ETV Bharat / bharat

'মই জয়াললিতাৰ ভাতৃ': উচ্চ ন্যায়ালয়ত জয়াললিতাৰ সম্পত্তিৰ ভাগ বিচাৰি আবেদন এজনৰ - Heir to Jayalalithaas property

উচ্চ ন্যায়ালয়ত নিজকে জয়াললিতাৰ ভাতৃ বুলি দাবী কৰিলে মহীশূৰৰ ৮৩ বছৰীয়া বাসুদেৱনে (Basudevan claims to be brother of Jayalalitha)। ভাতৃ হিচাপে জয়াললিতাৰ সম্পত্তিৰ ৫০ শতাংশ বিচাৰি ন্যায়ালয়ত আবেদন জনালে বাসুদেৱনে ।

Jayalalitha
উচ্চ ন্যায়ালয়ত জয়াললিতাৰ সম্পত্তিৰ ভাগ বিচাৰি আবেদন এজনৰ
author img

By

Published : Jul 10, 2022, 8:04 PM IST

নেশ্যনেল ডেস্ক, ১০ জুলাই : তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জয়াললিতা সমগ্ৰ ভাৰততে অতি জনপ্ৰিয় আছিল (Ex Cm of Tamil Nadu Jayalalitha)। এগৰাকী অভিনেত্ৰী হিচাপেও তেওঁ জনপ্ৰিয়তা যথেষ্ট আছিল । সেয়েহে হয়টো তেওঁৰ মৃত্যুৰ পাছতো বহুতে নিজকে জয়াললিতাৰ অনুগামী বুলি দাবী কৰি আহিছে । কেৱল এয়াই নহয় তেওঁ বিশাল সম্পত্তিৰ বাবেও বহুতে নিজকে তেওঁ উত্তৰাধিকাৰী বুলি দাবী কৰি আহিছে ।

এইবাৰ আন এগৰাকী ব্যক্তিয়ে নিজকে জয়াললিতাৰ ভাতৃ বুলি দাবী কৰিছে মাদ্ৰাজ উচ্চ ন্যায়ালয়ত (Basudevan claims to be brother of Jayalalitha)। ভাতৃ হিচাপে জয়াললিতাৰ সম্পত্তিৰ ৫০ শতাংশ বিচাৰি ন্যায়ালয়ত আবেদন জনালে ব্যক্তিগৰাকীয়ে । ব্যক্তিগৰাকী কৰ্ণাটকৰ মহীশূৰৰ ব্যাসৰপুৰমৰ ৮৩ বছৰীয়া বাসুদেৱন ।

বাসুদেৱনে আদালতত দাখিল কৰা এক আৱেদনত দাবী কৰিছে যে জয়াললিতাৰ পিতৃ আৰ. জয়ৰাম তেওঁৰো পিতৃ আছিল । জয়ৰামৰ প্ৰথমা পত্নী জে. জয়ম্মাৰ একমাত্ৰ পুত্ৰ আৰু তেওঁলোকৰ একমাত্ৰ উত্তৰাধিকাৰী বুলি দাবী কৰিছে বাসুদেৱনে (Heir to Jayalalithaa's property)।

বাসুদেৱনে উল্লেখ কৰা মতে, পিতৃ জয়ৰামে দ্বিতীয়বাৰৰ বাবে বেদাৱল্লী ওৰফে বেদম্মাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল । জয়কুমাৰ আৰু জয়াললিতা তেওঁলোকৰ সন্তান আছিল । ১৯৫০ চনত, যেতিয়া তেওঁৰ মাতৃ জয়ম্মাই মহীশূৰ আদালতত বিবাহ বিচ্ছেদ হোৱা স্বামীৰ পৰা আৰ্থিক সহায়ৰ বাবে আবেদন জনাইছিল, তেতিয়া তেওঁৰ পিতৃৰ দ্বিতীয়া পত্নী বেদাৱল্লী, জয়কুমাৰ আৰু জয়াললিতাক সেই গোচৰত উত্তৰদাতা হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল । পাছত, সেই গোচৰটো এক মীমাংসাত সমাপ্ত হৈছিল ।

ইফালে জয়াললিতাৰ পূৰ্বে ভাতৃ জয়কুমাৰৰ মৃত্যু হৈছিল । গতিকে বাসুদেৱনে দাবী কৰা মতে ভাতৃ হিচাপে তেওঁ জয়াললিতাৰ প্ৰত্যক্ষ উত্তৰাধিকাৰী । সেয়েহে, জয়াললিতাৰ ৫০ শতাংশ সম্পত্তি তেওঁ দিয়া উচিত বুলিও তেওঁ উল্লেখ কৰে ।

লক্ষণীয়ভাৱে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে ২০২০ চনত ৰায় প্ৰদান কৰিছিল য'ত কোৱা হৈছিল যে জে দীপক আৰু জে দীপা জয়াললিতাৰ একমাত্ৰ উত্তৰাধিকাৰী । উত্তৰাধিকাৰীৰ তালিকাত তেওঁকো অন্তৰ্ভুক্ত কৰি ৰায়টো সংশোধন কৰা উচিত বুলিও দাবী কৰে বাসুদেৱনে ।

মন কৰিব লগীয়া যে কৰ্ণাটকৰ অম্ৰুথাই অভিনেতা শোবানবাবু আৰু জয়াললিতাৰ কন্যা বুলি দাবী কৰি এক গোচৰ ৰুজু কৰিছিল । কিন্তু উচ্চ ন্যায়ালয়ে পৰৱৰ্তী সময়ত ২০১৮ চনত গোচৰটো খাৰিজ কৰি কৈছিল যে এয়া মিছা গোচৰ ।

লগতে পঢ়ক :দেশবাসীক ঈদৰ শুভেচ্ছা ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.