ETV Bharat / bharat

ভাৰতত অনুপ্ৰৱেশৰ বাবে সাজু হৈ আছে ২০০ ৰো অধিক সন্ত্ৰাসবাদী

author img

By

Published : Jul 3, 2022, 6:14 PM IST

জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত পুনৰ সক্ৰিয় হৈ উঠিছে সন্ত্ৰাসবাদীৰ ঘাটি (Terrorist launch pads active across LoC)। জম্মু-কাশ্মীৰ অঞ্চলত অধিক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে । অমৰনাথ যাত্ৰা আৰম্ভ হোৱাৰ সময়তে চোৰাংচোৱাই এই তথ্য প্ৰকাশ কৰিছে ।

LoC
ভাৰতত অনুপ্ৰৱেশৰ বাবে সাজু হৈ আছে ২০০ ৰো অধিক সন্ত্ৰাসবাদী

নেশ্যনেল ডেস্ক,৩ জুলাই : জম্মু-কাশ্মীৰৰ ভাৰত-পাক সীমান্তত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ অব্যাহত আছে । বহু স্থানত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজক সংঘৰ্ষও চলি আছে । ইফালে কোনো কোনো স্থানত পাকিস্তানৰ পৰা সন্ত্ৰাসবাদীয়ে ভাৰতত প্ৰৱেশৰ চেষ্টা অব্যাহত ৰাখিছে । ইয়াৰ মাজতে আন এক ভয়ংকৰ খবৰ ।

পাকিস্তান অধ্যুষিত কাশ্মীৰৰ (PoK) নিয়ন্ত্ৰণ ৰেখাৰ (LoC) সমীপত পুনৰ সক্ৰিয় হৈছে সন্ত্ৰাসবাদীৰ ঘাটি (Terrorist launch pads active across LoC)। যিকোনো মূহুৰ্তত ভাৰতত প্ৰৱেশ কৰিব পাৰে ২০০ ৰো অধিক সন্ত্ৰাসবাদী (More than 200 terrorists ready to infiltrate)। চোৰাংচোৱাৰ প্ৰতিবেদনত এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে । যাৰ বাবে জম্মু-কাশ্মীৰত অধিক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে (Jammu and Kashmir are on maximum vigilance)।

এই ভাবুকিৰ কথা বিবেচনা কৰি, যিকোনো অনুপ্ৰৱেশৰ প্ৰচেষ্টা বিফল কৰিবলৈ নিয়ন্ত্ৰণ ৰেখাত সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) লগতে সেনাৰ টহল অধিক সক্ৰিয় কৰি তোলা হৈছে । গোপন সূত্ৰৰ পৰা জানিব পৰা মতে সন্ত্ৰাসবাদীসকলে জম্মু আৰু কাশ্মীৰত অনুপ্ৰৱেশ কৰিবলৈ সুৰংগ বা নদী আদি ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব পাৰে । সন্ত্ৰাসবাদীসকল মূলত লস্কৰ-ই-তৈবা (LeT), জৈইচ-ই-মহম্মদ (JeM) আৰু হিজবুল মুজাহিদীন (HM)ৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে ।

এগৰাকী বিষয়াই জনোৱা মতে যিহেতু সন্ত্ৰাসবাদীয়ে অনুপ্ৰেৱশৰ বাবে বাচি লোৱা প্ৰায়বোৰ পথ ইতিমধ্যে উন্মোচিত হৈছে সেয়েহে তেওঁলোকে সুৰংগ বা নদীৰ দ্বাৰা অনুপ্ৰৱেশৰ পৰিকল্পনা কৰিছে । আন এগৰাকী বিষয়াই কোৱা মতে সন্ত্ৰাসবাদীসকলে এতিয়া পীৰ পাঞ্জালৰ দক্ষিণৰ অঞ্চল ৰাজৌৰী-পুঞ্চ পথেৰে ভাৰতত প্ৰৱেশৰ চেষ্টা চলাই আছে ।

কাশ্মীৰ উপত্যকাত অনুপ্ৰৱেশৰ হাৰ হ্ৰাস পাইছে বুলিও উল্লেখ কৰে বিষয়াগৰাকী । যিহেতু প্ৰায় ২ বছৰৰ অন্তত যোৱা ৩০ জুনত অমৰনাথ যাত্ৰা আৰম্ভ হৈছে । সেয়েহে নিয়ন্ত্ৰণ ৰেখাত সন্ত্ৰাসবাদীৰ ঘাটি সক্ৰিয় হোৱা খবৰ অতি উদ্বেগজনক হৈ পৰিছে ।

বিষয়াগৰাকীয়ে উল্লেখ কৰা মতে সন্ত্ৰাসবাদীৰ বেছিভাগ প্ৰচেষ্টাই বিফল হৈছে । কিয়নো একাধিক অভিযানত বহু সন্ত্ৰাসবাদী নিহত হৈছে । এই বছৰৰ ২৮ জুনলৈকে ১২১ টা সন্ত্ৰাসবাদী নিহত হৈছে আৰু ইয়াৰে সৰ্বাধিক সংখ্যক আছিল LeT (৬৮), JeM (২৯) আৰু HM (১৬)ৰ । আনহাতে বিদেশী সন্ত্ৰাসবাদীৰ সংখ্যা প্ৰায় শূন্য আছিল ।

১২১ টা সন্ত্ৰাসবাদীৰ ভিতৰত ৭ টা অচিনাক্ত আছিল আৰু এটা ইছলামিক ষ্টেট জম্মু আৰু কাশ্মীৰৰ (ISJK) আছিল বুলি বিষয়াগৰাকীয়ে উল্লেখ কৰে । ইফালে ২০২১ চনত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি চুক্তিৰ পিছৰে পৰা নিয়ন্ত্ৰণ ৰেখাত সামগ্ৰিক পৰিস্থিতি শান্তিপূৰ্ণ হৈ আছে । বিষয়াগৰাকীয়ে জনোৱা মতে নিয়ন্ত্ৰণ ৰেখাৰ সমীপত অনুপ্ৰৱেশৰ হাৰ নিম্নগামী হৈ আহিছে । ২০১৯ চনত ১৩০ টা অনুপ্ৰৱেশৰ ঘটনা পোহৰলৈ আহিছিল, ২০২০ চনত ৩৬ টা আৰু ২০২১ চনত অনুপ্ৰৱেশৰ ঘটনা ৩১ টালৈ হ্ৰাস হৈছিল ।

লগতে পঢ়ক :ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক গতালে LeTৰ দুই দুৰ্ধৰ্ষ উগ্ৰপন্থী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.