বৰ্ধনা জনায় প্ৰাৰ্থীসকলক ৷ ইয়াৰ পূৰ্বেও দেশখনৰ ৰাজনৈতিক সংকটৰ সন্মুখীন হৈ মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আৰু গুজৰাটৰ প্ৰাৰ্থীসকলক এইখন হোটেলৰ এটা বেষ্টনীত ৰখা হৈছিল ।

অসমলৈ ৰাওনা AIUDF প্ৰাৰ্থী

বিগত বৰ্ষত ৰাজস্থানৰ ৰাজনৈতিক সংকটৰ সময়তো কংগ্ৰেছ বিধায়কসকলক হোটেল ফেয়াৰমাউণ্টতেই ৰখা হৈছিল । আকৌ এবাৰ অসম বিধানসভা নিৰ্বাচনৰ পাচত কংগ্ৰেছ চৰকাৰৰ নেতৃত্বত এইসকল এআইইউডিএফ প্ৰাৰ্থীক ফেয়াৰম’ণ্টলৈ নিয়া হয় ।

ৰাজস্থান চৰকাৰৰ চীফ হুইপ ড৹ মহেশ যোশীয়ে কয় যে ,‘‘যদি কোনো দলৰ কোনো নেতা আমাৰ আশ্ৰয়লৈ আহে, তেন্তে আমি তেওঁক সন্মান জনাওঁ ৷ সেয়া বিজেপিৰেই হওক বা আন দলৰ নেতাই হওক । আমাৰ কাম হৈছে কেৱল তেওঁলোকক আতিথ্য আপ্যায়ন কৰা’’ ।

আগন্তুক 2 মে’ত অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব আৰু এই প্ৰাৰ্থীসকলক বেষ্টনীলৈ ঘূৰাই অনাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : পিএম-কেয়াৰ্ছ পুঁজিৰ অধীনত 100 খন নতুন হাস্পতালত থাকিব অক্সিজেন প্ৰকল্প

Last Updated : Apr 16, 2021, 11:39 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.