ETV Bharat / bharat

তেলেংগানাত শোকাৱহ পথ দুৰ্ঘটনাঃ নিহত 7, আহত 13

তেলেংগানাৰ নালগোণ্ডাত শোকাৱহ পথ দুৰ্ঘটনা ৷ অ‘টৰিক্সা আৰু এখন ল‘ৰিৰ মাজত হোৱা সংঘৰ্ষত নিহত হয় 7গৰাকী লোক ৷ আনহাতে দুৰ্ঘটনাটোত আহত হয় 13 গৰাকী লোক ৷

7 killed, 13 injured in Nalgonda road accident
তেলেংগানাত শোকাৱহ পথ দুৰ্ঘটনাঃ নিহত 7, আহত 13
author img

By

Published : Jan 21, 2021, 10:36 PM IST

নিউজ ডেস্ক, 21 জানুৱাৰী : তেলেংগানাৰ নালগোণ্ডা জিলাত বৃহস্পতিবাৰে সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা ৷ জিলাখনৰ পি. এ. পল্লী মণ্ডলত 20 গৰাকী যাত্ৰী কঢ়িয়াই অনা এখন অ‘টৰিক্সাৰ বিপৰিত দিশৰ পৰা আহি থকা এখন ল‘ৰিৰ সৈতে সংঘৰ্ষ হোৱাত সংঘটিত হয় দুৰ্ঘটনাটো ৷

উক্ত শোকাৱহ পথ দুৰ্ঘটনাত অ‘টৰিক্সাখনত থকা সাত গৰাকী লোক থিতাতে নিহত হয় ৷ আনহাতে দুৰ্ঘটনাটোত আহত হয় 13 গৰাকী লোক ৷ প্ৰাপ্ত খবৰ অনুসৰি অ‘টৰিক্সাখনত থকা আটাইকেইজন লোক দিন হাজিৰা কৰা লোক আছিল ৷ আটাইকেইজন লোক চিন্তালাভাৱী গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷

ভয়ংকৰ দুৰ্ঘটনাৰ পাছতে আহত আটাইকেইজন লোকক ডেভাৰকুণ্ডা চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ আহত সকলৰ কেবাজনো লোকৰ অৱস্থা সংকটজনক হোৱাৰ প্ৰতি লক্ষ্য কৰি মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰো আশংকা কৰা হৈছে ৷ দুৰ্ঘটনাৰ পাছতে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ঘটনাৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : ২০২০ চনত বৃহৎ সফলতা অৰ্জন চিআৰপিএফৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.