ETV Bharat / bharat

Islamic militants attack in Nigeria: নাইজেৰিয়াৰ কাৰাগাৰৰ পৰা পলায়ন ৪০০ কয়েদীৰ

নাইজেৰিয়াৰ ৰাজধানী আবুজাৰ কাৰাগাৰত ইছলামিক সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলোৱাত ৪০০ তকৈও অধিক বন্দী সন্ধানহীন হৈ আছে (400 prisoners missing in Nigerias capital Abuja)। এই বিষয়ে কাৰাগাৰৰ বিষয়াসকলে সদৰি কৰিছে । বিষয়াসকলে জনোৱা অনুসৰি মঙলবাৰে নিশা কাৰাগাৰলৈ লক্ষ্য কৰি ইছলামী সন্ত্ৰাসবাদীসকলে আক্ৰমণ চলোৱাৰ পিছত চাৰিজন কয়েদী, এজন নিৰাপত্তাৰক্ষী আৰু কেইবাজনো আক্ৰমণকাৰী নিহত হয়।

author img

By

Published : Jul 7, 2022, 1:39 PM IST

attack
নাইজেৰিয়া কাৰাগাৰৰ পৰা পলায়ণ ৪০০ কয়েদীৰ

নেচনেল ডেস্ক,৭ জুলাই: নাইজেৰিয়াৰ ৰাজধানী আবুজাৰ কাৰাগাৰত ইছলামিক সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলোৱাত ৪০০ তকৈও অধিক বন্দী সন্ধানহীন হৈ আছে (400 prisoners missing in Nigerias capital Abuja)। এই বিষয়ে কাৰাগাৰৰ বিষয়াসকলে সদৰি কৰিছে । বিষয়াসকলে জনোৱা অনুসৰি মঙলবাৰে নিশা কাৰাগাৰলৈ লক্ষ্য কৰি ইছলামিক সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলোৱাৰ পিছত চাৰিজন কয়েদী, এজন নিৰাপত্তাৰক্ষী আৰু কেইবাজনো আক্ৰমণকাৰী নিহত হয়।

এই ঘটনাৰ পাছৰে পৰাই কেইবাজনো জেহাদীয়ে পলায়ন কৰা বুলি সন্দেহ কৰিছে কাৰাগাৰৰ বিষয়াসকলে । মঙলবাৰে নিশা আক্ৰমণটো সংঘটিত হোৱাৰ সময়ত ৰাজধানীৰ ঠিক বাহিৰত থকা কুজে মধ্যম-সুৰক্ষা কাৰাগাৰৰ ওচৰত প্ৰচণ্ড বিস্ফোৰণ আৰু গুলীচালনাৰ শব্দ শুনা গৈছিল ।

'প্ৰথম বিস্ফোৰণটো গুলীচালনাৰ পিছত হৈছিল । তাৰ পিছত দ্বিতীয়টো শব্দ হ'ল আৰু তাৰ পিছত তৃতীয়টো ।' নাইজেৰিয়াৰ সংশোধনী সেৱাই ঘটনা সন্দৰ্ভত এইদৰে কয় । আক্ৰমণৰ সময়ত সন্দেহযুক্ত উগ্ৰপন্থী আৰু কাৰাগাৰত বন্দী ৰাজনীতিবিদকে ধৰি কেইবাজনো হাই প্ৰফাইল বন্দী আছিল । কিন্তু সংশোধনী সেৱাই উল্লেখ কৰে যে কাৰাগাৰত থকা জ্যেষ্ঠ বিষয়াসকল পলাই যোৱা সকলৰ মাজত নাই । বিষয়াসকলে জনোৱা অনুসৰি আক্ৰমণটো সংঘটিত হোৱাৰ সময়ত প্ৰায় ১,০০০ বন্দী আছিল । তেওঁলোকৰ প্ৰায় সকলোৱে প্ৰথমতে পলাই গৈছিল যদিও ৪৪৩ জনক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে ।

ইপিনে, প্ৰতিৰক্ষা মন্ত্ৰী বছিৰ মাগাছিয়ে কয় যে উক্ত আক্ৰমণটো সন্ত্ৰাসবাদী গোট বকো হাৰামে সংঘটিত কৰিছে (Defence Minister Bashir Magashi told Boko Haram connected in incident)। সেই সুযোগতেই ৬৪ জনে কাৰাগাৰৰ পৰা পলাই গৈছিল । নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি মুহাম্মাদু বুহাৰীয়ে এই আক্ৰমণৰ বাবে দেশখনৰ নিৰাপত্তা বাহিনীৰ চোৰাংচোৱা ব্যৱস্থাৰ বিফলতাক দোষাৰোপ কৰিছে (Nigerias President Muhammadu Buhari speak on the incident)। তেওঁ কাৰাগাৰৰ নিৰাপত্তাৰ স্তৰৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰি এই সন্দৰ্ভত এক প্ৰতিবেদন কাৰাগাৰৰ বিষয়াৰ পৰা দাবী কৰিছে ।

আনহাতে, ইছলামিক ষ্টেটে (Islamic State group) দহজন কয়েদীক মুক্ত কৰা কথা স্বীকাৰ কৰিছে । উল্লেখ্য় যে ইছলামিক ষ্টেটে পশ্চিম আফ্ৰিকাত আইএছএপি নামেৰে কাম কৰে আৰু বকো হাৰামৰ সৈতে সম্পৰ্ক আছে । আইএছএপিইপি ২০১৬ চনত বকো হাৰামৰ পৰা বিচ্ছিন্ন হৈছিল । অৱশ্য়ে কেতিয়াবা কিছুমান বিষয়া আৰু স্থানীয় লোকে দুয়োটা গোটৰ যিকোনো এটাক বুজাবলৈ বকো হাৰামক ব্যৱহাৰ কৰি আহিছে । উল্লেখ্য় যে ২০২০ চনৰ পৰা নাইজেৰিয়াত কাৰাগাৰৰ বিৰতিৰ সময়ত ৫,০০০ তকৈও অধিক কয়েদী পলাই গৈছে।

লগতে পঢ়ক:Bihar Professor Gandhigiri: শিক্ষাৰ্থী নাই বাবে অধ্যাপকে উভতাই দিলে দৰমহা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.