ETV Bharat / bharat

J&K Youth in militant : বিগত চাৰি বছৰত জম্মু-কাশ্মীৰৰ ৭০০ যুৱকক সন্ত্ৰাসবাদী সংগঠনত ভৰ্তি !

author img

By

Published : Jul 10, 2022, 10:49 PM IST

দেওবাৰে কেন্দ্ৰীয় গৃহ বিভাগৰ এক সূত্ৰই জনোৱা মতে, জম্মু-কাশ্মীৰৰ উগ্ৰ-ইছলামিক গোটসমূহে বিগত চাৰি বছৰত অঞ্চলটোৰ পৰা ৭০০ যুৱকক নিযুক্তি দিছে(700 local youths recruited by the terror organization) । গৃহ বিভাগৰ পৰিসংখ্যা অনুসৰি ৫ জুলাইলৈকে জম্মু কাশ্মীৰত ৮২ জন বিদেশী সন্ত্ৰাসবাদী আৰু ৫৯ জন স্থানীয় উগ্ৰপন্থী কৰ্মৰত আছিল ।

700-local-youths-recruited-by-terror-groups-in-jammu-kashmir-in-last-4-years
বিগত চাৰি বছৰত জম্মু-কাশ্মীৰৰ ৭০০ যুৱকক সন্ত্ৰাসবাদী সংগঠনৰ নিযুক্তি প্ৰদান

নেশ্যনেল ডেস্ক, 10 জুলাই : কেন্দ্ৰীয় গৃহ বিভাগৰ এক সূত্ৰত প্ৰকাশ পাইছে চাঞ্চল্যকৰ তথ্য ৷ সূত্ৰটোৰ মতে, বিগত চাৰি বছৰত জম্মু-কাশ্মীৰৰ ৭০০ যুৱক বিভিন্ন সন্ত্ৰাসবাদী সংগঠনত ভৰ্তি হৈছে (700 local youths recruited by the terror organization) ৷ ইয়াৰে ১৪১ জন বিদেশী সন্ত্ৰাসবাদী বৰ্তমান কেন্দ্ৰীয় শাসিত অঞ্চলত সক্ৰিয় হৈ আছে (141 foreign militants currently active in JK) । জম্মু-কাশ্মীৰত বৃহৎ সংখ্যক সন্ত্ৰাসবাদীৰ উপস্থিতিয়ে সীমান্তৰ সিপাৰে সন্ত্ৰাসবাদী লঞ্চ পেডৰ পৰা অবিৰত অনুপ্ৰৱেশৰ ইংগিত প্ৰদান কৰে ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ পৰিসংখ্যা অনুসৰি ২০২২ চনৰ ৫ জুলাইলৈকে জম্মু-কাশ্মীৰত ৮২ জন বিদেশী সন্ত্ৰাসবাদীয়ে (82 foreign terrorists were operating in J&K) কাৰ্যকলাপ চলাই থকাৰ বিপৰীতে ৫৯ জন সক্ৰিয় স্থানীয় সন্ত্ৰাসবাদী আছিল । তথ্য মতে, সন্ত্ৰাসবাদীকেইটাৰ অধিকাংশই লস্কৰ-ই-তৈবা, দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট, জয়ছ-ই-মহম্মদ আৰু হিজবুল মুজাহিদীনৰ দৰে সংগঠনৰ পৰা অহা বুলি জানিব পৰা গৈছে ।

বিভিন্ন সন্ত্ৰাসবাদী সংগঠনে জম্মু-কাশ্মীৰত ২০১৮ চনত ১৮৭ জন, ২০১৯ চনত ১২১ জন, ২০২০ চনত ১৮১ জন আৰু ২০২১ চনত ১৪২ জনৰ সৈতে মুঠ ৭০০ জন স্থানীয় যুৱকক অন্তৰ্ভুক্ত কৰিছে । চলিত বৰ্ষৰ পৰা এই পৰ্যন্ত ৫৫টা এনকাউণ্টাৰত নিৰাপত্তা বাহিনীয়ে ১২৫ জন সন্ত্ৰাসবাদীক নিৰ্মূল কৰিছে । ইয়াৰে ৯১ জন স্থানীয় আৰু ৩৪ জন বিদেশী বুলি জানিব পৰা গৈছে ।

তদুপৰি, এই এনকাউণ্টাৰত ১২৩ জন সন্ত্ৰাসবাদীক আটক কৰাৰ লগতে তেওঁলোকৰ হাতত পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হয় । তথ্য অনুসৰি ২০২১ চনত জম্মু-কাশ্মীৰত ১৭২ জন, ২০২০ চনত ২৫১ জন, ২০১৯ চনত ১৪৮ জন আৰু ২০১৮ চনত ১৮৫ জন সন্ত্ৰাসবাদীক আটক কৰা হৈছিল । চলিত বৰ্ষত এতিয়ালৈকে সন্ত্ৰাসবাদী কাণ্ডত ইতিমধ্যে দুজন নিৰাপত্তাৰক্ষীয়ে প্ৰাণ হেৰুৱাইছে লগতে ২৩ জন আহত হৈছে ৷ জম্মু-কাশ্মীৰত চলিত বৰ্ষত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাত মুঠ ২ জন লোক নিহত হৈছে ।

জম্মু-কাশ্মীৰত চলিত বৰ্ষত ৮ টা গ্ৰেনেড আক্ৰমণৰ ঘটনা সংঘটিত হৈছে । তথ্য অনুসৰি ২০২১ চনত জম্মু-কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী কাণ্ডত ১৪৬ জন সন্ত্ৰাসবাদী, তিনিজন নিৰাপত্তাৰক্ষী আৰু ৪১ জন সাধাৰণ নাগৰিক নিহত হৈছিল ৷

২০২০ চনত ২১৫ জন সন্ত্ৰাসবাদী, ১৯ জন নিৰাপত্তাৰক্ষী আৰু ৩৮ জন সাধাৰণ নাগৰিক নিহত হৈছিল ৷ ২০১৯ চনত ১৪৮ জন সন্ত্ৰাসবাদী, ৪৯ জন নিৰাপত্তাৰক্ষী আৰু ৪৬ জন সাধাৰণ নাগৰিক নিহত হৈছিল ৷ ২০১৮ চনত ১৮৫ জন সন্ত্ৰাসবাদী, ৭ জন নিৰাপত্তাৰক্ষী আৰু নিহত হৈছিল ৭২ জন সাধাৰণ নাগৰিক । ২০২১ চনত সন্ত্ৰাসবাদী কাণ্ডত মুঠ ৬৩ জন, ২০২০ চনত ১৬৫ জন, ২০১৯ চনত ৩৭৬ জন আৰু ২০১৮ চনত ৭৬৫ জন নিৰাপত্তাৰক্ষী আহত হৈছিল ।

লগতে পঢ়ক : ভাৰতত অনুপ্ৰৱেশৰ বাবে সাজু হৈ আছে ২০০ ৰো অধিক সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.