ETV Bharat / bharat

শ্মশানৰ পূজাৰীলৈ কিশোৰী হত্যাৰ সন্দেহৰ আঙুলি - এফএছএল আৰু অপৰাধ শাখা

দেওবাৰে দিল্লী(Delhi)ৰ কেণ্টনমেণ্ট অঞ্চলত এগৰাকী কিশোৰীৰ মৃত্যুক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে । কিশোৰীগৰাকী ধৰ্ষণ(Rape) আৰু হত্যা(Murder)ৰ বলি হোৱাৰ অভিযোগ উত্থাপন কৰিছে পিতৃ-মাতৃয়ে । পৰিয়ালৰ সন্মতি অবিহনে কিশোৰীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰাৰো অভিযোগ উত্থাপিত হৈছে । সমগ্ৰ ঘটনাৰ বাবে কিশোৰীগৰাকীৰ পিতৃ-মাতৃয়ে পুৰণি নাংগল শ্মশানত কৰ্মৰত এগৰাকী পুৰোহিতকে দোষাৰোপ কৰিছে ।

A nine year old girl deadbody found in Delhi
দিল্লীত এগৰাকী কিশোৰীৰ মৃত্যুক লৈ চাঞ্চল্য
author img

By

Published : Aug 2, 2021, 1:09 PM IST

নেশ্যনেল ডেস্ক, ২ আগষ্ট : দিল্লীৰ কেণ্টনমেণ্ট অঞ্চলত দেওবাৰে এগৰাকী ৯ বছৰীয়া কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । কিশোৰীগৰাকীৰ পিতৃ-মাতৃয়ে অভিযোগ উত্থাপন কৰিছে যে, তেওঁলোকৰ কন্যাক ধৰ্ষণ কৰি হত্যা কৰা হৈছে । দিল্লীৰ কেণ্টনমেণ্ট অঞ্চলৰ বাসিন্দা কিশোৰীগৰাকীয়ে দেওবাৰে পানী আনিবলৈ ঘৰৰ পৰা ওলাই গৈছিল । কিন্তু বহু সময় ধৰি কিশোৰীগৰাকী ঘৰলৈ উভতি অহা নাছিল ।

কিছু সময়ৰ পাছত পুৰণি নাংগল শ্মশানত কৰ্মৰত এগৰাকী পুৰোহিতে কিশোৰীগৰাকীৰ পিতৃ-মাতৃক জনায় যে, কিশোৰীগৰাকীৰ মৃত্যু হৈছে । ৱাটাৰকুলাৰৰ পৰা পানী খাবলৈ চেষ্টা কৰোঁতে বিদ্যুৎস্পৃষ্ট হৈ কিশোৰীগৰাকীৰ মৃত্যু হৈছে বুলি পুৰোহিতজনে জনাইছিল । লগতে আৰক্ষীক এই বিষয়ে অৱগত নকৰিবলৈও তেওঁ পিতৃ-মাতৃক সকীয়াই দিছিল । তেওঁ কৈছিল যে, যদি তেওঁলোকে আৰক্ষীক খবৰ দিয়ে, তেন্তে আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ নামত কিশোৰীগৰাকীৰ মৃতদেহ চিকিৎসালয়লৈ লৈ যাব আৰু চিকিৎসালয়ত কিশোৰীগৰাকীৰ দেহৰ অংগ চুৰি কৰি নিয়া হ'ব ।

কেৱল এয়াই নহয়, পৰিয়ালৰ সন্মতি অবিহনে পুৰোহিতজনে পুৰণি নাংগল শ্মশানত কিশোৰীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰাৰো অভিযোগ উত্থাপন কৰিছে পিতৃ-মাতৃয়ে । কিশোৰীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰিবলৈ পুৰোহিতে হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ তুলিছে কিশোৰীগৰাকীৰ পৰিয়ালে । তেওঁলোকে জনোৱা মতে, কিশোৰীগৰাকীৰ শৰীৰত জুয়ে পোৰাৰ চিন আছে ।

কিন্তু এয়া বিদ্যুৎস্পৃষ্ট হোৱাৰ দৰে নহয় । এই সন্দৰ্ভত দক্ষিণ পশ্চিম দিল্লীৰ উপ-আৰক্ষী আয়ুক্ত পিণ্ট প্ৰতাপ সিঙে কয় যে, আৰক্ষীয়ে নিশা প্ৰায় ১০:৩০ বজাত এই বিষয়ে অৱগত হয় আৰু লগে লগে পুৰণি নাংগল গাঁৱৰ শ্মশানত উপস্থিত হয় । কিশোৰীগৰাকীৰ মাতৃৰ অভিযোগৰ ভিত্তিত এক গোচৰ কৰে আৰক্ষীয়ে ।

সম্প্ৰতি শ্মশানখনত কৰ্মৰত পুৰোহিতজনক আৰক্ষীয়ে জিম্মাত লৈছে । আনহাতে, এফএছএল আৰু অপৰাধ শাখাই ইতিমধ্যে ঘটনাস্থলীৰ পৰা নমুনা সংগ্ৰহ কৰিছে বুলিও পিণ্ট প্ৰতাপ সিঙে জানিবলৈ দিছে । কিশোৰীগৰাকীৰ সৈতে প্ৰকৃততে কি হৈছিল সেই কথা আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ।

লগতে পঢ়ক : জম্মু-কাশ্মীৰৰ চাম্বাৰ আকাশত উৰিছে ৪ খন সন্দেহজনক ড্ৰোণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.