ETV Bharat / bharat

নিৰ্বাচনী প্ৰচাৰৰ মাজতে অসুস্থ হৈ পৰিল অভিনেতা মিঠুন চক্ৰবৰ্তী

author img

By

Published : Apr 19, 2021, 11:00 AM IST

ৰায়গঞ্জত অনুষ্ঠিত হোৱা বিজেপিৰ জনসভাত অংশগ্ৰহণ কৰি অসুস্থ হৈ পৰে অভিনেতা তথা ভাৰতীয় জনতা পাৰ্টিৰ নেতা মিঠুন চক্ৰবৰ্তী ৷ বৰ্তমান অভিনেতা গৰাকীক 24 ঘণ্টাৰ বাবে চিকিৎসক সকলৰ দ্বাৰা বিশেষ পৰ্যৱেক্ষণত ৰখা হৈছে ৷

নিৰ্বাচনী প্ৰচাৰৰ মাজতে অসুস্থ হৈ পৰিল অভিনেতা মিথুন চক্ৰৱৰ্তী

নিউজ ডেস্ক,19 এপ্ৰিল : বলীউডৰ বলিষ্ঠ অভিনেতা তথা ভাৰতীয় জনতা পাৰ্টিৰ নেতা মিঠুন চক্ৰবৰ্তী শাৰিৰীক ভাৱে অসুস্থ ৷ দেওবাৰে ৰায়গঞ্জত বিজেপিৰ অনুষ্ঠিত এখন বিশাল জনসভাত অংশগ্ৰহণ কৰিছিল অভিনেতা গৰাকী ৷ এই সভাতেই অসুস্থ হৈ পৰে অভিনেতা গৰাকী ৷ প্ৰচণ্ড গৰমৰ বাবে হোৱা ডিহাইড্ৰেচনৰ ফলতে নেতা গৰাকী অসুস্থ হৈ পৰে বুলি জানিব পৰা গৈছে ৷

প্ৰাপ্ত খবৰ অনুসৰি, অভিনেতা তথা ভাৰতীয় জনতা পাৰ্টিৰ নেতা মিঠুন চক্ৰবৰ্তীয়ে বিজেপি প্ৰাৰ্থী কৃষ্ণ কল্যাণীৰ সমৰ্থনত ৰোড শ্ব' কৰিবলৈ ৰায়গঞ্জত উপস্থিত হৈছিল আৰু অংশগ্ৰহণ কৰিছিল এখন বিশাল জনসভাত ৷

ইফালে, অভিনেতা গৰাকীয়ে অসুস্থ হৈ পৰাৰ লগে-লগে তেখেতক ৰায়গঞ্জৰ পৰা হেলিকপ্টাৰেৰে কলকাতালৈ লৈ যোৱা হয় । কলকাতাত উপস্থিত হোৱাৰ পিছতে চিকিৎসক সকলে তেখেতৰ স্বাস্থ্যৰ অৱস্থা পৰীক্ষা কৰে । বৰ্তমান অভিনেতা গৰাকীক 24 ঘণ্টাৰ বাবে বিশেষ পৰ্যৱেক্ষণত ৰখা হৈছে ।

অন্য এক খবৰৰ বাবে: কৰিমগঞ্জত হাত-মুখ বন্ধা অৱস্থাত উদ্ধাৰ দুই যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.