ETV Bharat / bharat

স্বাধীনতাৰ ৭৫ বছৰ : বৰহাথ পৰিয়ালৰ ত্যাগৰ অমৰ কাহিনী - লৰ্ড হাৰ্ডিঙৰ বিশাল সমদলত বোমা নিক্ষেপ

ৰাজস্থানৰ বৰহাথ পৰিয়ালে ব্ৰিটিছক ভাৰতৰ পৰা খেদি পঠিয়াবলৈ বিপ্লৱৰ পথত খোজ দিছিল । এয়া হৈছে এগৰাকী পিতৃ, পুত্ৰ আৰু ভাতৃৰ কাহিনী যিয়ে ৰাজস্থান আৰু মধ্য প্ৰদেশৰ কেতবোৰ স্থানত ৰাইজৰ মাজত বিপ্লৱী সত্ত্বা জগাই তুলিবলৈ লোকগীত পৰিৱেশন কৰিছিল । লগতে ব্ৰিটিছৰ বিৰুদ্ধে নিজৰ স্থিতি স্পষ্ট কৰি বিভিন্ন কাৰ্য সংঘটিত কৰিছিল আৰু বিপ্লৱৰ বীজ ৰোপণ কৰিছিল । গোটেই পৰিয়ালটোৱে ভাৰতৰ স্বাধীনতাৰ কাৰণে তেওঁলোকৰ জীৱন উৎসৰ্গা কৰিছিল । ভাৰতৰ স্বাধীনতাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা বিপ্লৱী পৰিয়ালটোলৈ ইটিভি ভাৰতৰ তৰফৰ পৰাও জনাইছো শ্ৰদ্ধাঞ্জলি ।

Story of Barhath family
ৰাজস্থানৰ বৰহাথ পৰিয়ালৰ কাহিনী
author img

By

Published : Oct 23, 2021, 6:07 AM IST

নেশ্যনেল ডেস্ক, 23 অক্টোবৰ : বিপ্লৱী কেশৰী সিং বৰহাথ আৰু তেওঁৰ পৰিয়ালৰ বীৰত্বৰ কাহিনী প্ৰতিধ্বনিত হয় ভক্তি আৰু ত্যাগৰ অমৰ ভূমি শ্বাহপুৰাৰ চুকে-কোণে । শ্বাহপুৰা ৰাজস্থানৰ ভিলৱাৰা জিলাত অৱস্থিত । শ্বাহপুৰাত থকা এটা সংগ্ৰহালয়ত কেশৰী সিং, ভাতৃ জোৰাৱৰ সিং আৰু পুত্ৰ প্ৰতাপ সিং বৰহাথৰ গৌৰৱময় কাহিনী সুন্দৰ ৰূপত প্ৰদৰ্শিত কৰা হৈছে । কেশৰী সিঙৰ পাগুৰি এতিয়াও সংৰক্ষণ কৰা হৈছে সংগ্ৰহালয়টোত ।

কেশৰী সিং বৰহাথৰ জন্ম হৈছিল ১৮৭২ চনৰ ২১ নৱেম্বৰত । তেওঁ শ্বাহপুৰা অঞ্চলৰ দেৱ খেদাৰ মহাজন আছিল । তেওঁ যুৱকসকলৰ মাজত বিপ্লৱৰ জুই জ্বলাইছিল । তেওঁৰ গোটেই পৰিয়ালটোৱে ভাৰতৰ স্বাধীনতা আন্দোলনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

স্বাধীনতা আন্দোলনৰ ৰণনীতি প্ৰস্তুত কৰিবলৈ গোপন বৈঠক অনুষ্ঠিত হৈছিল কেশৰী সিং বৰহাথৰ ঘৰত । মহাত্মা গান্ধীৰ প্ৰতিও সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছিল কেশৰী সিং বৰহাথে ।

বৰহাথ পৰিয়ালৰ ত্যাগৰ অমৰ কাহিনী

কেশৰী সিঙে তেওঁৰ ঐতিহাসিক ৰচনা চেতৱানী ৰা চুংগাত্যৰ জৰিয়তে দেশবাসীৰ মাজত বিপ্লৱৰ শিঙা বজাইছিল । ১৯১২ চনৰ ২৩ ডিচেম্বৰত দিল্লীৰ চান্দনী চ’কত লৰ্ড হাৰ্ডিঙৰ বিশাল সমদলত বোমা নিক্ষেপ কৰিছিল কেশৰী সিং বৰহাথৰ কনিষ্ঠ ভাতৃ জোৰাৱৰ সিং বৰহাথে । সেই সময়ত প্ৰতাপ সিং বৰহাথো জোৰাৱৰ সিং বৰহাথৰ লগত আছিল । স্বাধীনতাৰ বাৰ্তা প্ৰচাৰ কৰিবলৈ মধ্য প্ৰদেশৰ মালৱা আৰু ৰাজস্থানৰ বিভিন্ন স্থানত প্ৰায় ২৭ বছৰ ভ্ৰমণ কৰিছিল জোৰাৱৰ সিঙে ।

১৯৩৯ চনৰ ১৭ অক্টোবৰত তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে । কেশৰী সিং বৰাহাথৰ পুত্ৰ প্ৰতাপ সিং বৰাহাথেও দেশৰ স্বাধীনতাৰ বাবে উৎসৰ্গা কৰিছিল নিজৰ জীৱন । প্ৰতাপ সিং বৰহাথৰ জন্ম হৈছিল ১৮৯৩ চনৰ ২৪ মে'ত । ১৯১২ চনত লৰ্ড হাৰ্ডিঙৰ সমদলত বোমা নিক্ষেপ কৰাৰ সময়ত খুড়াকৰ সৈতে তেওঁ আছিল আৰু এই ঘটনাৰ বাবেই ২৫ বছৰ বয়সত ১৯১৮ চনৰ ২৪ মে'ত প্ৰতাপ সিং বৰহাথ শ্বহীদ হয় ।

কেশৰী সিং বৰহাথৰ নাতিনী সৰলা কানৱাৰে কয় যে, তেওঁ পূৰ্বপুৰুষক লৈ গৌৰৱান্বিত । তেওঁ নিজেও শ্বহীদ প্ৰতাপ সিং বৰহাথ সংস্থাৰ সৈতে জড়িত । ভাৰতীয় স্বাধীনতা আন্দোলনৰ ইতিহাসত বৰহাথ পৰিয়ালে যে এক উল্লেখযোগ্য ভূমিকা পালন কৰিছিল তাত কোনো সন্দেহ নাই । ভাৰতক ব্ৰিটিছৰ কবলৰ পৰা মুক্ত কৰিবলৈ পৰিয়ালটোৰ ত্যাগ, শ্ৰদ্ধা আৰু সংকল্পৰ কথা শুনিলে মানুহে গৌৰৱ অনুভৱ কৰে ।

লগতে চাওক: ভাৰতত ১০০ কোটি লোকৰ ক'ভিড-১৯ টীকাকৰণ সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.