ETV Bharat / bharat

ত্ৰিপুৰাৰ নিবনুৱা অভিযন্তাক অতি শীঘ্ৰে নিযুক্তি প্ৰদানৰ দাবী তৃণমূল কংগ্ৰেছৰ

author img

By

Published : Mar 17, 2022, 5:34 PM IST

ত্ৰিপুৰাৰ নিবনুৱা সমস্যাক লৈ উদ্বিগ্ন সৰ্ব ভাৰতীয় তৃণমূল কংগ্ৰেছ (AITC concerned over unemployment problem in Tripura)। ৰাজ্যখনৰ ৫,০০০ অভিযন্তাক তাৎক্ষণিকভাৱে নিযুক্তি প্ৰদানৰ বাবে দলটোৰ ত্ৰিপুৰাৰ আহ্বায়ক সুবল ভৌমিকে দাবী জনায় । যোৱা ছয় বছৰত অভিযন্তাসকলৰ নিযুক্তিৰ বাবে চৰকাৰে কোনো ধৰণৰ অভিযান চলোৱা নাই ।

Tripura
ত্ৰিপুৰাৰ নিবনুৱা অভিযন্তাক অতি শীঘ্ৰে নিযুক্তি প্ৰদানৰ দাবী

আগৰতলা,১৭ মাৰ্চ : ত্ৰিপুৰাত নিবনুৱা সমস্যাই ভয়ংকৰ ৰূপ লৈছে (Unemployment problem in Tripura)। বিশেষকৈ শিক্ষিত নিবনুৱাসকলে চাকৰিৰ সন্ধানত থকাৰ পাছতো চৰকাৰে নতুন নিযুক্তি দিয়া নাই । বিগত প্ৰায় ৬ বছৰ ধৰি ৰাজ্যখনত নতুনকৈ অভিযন্তা নিযুক্তি দিয়া হোৱা নাই । যাৰ বাবে ক্ষোভিত হৈ পৰিছে চাকৰিৰ সন্ধানত থকা শিক্ষিত অভিযন্তাসকল ।

ইতিমধ্যে এই সন্দৰ্ভত নিবনুৱা অভিযন্তাৰ এটা দলে চৰকাৰৰ উৰ্ধতম কতৃপক্ষলৈ পত্ৰও প্ৰেৰণ কৰিছে । অভিযন্তাসকলৰ এনে দুৰ্দশাৰ বাতৰি প্ৰকাশ পোৱাৰ পাছতে জাঙুৰ খাই উঠিছে সৰ্ব ভাৰতীয় তৃণমূল কংগ্ৰেছ (AITC)। বুধবাৰে এক সংবাদমেলযোগে দলটোৱে নিবনুৱা সমস্যাক লৈ উদ্বেগ প্ৰকাশ কৰে । ৰাজ্যখনৰ ৫,০০০ অভিযন্তাক তাৎক্ষণিকভাৱে নিযুক্তি প্ৰদানৰ বাবে দলটোৰ ত্ৰিপুৰাৰ আহ্বায়ক সুবল ভৌমিকে দাবী জনায় (Subal Bhowmik demanded immediate recruitment of engineers)।

ত্ৰিপুৰাৰ নিবনুৱা অভিযন্তাক অতি শীঘ্ৰে নিযুক্তি প্ৰদানৰ দাবী তৃণমূল কংগ্ৰেছৰ

ভৌমিকৰ মতে এটা সময় আছিল যেতিয়া কেন্দ্ৰীয় চৰকাৰৰ অধীনত চেইল (SAIL) আৰু কোল ইণ্ডিয়াত (Coal India) বহুতো অভিযন্তাক নিযুক্তি দিয়া হৈছিল । কিন্তু ত্ৰিপুৰাত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাৰ পাছত যুৱ পেছাদাৰীসকলক নিযুক্তি দিয়া হোৱা নাই বুলি তেওঁ অভিযোগ কৰে ।

তৃণমূলৰ নেতাগৰাকীয়ে ৰাজ্য চৰকাৰৰ খালী পদসমূহৰ বিষয়ে উল্লেখ কৰি কয় যে খালী পদ থকা স্বত্বেও ৰাজ্য চৰকাৰে বিষয়টোত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । চৰকাৰে অতি শীঘ্ৰে খালী পদসমূহ পূৰণৰ ব্যৱস্থা কৰিব লাগে বুলি তেওঁ দাবী জনায় । বিশেষকৈ ৰাজ্যখনৰ যোগ্য অভিযন্তাসকলৰ মাজত নিবনুৱাৰ সংখ্যা বৃদ্ধি হোৱাক লৈ তেওঁ কয় যে ৰাজ্যখনত ৫,০০০ তকৈও অধিক নিবনুৱা অভিযন্তা থকা স্বত্বেও যোৱা ছয় বছৰত অভিযন্তাসকলৰ নিযুক্তিৰ বাবে চৰকাৰে কোনো ধৰণৰ অভিযান চলোৱা নাই ।

উল্লেখ্য যে ২০০৭ চনৰ পৰা ২০১৬ চনৰ মাজৰ সময়ছোৱাত ৰাজ্যখনত একাধিক নিযুক্তি অভিযান দেখা পোৱা গৈছিল যাৰ ফলত ৰাজহুৱা নিৰ্মাণ বিভাগ, জল সম্পদ আৰু অন্যান্য বিভিন্ন বিভাগত ১,০০০ অভিযন্তাক নিয়োগ কৰা হৈছিল ।

লগতে পঢ়ক :Vaccination drive in Tripura : ত্ৰিপুৰাত কিশোৰ-কিশোৰীক প্ৰদান Corbevax প্ৰতিষেধক

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.