নেশ্যনেল ডেস্ক, 28 আগষ্ট: আজৱ দেশৰ গজৱ কাণ্ড ৷ আমি দেশত বহুতো আচৰিত ঘটনাৰ কথা শুনি আহিছো, কিন্তু এই কথা শুনিলে আপোনাৰো চকু কঁপালত উঠিব ৷ মানুহৰ লগত নহয় এইবাৰ কুকুৰৰ লগত যৌন সম্পৰ্ক কৰি হাতে লোটে ধৰা পৰিলে এজন বৃদ্ধ (Old mans unnatural sex with a dog)৷
এই ঘটনা সংঘটিত হৈছে পুনেৰ টাকালকাৰৱাড়ী নামৰ ঠাইত ৷ খেদ নামৰ এজন 65 বছৰীয়া বৃদ্ধ ব্যক্তিয়ে তেওঁৰ ওচৰ চুবুৰীয়াৰ ঘৰত থকা এজনী কুকুৰক উৎপীড়ন চলাই অহাৰ ঘটনাই সকলোকে হতবাক কৰিছে ৷
চুবুৰীয়াৰ ঘৰৰ কুকুৰজনীক প্ৰায়েই তেওঁ বিস্কুট দিয়াৰ চলেৰে ঘৰলৈ মাতি লৈ যায় ৷ পিছত লোকজনে ঘৰৰ ভিতৰলৈ কুকুৰজনীক সুমুৱাই নি যৌন কৰ্মত লিপ্ত হয় ৷ এই কথা প্ৰায়েই ওচৰ চুবুৰীয়াই প্ৰত্যক্ষ কৰিছিল (A 65 year old mans unnatural sex with a dog)৷
অৱশেষত ওচ চুবুৰীয়া যুৱক-যুৱতীসকলে পৰিকল্পনা কৰি ব্যক্তিজনে পুনৰ কুকুৰজনীক মাতি লৈ যাওঁতে ঘৰৰ খিড়িকীৰে অপকৰ্মৰ ভিডিঅ’ ফোনত বন্দী কৰি ৰাখে ৷ ইয়াৰ পিছতেই এই ভিডিঅ’ কুকুৰৰ গৰাকীক এই ভিডিঅ’ দেখুওৱাৰ লগতে অঞ্চলটোত ভাইৰেল কৰি দিয়ে ৷
ইয়াৰ পিছতেই স্থানীয় লোকসকলে এটা বেচৰকাৰী সংগঠনৰ সহায়ত আৰক্ষী থানাত এক অভিযোগ দাখিল কৰিছিল (Police filed case against accused)৷ আৰক্ষীয়ে খেদৰ বিৰুদ্ধে আইপিচি ধাৰা 377 (অপ্ৰাকৃতিক অপৰাধ) আৰু পশুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ আইন 1960 ৰ অধীনত এক গোচৰ ৰুজু কৰিছে ৷
লগতে পঢ়ক: চিপ লগা অৱস্থাত উদ্ধাৰ একেটা পৰিয়ালৰ 6 গৰাকী লোকৰ মৃতদেহ