আগৰতলা,28 মাৰ্চ: ৰাজ্যিক মৰ্যদাৰে শেষ বিদায় জনোৱা হ'ল ত্ৰিপুৰাৰ শ্বহীদ চিআৰপিএফ সেনা জোৱান মংগৰাম দেৱবৰ্মাক ৷ গোমতি জিলাৰ দক্ষিণ টাইড়ু গাঁৱৰ নিজা বাসগৃহলৈ নিহত সেনা জোৱান গৰাকীৰ নিথৰ শৰীৰ আহি পোৱাৰ লগে লগে জোৱান গৰাকীৰ পত্নী আৰু তিনি সন্তান ক্ৰমে ৰাজেশ্বৰ, শ্ৰিমিলা আৰু চুশ্ৰিমীৰ হিয়া ভগা কান্দোনে সমগ্ৰ পৰিৱেশ শোকাকুল কৰি তোলে ৷
তিনিবৰণীয়া পতাকাৰে মেৰিয়াই অনা মংগৰামক পৰম্পৰাগত নিয়মৰ মাজেদি শেষকৃত্য জনোৱাৰ সময়ত পৰিয়ালৰ লগতে সকলো গাঁৱবাসীয়ে দেশৰ বাবে তেওঁৰ অৱদানক সুঁৱৰি গৰ্বত উথলি উঠে ৷
জানিব পৰা মতে, শনিবাৰে ৰাতিপুৱা সেনা জোৱান গৰাকীৰ নশ্বৰ দেহ মহাৰাজা বিক্ৰম বিক্ৰম বিমানবন্দৰত আহি পোৱাৰ লগে লগে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ, সাংসদ প্ৰতিমা ভৌমিক, আইজিপি সতপাল ৰাৱট, ড৹ শৈলেশ কুমাৰ যাদৱ, এমবিবি বিমানবন্দৰৰ সঞ্চালক ৰাজীৱ কাপুৰ, এচডিএম অসীম সাহাৰ লগতে অন্য বহুলোকে সেনা গৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৷
মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে শ্বহীদৰ পৰিয়াললৈ চৰকাৰৰ ফালৰ পৰা 5 লাখ টকা ঘোষণা কৰাৰ লগতে সম্ভৱপৰ সকলো সাহায্য আগবঢ়োৱা হ'ব বুলি জানিবলৈ দিয়ে ৷
উল্লেখ্য যে, 73 বেটেলিয়নৰ চিআৰপিএফত উপ পৰিদৰ্শক হিচাপে কৰ্মৰত মংগৰাম দেৱবৰ্মাই অন্যান্য সতীৰ্থৰ সৈতে বৃহস্পতিবাৰে শ্ৰীনগৰত সন্ত্ৰাসবাদীৰ গুলীত নিহত হৈছিল ৷ 1988 চনত চিআৰএফত যোগদান কৰা মংগৰামৰ চলিত বৰ্ষৰ 26 ফেব্ৰুৱাৰীত উপ পৰিদৰ্শক হিচাপে পদোন্নতি হৈছিল ৷
লগতে পঢ়ক: প্ৰধানমন্ত্ৰীৰ ভাষণক লৈ সমালোচনা: ক্ষমা বিচাৰিলে শশী থাৰুৰে