নেশ্যনেল ডেস্ক, 24 নৱেম্বৰঃ দিল্লীৰ বিকাশপুৰীত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা ৷ বাইকেৰে অহা দুই অচিনাক্ত দুৰ্বৃত্তই গুলিয়াই হত্যা কৰে 70 বৰ্ষীয় এজন লোকক ৷ নিহত লোকজন বিকাশপুৰীৰ অট্টম সিঙ বুলি জানিব পৰা গৈছে ৷ সোমবাৰে বিয়লি 5.20 বজাত আৰক্ষীয়ে বিকাশপুৰীৰ হাউচ নম্বৰ-358 ৰ সন্মুখত গুলিচালনাৰ তথ্য লাভ কৰে ৷ ইয়াৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ লোক ৷
বিকাশপুৰী আৰক্ষীৰ সহকাৰী আৰক্ষী আয়ুক্ত দীপক পুৰোহিতে কয় "সিঙক ততাতৈয়াকৈ আউটাৰ ৰিং ৰোডৰ ছেহগাল হাস্পতাললৈ প্ৰেৰণ কৰা হয়; য’ত তেখেতক চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷ বুলেটে তেখেতৰ মূৰত আঘাত কৰে ৷ ঘটনাৰ সময়ত দুজন হেলমেট পৰিহিত ব্যক্তি সিঙৰ বাসগৃহৰ সন্মুখতে ৰৈ আছিল ৷ যেতিয়া সিঙে নিজ বাহনৰ পৰা ওলায় সেই সময়তেই ব্যক্তি দুজনে তেখেতৰ ওপৰত গুলিচালনা কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷"
আনহাতে, তেখেতৰ মৰণোত্তৰ পৰীক্ষা মঙলবাৰে দীনদয়াল হাস্পতালত সম্পন্ন কৰা হয় ৷ উল্লেখ্য যে, প্ৰায় 28 বছৰ পূৰ্বে আফগানিস্তানৰ পৰা ভাৰতলৈ আহিছিল অট্টম সিং ৷ সম্প্ৰতি সমগ্ৰ ঘটনা ধাৰা 302(হত্যা) ধাৰা 34(সাধাৰণ উদ্দেশ্য) আৰু অস্ত্ৰ আইনৰ অধীনত বিকাশপুৰী আৰক্ষী চকীত এক গোচৰ ৰুজু কৰা হৈছে ৷
লগতে পঢ়ক-মানাহ ৰাষ্ট্ৰীয় উদ্যান অসম,ৰয়েল মানাহ ৰাষ্ট্ৰীয় উদ্যান ভূটানলৈ ‘TX2 Conservation Excellence’ বঁটা