ETV Bharat / bharat

হনুমান মন্দিৰৰ বাবে দুই কোটি টকা মূল্যৰ ভূমি দান মুছলমান ব্যক্তিৰ

author img

By

Published : Oct 6, 2022, 9:10 PM IST

বৰ্তমান মানুহে এক ফুট ঠাইৰ বাবে নিজৰ মাজতে খোৱা-কামোৰা লাগি থকাৰ সময়তে কৰ্ণাটকৰ চিক্কামাগালুৰুৰ এগৰাকী বাসিন্দাই চাৰে চাৰি একৰ ভূমি দান কৰি সাম্প্ৰদায়িক সম্প্ৰীতিৰ উদাহৰণ হৈ পৰিছে (Karnataka man become example of communal harmony) ।

Communal harmony
হনুমান মন্দিৰৰ গোশালাৰ বাবে ভূমি দান মুছলমান ব্যক্তিৰ

নিউজ ডেস্ক, ৬ অক্টোবৰ : প্ৰকৃত মানুহ আৰু মানৱতা জীয়াই থকাৰ বাবেই এই ধৰা বাসপযোগী হৈ থকা বুলি কোৱা হয় । বৰ্তমান সময়ত যি এক ধৰ্মীয় অসহিষ্ণুতাৰ পৰিৱেশে বিৰাজ কৰিছে, তাত মানৱীয় প্ৰমূল্যবোধৰ বাৰুকৈয়ে প্ৰয়োজন অনুভৱ হৈছে । সংকীৰ্ণ সাম্প্ৰদায়িক মানসিকতাৰ এটা চামে সমাজত অস্থিৰতা সৃষ্টিৰ বাবে অহৰহ প্ৰচেষ্টা চলাই অহাৰ বিপৰীতে আন একাংশই আকৌ সাম্প্ৰদায়িক সম্প্ৰীতিৰ অনন্য নিদৰ্শন স্থাপন কৰিছে (Communal harmony) ।

তেনে এক সাম্প্ৰদায়িক সম্প্ৰীতিৰ উদাহৰণ হৈ পৰিছে কৰ্ণাটকৰ চিক্কামাগুলুৰুৰ এগৰাকী মুছলিম ব্যক্তি (Karnataka Muslim man showed communal harmony) । এখন কফি দোকানৰ মালিক মহম্মদ নাছিৰে এটা গোশালা, এখন অনাথ আশ্ৰম, বৃদ্ধাশ্ৰম আৰু পঞ্চমুখী অঞ্জনেয়া মন্দিৰ নিৰ্মাণৰ বাবে তেওঁৰ চাৰে চাৰি একৰ মাটি দান কৰিছে (Karnataka Muslim man donated land for goshala) ।

কাদুৰু-মাংগালোৰ ১৭৩ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এই মহা মূল্যৱান মাটিখিনি দান কৰে মহম্মদ নাছিৰে । মাটিখিনিৰ মূল্য প্ৰায় দুই কোটি টকা । মহম্মদ নাছিৰে চিক্কামাগালুৰুৰ স্বামী সমৰ্থ ৰামদাস ট্ৰাষ্টক উক্ত মাটিখিনি দান কৰি নিজৰ উদাৰ মানসিকতা প্ৰদৰ্শন কৰে ।

হনুমান মন্দিৰৰ বাবে দুই কোটি টকা মূল্যৰ ভূমি দান মুছলমান ব্যক্তিৰ

কিন্তু কিয় এই মূল্যৱান মাটিখিনি দানা কৰিলে মহম্মদ নাছিৰে । নাছিৰৰ ভাষাত মাতৃৰ ঋণ পৰিশোধ কৰাটো যেনেদৰে অসম্ভৱ তেনেদৰে তেওঁৰ বাবে গৰুৰ ঋণ পৰিশোধ কৰাটোও অসম্ভৱ (Karnataka Muslim man donated land for Temple) । কিয়নো গো-মূত্ৰই তেওঁৰ মাতৃক জীৱন দান দিছিল । সেয়ে তেওঁ উক্ত ভূমিখিনি ট্ৰাষ্টটোক দান দিয়াৰ স্দ্ধান্ত লয় যাতে তেওঁলোকে সেয়া ভাল কামৰ বাবে ব্যৱহাৰ কৰিব পাৰে ।

মহম্মদ নাছিৰে প্ৰকাশ কৰা মতে তেওঁৰ মাতৃৰ গো-মূত্ৰৰ ওপৰত অশেষ ঋণ আছে । যি ঋণ তেওঁ পৰিশোধ কৰিবলৈ চেষ্টা কৰি আছে, কিন্তু তাৰ উপায় বিচাৰি পোৱা নাছিল (Muslim man donated land for Anjaneya temple) । তেওঁৰ মাতৃ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ সময়ত গো-মূত্ৰ পান কৰি ভাল হৈছিল । সেয়েহে তেওঁ মনত এইটো দৃঢ় বিশ্বাস বান্ধি লয় যে তেওঁ গৰুৰ ঋণ পৰিশোধ কৰিব লাগিব ।

কিন্তুক গৰুক কেনেদৰে এই ঋণ পৰিশোধ কৰিব ? তাৰ বিকল্পৰ সন্ধান আৰম্ভ কৰে নাছিৰে । অৱশেষত তাৰ সমাধান সূত্ৰ তেওঁ লাভ কৰে । তাৰ বাবেই তেওঁ চাৰে চাৰি একৰ মাটি ট্ৰাষ্টটোক এটা গোশালা নিৰ্মাণ কৰিবলৈ দান কৰে । লগতে গোশালা নিৰ্মাণত যিমান সম্ভৱ তেওঁলোকক সহায় কৰিব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে । আনহাতে, তাত গৰু ৰাখিবৰ বাবে যিকোনো কামৰ বাবেও সাজু বুলি কয় মহম্মদ নাছিৰে ।

উল্লেখ্য যে তেওঁ দান কৰা ভূমিখিনিত ইতিমধ্যে পঞ্চমুখী অঞ্জনেয়া মন্দিৰ নিৰ্মাণৰ বাবে পূজা-উপাসনা কৰা হৈছে । অঞ্জনেয়াৰ মূৰ্তি তাত প্ৰতিষ্ঠা কৰা হ'ব । আনহাতে, অঞ্জনেয়াৰ মূৰ্তিটোও নিৰ্মাণ কৰাৰ ইচ্ছা নাছিৰৰ ।

ইফালে নাছিৰৰ এই ঐতিহাসিক কামত স্থানীয় লোকসকলেও প্ৰশংসা কৰিছে । ৰাৱণক মনৰ মাজতে হত্যা কৰি সকলোৱে ৰামৰ প্ৰকাশ হ'ব পাৰে । ট্ৰাষ্টীসকল সুখী যে নাছিৰ সমাজৰ বাবে এক আদৰ্শ । মাটিখিনি ইতিমধ্যে ট্ৰাষ্টৰ নামত পঞ্জীয়ন কৰা হৈছে । সোনকালেই তাত এখন অনাথ আশ্ৰম, এখন বৃদ্ধাশ্ৰম, এখন গুৰুকুল, অঞ্জনেয়া মূৰ্তি আৰু এটা গোশালা নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব । নিশ্চিতভাৱে নাছিৰৰ এই কাম ক্ষয়িষ্ণু হ'ব ধৰা সমাজখনৰ বাবে এক শুভবাৰ্তা । হিন্দু-মুছলমানৰ সমন্বয়ৰ অন্য এক নিদৰ্শন ।

লগতে পঢ়ক :Miraculous escape : দুৰ্ঘটনাৰ 12 ঘণ্টা পিছত মাতৃৰ বুকুত জীৱন্তে উদ্ধাৰ শিশু

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.